--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: “বিশ্বগুৰু ভাৰত”- সমগ্ৰ দেশবাসীৰ সন্মুখত এতিয়া এই শ্ল’গানেৰে চমক। কেন্দ্ৰৰ শাসনাধিষ্ঠ মোদী চৰকাৰে বিজ্ঞাপনৰ অভিলাসী চমকেৰে দেশবাসীৰ চকুৰ সন্মুখত এনে এক ধাৰণাই গঢ়ি তুলিবলৈ অহোপুৰুষাৰ্থ কৰিছে। প্ৰথম অৱস্থাত ২০২২ চনৰ ভিতৰতে ভাৰতক বিশ্বগুৰু ৰূপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়া প্ৰধানমন্ত্ৰী মোদীয়ে অৱশ্যে বিগত স্বাধীনতা দিবসত এই বিশ্বগুৰুৰ সপোন ২০৪৭ চনলৈ পিছুৱাই দিয়ে। বিশ্বগুৰু ৰূপে ভাৰতক থিয় কৰোৱাৰ বাবে বিজেপি চৰকাৰে ‘বিকাশ’ নীতিৰ শ্ল’গান ২০১৪ চনৰ পৰাই আওৰাই আহিছে। 

পিছে কাৰ্যক্ষেত্ৰত এইয়া হৈ পৰিছে ফুটুকাৰ ফেন। বিকাশ, বিশ্বগুৰু এই সকলো শ্ল’গানৰ অভিনৱ বিজ্ঞাপনৰ বাদে বিজেপি চৰকাৰৰ কাৰ্যকালত সমুখলৈ আহিছে সম্পূৰ্ণ এক ওলোটা ছবিহে। মূল্যবৃদ্ধিৰ পৰা আৰম্ভ কৰি দাৰিদ্ৰতা, বৰ্দ্ধিত নিবনুৱা সমস্যাৰ পৰা ক্ৰমবৰ্ধমান ভোকাতুৰৰ সংখ্যালৈ- এই সকলো তথ্যই ‘বিশ্বগুৰু ভাৰত’ৰ বিজ্ঞাপনৰ আঁৰত থকা প্ৰকৃত ভাৰতৰ ছবিখন স্পষ্টকৈ তুলি ধৰিছে। 

বিজেপি চৰকাৰে প্ৰথমে যেতিয়া ২০২২ চনৰ ভিতৰত দেশক এক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ৰঙীন স্বপ্ন দেশবাসীক দেখুৱাইছিল, তেতিয়াই কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীয়ে ২০২২ চনৰ ভিতৰত দেশৰ পৰা পুষ্টিহীনতা সম্পূৰ্ণৰূপে অন্ত পৰিব বুলি ঘোষণা কৰিছিল। পিছে সেয়াও চৰকাৰৰ আন ঘোষণাৰ দৰে কেৱল ঘোষণাতেই ৰ’ল। ২০২১ চনৰ শেষৰ ফালে প্ৰকাশ পোৱা গ্ল’বেল হাংগাৰ ইনডেক্সত ভাৰতে লাভ কৰিলে ১১৬ খন দেশৰ ভিতৰত ১০১ সংখ্যক স্থান।

দেশত ক্ৰমবৰ্ধমান দাৰিদ্ৰতা আৰু ভোকাতুৰৰ এই ভয়াৱহ ছবিখন উদঙাই দিছে শেহতীয়াকৈ ৰাজস্থানত সংঘটিত হোৱা এক শোকাৱহ ঘটনাই। ৰাজ্যখনৰ জালোৰ জিলাত এগৰাকী ব্যক্তিয়ে নিজৰ ১১ মহীয়া সন্তানক নদীত পেলাই হত্যা কৰিছে। ব্যক্তিগৰাকীৰ এই নিৰ্দয় আৰু কঠোৰ সিদ্ধান্তৰ আঁৰত আছে এক ৰুঢ় বাস্তৱ পৰিস্থিতি। নিজৰ সন্তানক উপযুক্ত আহাৰ যোগান ধৰিব নোৱাৰাৰ বাবেই সন্তানটিৰ কষ্ট সহ্য কৰিব নোৱাৰি হত্যাৰ দৰে নৃশংস পথ বাছি ল’লে পিতৃয়ে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি এই শোকাৱহ ঘটনা যোৱা বৃহস্পতিবাৰে সংঘটিত হৈছিল। ঘটনাৰ বিষয়ে জানিব পৰাৰ পিছতে আৰক্ষীয়ে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে আৰু হত্যাকাৰী পিতৃক গ্ৰেপ্তাৰ কৰে। ব্যক্তিগৰাকীক গুজৰাটৰ মুকেশ বেৰৱাল বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। চাঞ্চে আৰক্ষী থানাৰ এগৰাকী উচ্চপ্ৰদস্থ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে দম্পতীহালে তেওঁলোকৰ পুত্ৰক এক সুখকৰ জীৱনৰ সোৱাদ দিয়াৰ আকাংক্ষা কৰিছিল। 

কিন্তু মুকেশৰ নূন্যতম উপাৰ্জনৰ বাবে দম্পতীহালৰ এই ইচ্ছাক বাস্তৱায়িত কৰাটো সম্ভৱ হোৱা নাছিল। আনকি মুকেশে সন্তানটিক উপযুক্ত আহাৰৰ যোগান ধৰিবলৈও বিফল হৈছিল। এনে পৰিস্থিতিত তেওঁ যথেষ্ট হতাশাত ভোগে আৰু পুত্ৰৰ কষ্টৰ দৃশ্য সহ্য কৰিবলৈ অপাৰগ হৈ পৰে। সেয়েহে তেওঁ মাত্ৰ ১১ মহীয়া শিশুটিক হত্যা কৰাৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে। 

এই সিদ্ধান্ত কাৰ্যকৰী কৰিবৰ বাবে মুকেশে পত্নী-সন্তানসহ জালোৰৰ চাঞ্চেত উপস্থিত হৈছিল। কিন্তু সন্তানটিক মুকেশে তেওঁৰ মাক-দেউতাকৰ ওচৰত থৈ যোৱাৰ অজুহাত দেখুৱাই পত্নীক মিছা কথাৰে পতিয়ন নিয়াই সন্তানটিক লৈ ৫০ কিলোমিটাৰ দূৰত থকা চাঞ্চেৰ নৰ্মদা নদীৰ কাষলৈ যায় মুকেশ আৰু তাতেই তেওঁ সন্তানটিক নদীত নিক্ষেপ কৰে। এই কাণ্ড সংঘটিত কৰি মুকেশে পুনৰ পত্নীৰ ওচৰলৈ ঘূৰি যায়।

কিন্তু মুকেশৰ এই কাৰ্য এগৰাকী ব্যক্তিয়ে দূৰৈৰ পৰা দেখা পাই  মুকেশক তাৰ পৰা উভতি যোৱাত বাধা প্ৰদান কৰে আৰু আৰক্ষীক খবৰ দিয়ে। খবৰ পোৱাৰ পিছতে স্থানীয় আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মুকেশক আটক কৰি থানালৈ লৈ যায়। আৰক্ষীৰ নিৰন্তৰ জেৰাত মুকেশে শিশুটিক নদীত দলিয়াই হত্যা কৰাৰ কথা স্বীকাৰ কৰে বুলি আৰক্ষীয়ে সদৰী কৰিছে। 

আনহাতে শুকুৰবাৰে নিশা ঘটনাস্থলীৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত থকা শিশুটোৰ মৃতদেহ উদ্ধাৰ কৰা হয়। পিছত চাঞ্চে আৰক্ষীয়ে শিশুটিৰ মৃতদেহটো মাতৃৰ হাতত গতাই দিয়ে। এই সমগ্ৰ ঘটনাৰ বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে ব্যাপক চৰ্চিত হৈ পৰিছে। এনে শোকাৱহ ঘটনাত শোক প্ৰকাশ কৰাৰ লগতে ইয়াৰ আঁৰত থকা পৰিস্থিতিৰ বাবে চৰকাৰৰ নীতিকো সমালোচনা কৰিছে বিভিন্নজনে। কেৱল শ্ল’গান আৰু বিজ্ঞাপনৰ অভিলাসী ব্যৱস্থাৰ দ্বাৰা দেশত ভয়াৱহভাৱে বৃদ্ধি পোৱা দাৰিদ্ৰতা আৰু ভোকাতুৰৰ এনে নিৰ্মম ছবিখনক এই ঘটনাই স্পষ্টকৈ প্ৰতিফলিত কৰি তুলিছে বুলি চৰকাৰক নিন্দা কৰিছে সচেতন মহলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু