--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোগ গুৰু ৰামদেৱৰ এতিয়া সমগ্ৰ দেশতে ৰমৰমীয়া ব্যৱসায়। বিগত কেইটামান বছৰৰ ভিতৰত দেশত দ্ৰুত উত্থান ঘটিছে ৰামদেৱৰ ‘পতঞ্জলি’ৰ ব্যৱসায়। সম্পূৰ্ণ ভেষজ আৰু দেশীয় উৎপাদিত সামগ্ৰী বুলি প্ৰচাৰ কৰি পতঞ্জলিৰ দ্ৰব্য জনসাৰণৰ মাজত জনপ্ৰিয় কৰি তুলিছে ৰামদেৱে। কেৱল সিমানেই নহয়, পতঞ্জলি নিৰ্মিত খাদ্য সামগ্ৰীক এল’পেথিক চিকিৎসাৰ বিকল্প হিচাপে দাঙি ধৰাৰো চেষ্টা অব্যাহত ৰাখিছে যোগ গুৰু গৰাকীয়ে। অৱশ্যে ৰামদেৱৰ এই অপাৰ সফলতাৰ আঁৰৰ এক ইন্ধন হিচাপে কাম কৰিছে বিজেপি দলৰ সৈতে থকা সম্পৰ্কই। কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ পৰা পৃষ্ঠপোকতাও লাভ কৰিছে ৰামদেৱে। 

পিছে জনসাধাৰণৰ মাজত নিজৰ ব্যৱসায় বিস্তৃত কৰাৰ উদ্দেশ্যে পতঞ্জলি উৎপাদিত সামগ্ৰীক উন্নত মানদণ্ডৰ সম্পূৰ্ণ ভেষজ বুলি প্ৰচাৰ কৰি আহিলেও সম্প্ৰতি ৰামদেৱৰ এই ভুৱা স্বৰূপ সন্মুখলৈ আহিছে। দেশীয় পদ্ধতিৰে উৎপাদিত সামগ্ৰীৰ নামত এক আবেগৰ বেপাৰ কৰি ৰামদেৱ এতিয়া এই ভুৱা স্বৰূপ প্ৰকাশৰ পাছত বিপদতো পৰিছে।

পতঞ্জলিয়ে নিৰ্মাণ কৰা দেশীয় গৰু ঘিউৰ গুণাগুণৰ ওপৰত উঠা অভিযোগৰ পাছতে এতিয়া বিপদত পৰিছে ৰামদেৱ। শেহতীয়াকৈ দেশৰ খাদ্য সুৰক্ষা বিভাগৰ কেন্দ্ৰীয় পৰীক্ষাগাৰৰ পৰীক্ষাত প্ৰমাণ হৈছে পতঞ্জলিৰ আয়ুৰ্বেদ গৰু ঘিউৰ প্ৰকৃত নমুনা। এই পৰীক্ষাত স্বাস্থ্য উপযোগী হিচাপে বিবেচিত হোৱাত বিফল হৈছে পতঞ্জলিৰ গৰু ঘিউ।

খাদ্য সুৰক্ষা বিভাগৰ এগৰাকী শীৰ্ষস্থানীয় বিষয়াই জানিবলৈ দিয়া মতে বিগত বৰ্ষৰ ২৭ অক্টোবৰত উত্তৰাখণ্ডৰ ঘানচালীৰ এখন দোকানৰ পৰা সংগ্ৰহ কৰা হৈছিল পতঞ্জলিৰ গৰুৰ ঘিউৰ নমুনা। এই নমুনাৰ গুণাগুণ পৰীক্ষাৰ বাবে ৰাজ্যিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। শেহতীয়াকৈ এই পৰীক্ষাৰ ফলাফল প্ৰতিবেদন প্ৰকাশ পাইছে আৰু প্ৰতিবেদনত পতঞ্জলিৰ এই গৰু ঘিউৰ গুণাগুণ অতি নিম্নমানৰ বুলি প্ৰমাণিত হৈছে।

পতঞ্জলি নিৰ্মিত এই ঘিউৰ গুণাগুণৰ প্ৰকৃত স্বৰূপ প্ৰতিবেদনত ওলাই পৰাৰ পাছতে খাদ্য সুৰক্ষা বিভাগে অতিৰিক্ত জিলা দণ্ডাধীশৰ আদালতত কোম্পানীটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে কেৱল এইবাৰেই নহয়, ইয়াৰ পূৰ্বেও ৰামদেৱৰ পতঞ্জলিয়ে প্ৰস্তুত কৰা সামগ্ৰীৰ গুণাগুণক লৈ অভিযোগ উত্থাপন হৈছিল।

২০১৭ চনত এক তথ্য জনাৰ অধিকাৰ আইনৰ আধাৰত এই আৰ টি আই- ৰ উত্তৰত বাবা ৰামদেৱৰ পতঞ্জলি উৎপাদিত বহু সামগ্ৰী অত্যন্ত নিম্নমানৰ বুলি প্ৰমাণিত হোৱাৰ কথা উল্লেখ কৰা হৈছিল। ২০১৩ চনৰ পৰা ২০১৬ চনৰ ভিতৰত সংগ্ৰহ কৰা পতঞ্জলিৰ ৮২ বিধ নমুনাৰ ভিতৰত ৩১ বিধ সামগ্ৰীয়ে ভেজাল বুলি প্ৰমাণিত হোৱাৰ বিষয়ে আৰ টি আইৰ উত্তৰত দিয়া প্ৰতিবেদনত উন্মোচিত কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু