--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খালিস্তানী নেতাৰ হত্যাকলৈ ভাৰত-কানাডাৰ সম্পৰ্কত ফাঁট মেলিছে৷ কানাডাৰ প্ৰতিৰক্ষা মন্ত্ৰী বিল ব্লেয়াৰে কানাডিয়ানসকলৰ বাবে ভিছা সেৱা স্থগিত ৰখাকে ধৰি ভাৰতে গ্ৰহণ কৰা পদক্ষেপসমূহকলৈ উদ্বেগ ব্যক্ত কৰিছে। তেওঁ নতুন দিল্লীক সত্য উন্মোচন কৰিবলৈ আৰু ইয়াক উপযুক্ত উপায়েৰে সমাধান কৰি  শিখ বিচ্ছিন্নতাবাদী নেতাৰ হত্যাৰ তদন্তত সম্পূৰ্ণ সহযোগিতা কৰিবলৈ আহ্বান জনায়। 

প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ ১৮ জুনত ব্ৰিটিছ কলম্বিয়াত তেওঁৰ দেশৰ মাটিত ৪৫ বছৰীয়া খালিস্তানী উগ্ৰপন্থী হৰদীপ সিং নিজ্জাৰ হত্যাত ভাৰতীয় এজেণ্টৰ "সম্ভাৱ্য" জড়িত থকাৰ বিস্ফোৰক অভিযোগৰ পিছত ভাৰত আৰু কানাডাৰ মাজত উত্তেজনা বিয়পি পৰিছিল। ভাৰতে ২০২০ চনত নিজ্জাৰক সন্ত্ৰাসবাদী হিচাপে ঘোষণা  কৰিছিল।


 ভাৰতে  কানাডাৰ  অভিযোগবোৰ "অযৌক্তিক" আৰু "উদ্দেশ্যপ্ৰণোদিত" বুলি প্ৰত্যাখ্যান কৰিছে আৰু এজন জ্যেষ্ঠ কানাডিয়ান কূটনীতিবিদক  ভাৰত এৰিবলৈ কৈছে।  কানাডাই ভাৰতীয় বিষয়াক বহিষ্কাৰ কৰাৰ বাবেই ভাৰতেও একে পদক্ষেপেই গ্ৰহণ কৰিছে। ভাৰতে যোৱা সপ্তাহত কানাডাক দেশ খনৰ  মাটিত সক্ৰিয় হৈ থকা সন্ত্ৰাসবাদী আৰু ভাৰত বিৰোধী উপাদানসমূহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বলৈ কৈছিল আৰু কানাডিয়ানসকলৰ বাবে ভিছা সেৱা স্থগিত কৰিছিল।

এনে পৰিস্থিতিৰ মাজতে ব্লেয়াৰে কয় " আমি  কওঁ  যে আৰচিএমপি (ৰয়েল কানাডিয়ান মাউণ্টেড পুলিচে) এতিয়া এটা তদন্ত আৰম্ভ কৰিছে,"।  ব্লেয়াৰে দেওবাৰে কানাডাৰ ৰাষ্ট্ৰীয় ৰাজহুৱা সম্প্ৰচাৰক চিবিচি নিউজৰ সৈতে এক সাক্ষাৎকাৰত এনেদৰে কৈছিল।


ভাৰতে গ্ৰহণ কৰা কিছুমান পদক্ষেপৰ বিষয়ে তেওঁ চিন্তিত নেকি বুলি সোধাত ব্লেয়াৰে কয়, "তেওঁলোকে গ্ৰহণ কৰি থকা ব্যৱস্থাসমূহৰ বিষয়ে মই চিন্তিত । কিয়নো আমাৰ দেশতো যথেষ্ট ভাৰতীয় লোক আছে। এই দেশত গুৰুত্বপূৰ্ণ হৈ পৰিছে ভাৰত-কানাডিয়ান জনসংখ্যা, ।" 

FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ