--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোগ গুৰু ৰামদেৱৰ এতিয়া সমগ্ৰ দেশতে ৰমৰমীয়া ব্যৱসায়। বিগত কেইটামান বছৰৰ ভিতৰত দেশত দ্ৰুত উত্থান ঘটিছে ৰামদেৱৰ ‘পতঞ্জলি’ৰ ব্যৱসায়। সম্পূৰ্ণ ভেষজ আৰু দেশীয় উৎপাদিত সামগ্ৰী বুলি প্ৰচাৰ কৰি পতঞ্জলিৰ দ্ৰব্য জনসাৰণৰ মাজত জনপ্ৰিয় কৰি তুলিছে ৰামদেৱে। কেৱল সিমানেই নহয়, পতঞ্জলি নিৰ্মিত খাদ্য সামগ্ৰীক এল’পেথিক চিকিৎসাৰ বিকল্প হিচাপে দাঙি ধৰাৰো চেষ্টা অব্যাহত ৰাখিছে যোগ গুৰু গৰাকীয়ে। অৱশ্যে ৰামদেৱৰ এই অপাৰ সফলতাৰ আঁৰৰ এক ইন্ধন হিচাপে কাম কৰিছে বিজেপি দলৰ সৈতে থকা সম্পৰ্কই। কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ পৰা পৃষ্ঠপোকতাও লাভ কৰিছে ৰামদেৱে। 

পিছে জনসাধাৰণৰ মাজত নিজৰ ব্যৱসায় বিস্তৃত কৰাৰ উদ্দেশ্যে পতঞ্জলি উৎপাদিত সামগ্ৰীক উন্নত মানদণ্ডৰ সম্পূৰ্ণ ভেষজ বুলি প্ৰচাৰ কৰি আহিলেও সম্প্ৰতি ৰামদেৱৰ এই ভুৱা স্বৰূপ সন্মুখলৈ আহিছে। দেশীয় পদ্ধতিৰে উৎপাদিত সামগ্ৰীৰ নামত এক আবেগৰ বেপাৰ কৰি ৰামদেৱ এতিয়া এই ভুৱা স্বৰূপ প্ৰকাশৰ পাছত বিপদতো পৰিছে।

পতঞ্জলিয়ে নিৰ্মাণ কৰা দেশীয় গৰু ঘিউৰ গুণাগুণৰ ওপৰত উঠা অভিযোগৰ পাছতে এতিয়া বিপদত পৰিছে ৰামদেৱ। শেহতীয়াকৈ দেশৰ খাদ্য সুৰক্ষা বিভাগৰ কেন্দ্ৰীয় পৰীক্ষাগাৰৰ পৰীক্ষাত প্ৰমাণ হৈছে পতঞ্জলিৰ আয়ুৰ্বেদ গৰু ঘিউৰ প্ৰকৃত নমুনা। এই পৰীক্ষাত স্বাস্থ্য উপযোগী হিচাপে বিবেচিত হোৱাত বিফল হৈছে পতঞ্জলিৰ গৰু ঘিউ।

খাদ্য সুৰক্ষা বিভাগৰ এগৰাকী শীৰ্ষস্থানীয় বিষয়াই জানিবলৈ দিয়া মতে বিগত বৰ্ষৰ ২৭ অক্টোবৰত উত্তৰাখণ্ডৰ ঘানচালীৰ এখন দোকানৰ পৰা সংগ্ৰহ কৰা হৈছিল পতঞ্জলিৰ গৰুৰ ঘিউৰ নমুনা। এই নমুনাৰ গুণাগুণ পৰীক্ষাৰ বাবে ৰাজ্যিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। শেহতীয়াকৈ এই পৰীক্ষাৰ ফলাফল প্ৰতিবেদন প্ৰকাশ পাইছে আৰু প্ৰতিবেদনত পতঞ্জলিৰ এই গৰু ঘিউৰ গুণাগুণ অতি নিম্নমানৰ বুলি প্ৰমাণিত হৈছে।

পতঞ্জলি নিৰ্মিত এই ঘিউৰ গুণাগুণৰ প্ৰকৃত স্বৰূপ প্ৰতিবেদনত ওলাই পৰাৰ পাছতে খাদ্য সুৰক্ষা বিভাগে অতিৰিক্ত জিলা দণ্ডাধীশৰ আদালতত কোম্পানীটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে কেৱল এইবাৰেই নহয়, ইয়াৰ পূৰ্বেও ৰামদেৱৰ পতঞ্জলিয়ে প্ৰস্তুত কৰা সামগ্ৰীৰ গুণাগুণক লৈ অভিযোগ উত্থাপন হৈছিল।

২০১৭ চনত এক তথ্য জনাৰ অধিকাৰ আইনৰ আধাৰত এই আৰ টি আই- ৰ উত্তৰত বাবা ৰামদেৱৰ পতঞ্জলি উৎপাদিত বহু সামগ্ৰী অত্যন্ত নিম্নমানৰ বুলি প্ৰমাণিত হোৱাৰ কথা উল্লেখ কৰা হৈছিল। ২০১৩ চনৰ পৰা ২০১৬ চনৰ ভিতৰত সংগ্ৰহ কৰা পতঞ্জলিৰ ৮২ বিধ নমুনাৰ ভিতৰত ৩১ বিধ সামগ্ৰীয়ে ভেজাল বুলি প্ৰমাণিত হোৱাৰ বিষয়ে আৰ টি আইৰ উত্তৰত দিয়া প্ৰতিবেদনত উন্মোচিত কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement