--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চ’ছিয়েল ইনফ্লুৱেঞ্চাৰ। সামাজিক মাধ্যমত বহুতো অনৰাগী থকা আৰু অনুৰাগীসকলৰ ওপৰত প্ৰভাৱ পেলোৱা লোকক এই অভিধাৰে জনা যায়। শেহতীয়াকৈ তীব্ৰ জনপ্ৰিয় হৈ পৰিছে চ’ছিয়েল ইনফ্লুৱেঞ্চাৰসকল। বহুতে ইয়াক পেছা হিচাপেও গ্ৰহণ কৰিছে।

বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমতো অন্তৰ্ভূক্ত হৈছে চ’ছিয়েল ইফ্লুৱেঞ্চাৰৰ বিষয়। আয়াৰলেণ্ডৰ কাৰ্লো চাউথ ইষ্ট টেকন’লজিকেল ইউনিভাৰ্চিটিয়ে প্ৰভাৱশালী হোৱাৰ ক্ষেত্ৰত পাঠদান কৰিব। চলিত বৰ্ষৰ নৱেম্বৰৰ পৰা এই পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আৱেদন কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীয়ে। কেৱল সেয়াই নহয়, পাঠ্যক্ৰমৰ শেষত ‘কন্টেন্ট ক্ৰিয়েচন এণ্ড ছ’চিয়েল মিডিয়াত কলা স্নাতক’ৰ ডিগ্ৰীও উপলব্ধ হ’ব।

নতুন নতুন বিষয়ৰ জ্ঞান থাকিলেও বহুতৰে সাধাৰণ মানুহৰ মনলৈ কেনেকৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব পাৰি তাৰ সঠিক ধাৰণা নাথাকে। প্ৰভাৱশালী হোৱাটো কেৱল এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত জ্ঞান থকাটোৱেই নহয়। প্ৰযুক্তিৰ পৰ্যাপ্ত দখলও থাকিব লাগে। লগতে পেকেজিং, জনসংযোগ, বিপণন আৰু সংবাদ মাধ্যমৰ দক্ষতা থাকিব লাগিব। এই ডিগ্ৰী পাঠ্যক্ৰমৰ পাঠ্যক্ৰম ক্ৰিয়েটিভ ভিডিঅ’, অডিঅ’, ফটোগ্ৰাফী, ইভেণ্ট মেনেজমেণ্ট, চাইক’লজি, ডাটা এনালাইটিক্স আৰু প’ডকাষ্টিঙৰ দৰে বিষয়ৰে গঠিত।

প্ৰতিষ্ঠানটোৰ হৈ এলিন’ৰ অ’লিয়াৰীয়ে কয় যে যিসকলে বিগত চাৰি বছৰ ধৰি এই ক্ষেত্ৰত সফলতাৰে কাম কৰি আহিছে তেওঁলোক শিক্ষকতাৰ সৈতে জড়িত হ’ব। অৱশ্যে এই তিনি বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰমত অধ্যয়নৰ খৰচৰ কথা এতিয়াও ঘোষণা কৰা নাই বিশ্ববিদ্যালয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন