--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খালিস্তানী নেতাৰ হত্যাকলৈ ভাৰত-কানাডাৰ সম্পৰ্কত ফাঁট মেলিছে৷ কানাডাৰ প্ৰতিৰক্ষা মন্ত্ৰী বিল ব্লেয়াৰে কানাডিয়ানসকলৰ বাবে ভিছা সেৱা স্থগিত ৰখাকে ধৰি ভাৰতে গ্ৰহণ কৰা পদক্ষেপসমূহকলৈ উদ্বেগ ব্যক্ত কৰিছে। তেওঁ নতুন দিল্লীক সত্য উন্মোচন কৰিবলৈ আৰু ইয়াক উপযুক্ত উপায়েৰে সমাধান কৰি  শিখ বিচ্ছিন্নতাবাদী নেতাৰ হত্যাৰ তদন্তত সম্পূৰ্ণ সহযোগিতা কৰিবলৈ আহ্বান জনায়। 

প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ ১৮ জুনত ব্ৰিটিছ কলম্বিয়াত তেওঁৰ দেশৰ মাটিত ৪৫ বছৰীয়া খালিস্তানী উগ্ৰপন্থী হৰদীপ সিং নিজ্জাৰ হত্যাত ভাৰতীয় এজেণ্টৰ "সম্ভাৱ্য" জড়িত থকাৰ বিস্ফোৰক অভিযোগৰ পিছত ভাৰত আৰু কানাডাৰ মাজত উত্তেজনা বিয়পি পৰিছিল। ভাৰতে ২০২০ চনত নিজ্জাৰক সন্ত্ৰাসবাদী হিচাপে ঘোষণা  কৰিছিল।


 ভাৰতে  কানাডাৰ  অভিযোগবোৰ "অযৌক্তিক" আৰু "উদ্দেশ্যপ্ৰণোদিত" বুলি প্ৰত্যাখ্যান কৰিছে আৰু এজন জ্যেষ্ঠ কানাডিয়ান কূটনীতিবিদক  ভাৰত এৰিবলৈ কৈছে।  কানাডাই ভাৰতীয় বিষয়াক বহিষ্কাৰ কৰাৰ বাবেই ভাৰতেও একে পদক্ষেপেই গ্ৰহণ কৰিছে। ভাৰতে যোৱা সপ্তাহত কানাডাক দেশ খনৰ  মাটিত সক্ৰিয় হৈ থকা সন্ত্ৰাসবাদী আৰু ভাৰত বিৰোধী উপাদানসমূহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বলৈ কৈছিল আৰু কানাডিয়ানসকলৰ বাবে ভিছা সেৱা স্থগিত কৰিছিল।

এনে পৰিস্থিতিৰ মাজতে ব্লেয়াৰে কয় " আমি  কওঁ  যে আৰচিএমপি (ৰয়েল কানাডিয়ান মাউণ্টেড পুলিচে) এতিয়া এটা তদন্ত আৰম্ভ কৰিছে,"।  ব্লেয়াৰে দেওবাৰে কানাডাৰ ৰাষ্ট্ৰীয় ৰাজহুৱা সম্প্ৰচাৰক চিবিচি নিউজৰ সৈতে এক সাক্ষাৎকাৰত এনেদৰে কৈছিল।


ভাৰতে গ্ৰহণ কৰা কিছুমান পদক্ষেপৰ বিষয়ে তেওঁ চিন্তিত নেকি বুলি সোধাত ব্লেয়াৰে কয়, "তেওঁলোকে গ্ৰহণ কৰি থকা ব্যৱস্থাসমূহৰ বিষয়ে মই চিন্তিত । কিয়নো আমাৰ দেশতো যথেষ্ট ভাৰতীয় লোক আছে। এই দেশত গুৰুত্বপূৰ্ণ হৈ পৰিছে ভাৰত-কানাডিয়ান জনসংখ্যা, ।" 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন