--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চ’ছিয়েল ইনফ্লুৱেঞ্চাৰ। সামাজিক মাধ্যমত বহুতো অনৰাগী থকা আৰু অনুৰাগীসকলৰ ওপৰত প্ৰভাৱ পেলোৱা লোকক এই অভিধাৰে জনা যায়। শেহতীয়াকৈ তীব্ৰ জনপ্ৰিয় হৈ পৰিছে চ’ছিয়েল ইনফ্লুৱেঞ্চাৰসকল। বহুতে ইয়াক পেছা হিচাপেও গ্ৰহণ কৰিছে।

বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমতো অন্তৰ্ভূক্ত হৈছে চ’ছিয়েল ইফ্লুৱেঞ্চাৰৰ বিষয়। আয়াৰলেণ্ডৰ কাৰ্লো চাউথ ইষ্ট টেকন’লজিকেল ইউনিভাৰ্চিটিয়ে প্ৰভাৱশালী হোৱাৰ ক্ষেত্ৰত পাঠদান কৰিব। চলিত বৰ্ষৰ নৱেম্বৰৰ পৰা এই পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আৱেদন কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীয়ে। কেৱল সেয়াই নহয়, পাঠ্যক্ৰমৰ শেষত ‘কন্টেন্ট ক্ৰিয়েচন এণ্ড ছ’চিয়েল মিডিয়াত কলা স্নাতক’ৰ ডিগ্ৰীও উপলব্ধ হ’ব।

নতুন নতুন বিষয়ৰ জ্ঞান থাকিলেও বহুতৰে সাধাৰণ মানুহৰ মনলৈ কেনেকৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব পাৰি তাৰ সঠিক ধাৰণা নাথাকে। প্ৰভাৱশালী হোৱাটো কেৱল এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত জ্ঞান থকাটোৱেই নহয়। প্ৰযুক্তিৰ পৰ্যাপ্ত দখলও থাকিব লাগে। লগতে পেকেজিং, জনসংযোগ, বিপণন আৰু সংবাদ মাধ্যমৰ দক্ষতা থাকিব লাগিব। এই ডিগ্ৰী পাঠ্যক্ৰমৰ পাঠ্যক্ৰম ক্ৰিয়েটিভ ভিডিঅ’, অডিঅ’, ফটোগ্ৰাফী, ইভেণ্ট মেনেজমেণ্ট, চাইক’লজি, ডাটা এনালাইটিক্স আৰু প’ডকাষ্টিঙৰ দৰে বিষয়ৰে গঠিত।

প্ৰতিষ্ঠানটোৰ হৈ এলিন’ৰ অ’লিয়াৰীয়ে কয় যে যিসকলে বিগত চাৰি বছৰ ধৰি এই ক্ষেত্ৰত সফলতাৰে কাম কৰি আহিছে তেওঁলোক শিক্ষকতাৰ সৈতে জড়িত হ’ব। অৱশ্যে এই তিনি বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰমত অধ্যয়নৰ খৰচৰ কথা এতিয়াও ঘোষণা কৰা নাই বিশ্ববিদ্যালয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি