--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া ফুটবলৰ বতৰ। আহি আছে ফিফা বিশ্বকাপ। চাৰিবছৰৰ অশেষ অপেক্ষাৰ অন্তত ফুটবলপ্ৰেমীসকল সাজু হৈছে মেছি-ৰোণাল্ডোৰ দুভৰিৰ যাদু দৰ্শন কৰিবলৈ। আফ্ৰিকাৰ ঘন জংঘলৰ পৰা ইউৰোপৰ আধুনিক চহৰ অথবা লেটিন আমেৰিকাৰ খেলপথাৰৰ পৰা আৰৱৰ মৰুভূিমিলৈকে- বিশ্বৰ সকলো প্ৰান্ততে ফুটবলৰ আদৰ আছে। বিশ্বকাপত অংশ নোলোৱা দেশসমূহতো ফুটবলৰ উন্মাদনা আছে। সেইবাবেই ইয়াক গ্ল’বেল স্পৰ্টছ বোলা হয়।

অহা ২০ নৱেম্বৰৰ পৰা কাটাৰত আৰম্ভ হ’ব লগা ফিফা বিশ্বকাপখন হৈছে মধ্যপ্ৰাচ্যৰ প্ৰথম আৰু এছিয়া মহাদেশৰ দ্বিতীয়খন বিশ্বকাপ। ইয়াৰ পূৰ্বে জাপান আৰু দক্ষিণ কোৰিয়াত ২০০২ চনৰ বিশ্বকাপ অনুষ্ঠিত হৈছিল।

প্ৰচলিত ব্যৱস্থা অনুযায়ীয়ে এইবাৰৰ বিশ্বকাপতো ৩২ খনকৈ দেশে অংশ লৈছে। ব্ৰাজিল, আৰ্জেণ্টিনা, ফ্ৰান্সক বিশ্বকাপৰ ফেভাৰিট বুলি গণ্য কৰা হৈছে।

আয়োজক কাটাৰ আৰু ইকুৱেডৰে বিশ্বকাপৰ প্ৰথমখ মেচত অংশ ল’ব। মেচখন ২০ নৱেম্বৰত কাটাৰৰ আল খৰস্থিত বেইট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

আনহাতে, ১৪ ডিচেম্বৰত বিশ্বকাপৰ সামৰণি পৰিব। ফাইনেলখন অনুষ্ঠিত হ’ব লুচাইল আইকনিক ষ্টেডিয়ামত।

চাও আহক বিশ্বকাপখনৰ গ্ৰুপ আৰু সূচীৰ বিষয়ে সবিশেষঃ

বিশ্বকাপৰ গ্ৰুপসমূহঃ

গ্ৰুপ এঃ কাটাৰ (আয়োজক), ইকুৱেডৰ, ছেনেগাল, নেদাৰলেণ্ডছ
গ্ৰুপ বিঃ ইংলেণ্ড, ইৰাণ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৱেলছ
গ্ৰুপ চিঃ আৰ্জেণ্টিনা, চৌদী আৰব, মেক্সিকো, পোলেণ্ড
গ্পুৰ ডিঃ ফ্ৰান্স, অষ্ট্ৰেলিয়া, ডেনমাৰ্ক, টিউনিছিয়া
গ্ৰুপ ইঃ স্পেইন, ক’ষ্টাৰিকা, জাৰ্মানী, জাপান
গ্ৰুপ এফঃ বেলজিয়াম, কানাডা, মৰক্কো, ক্ৰেৱচিয়া
গ্ৰুপ জিঃ ব্ৰাজিল, ছাৰ্বিয়া, চুইজাৰলেণ্ড, কেমেৰুণ
গ্ৰুপ এইচঃ পৰ্টুগাল, ঘানা, উৰুগুৱেই, দক্ষিণ কোৰিয়া

ভাৰতীয় সময় অনুযায়ী বিশ্বকাপৰ মেচৰ সম্পূৰ্ণ সূচীঃ

দেওবাৰ, ২০ নৱেম্বৰ
কাটাৰ বনাম ইকুৱেডৰ - ভাৰতীয় সময় মতে নিশা ৯:৩০ বজাত

সোমবাৰ, ২১ নৱেম্বৰ
ইংলেণ্ড বনাম ইৰাণ - ভাৰতীয় সময় মতে সন্ধিয়া ৬:৩০ বজাত
ছেনেগাল বনাম নেডাৰলেণ্ড - ভাৰতীয় সময় মতে নিশা ৯:৩০ বজাত

মঙলবাৰে, ২২ নৱেম্বৰ
আমেৰিকা যুক্তৰাষ্ট্ৰ বনাম ৱেলছ - ভাৰতীয় সময় মতে পুৱা ১২.৩০ বজাত
আৰ্জেণ্টিনা বনাম চৌদি আৰৱ - ভাৰতীয় সময় মতে আবেলি ৩.৩০ বজাত
ডেনমাৰ্ক বনাম টিউনিচিয়া - ভাৰতীয় সময় মতে সন্ধিয়া ৬:৩০ বজাত
মেক্সিকো বনাম পোলেণ্ড - ভাৰতীয় সময় মতে নিশা ৯:৩০ বজাত

বুধবাৰ, ২৩ নৱেম্বৰ
ফ্ৰান্স বনাম অষ্ট্ৰেলিয়া - ভাৰতীয় সময় মতে পুৱা ১২:৩০ বজাত
মৰক্কো বনাম ক্ৰোৱেছিয়া - ভাৰতীয় সময় মতে আবেলি ৩.৩০ বজাত
জাৰ্মানী বনাম জাপান - ভাৰতীয় সময় মতে সন্ধিয়া ৬:৩০ বজাত
স্পেইন বনাম কোষ্টা ৰিকা - ভাৰতীয় সময় মতে নিশা ৯:৩০ বজাত

বৃহস্পতিবাৰে, ২৪ নৱেম্বৰ
বেলজিয়াম বনাম কানাডা - ভাৰতীয় সময় মতে পুৱা ১২.৩০ বজাত 
চুইজাৰলেণ্ড বনাম কেমেৰুন - ভাৰতীয় সময় মতে আবেলি ৩.৩০ বজাত
উৰুগুৱে বনাম দক্ষিণ কোৰিয়া - ভাৰতীয় সময় মতে সন্ধিয়া ৬:৩০ বজাত
পৰ্তুগাল বনাম ঘানা - ভাৰতীয় সময় মতে নিশা ৯:৩০ বজাত

শুক্ৰবাৰ, ২৫ নৱেম্বৰ
ব্ৰাজিল বনাম ছাৰ্বিয়া - ভাৰতীয় সময় মতে পুৱা ১২:৩০ বজাত
ৱেলছ বনাম ইৰাণ - ভাৰতীয় সময় মতে আবেলি ৩.৩০ বজাত
কাটাৰ বনাম ছেনেগাল - ভাৰতীয় সময় মতে সন্ধিয়া ৬:৩০ বজাত
নেডাৰলেণ্ড বনাম ইকুৱেডৰ - ভাৰতীয় সময় মতে নিশা ৯:৩০ বজাত

শনিবাৰ, ২৬ নৱেম্বৰ
ইংলেণ্ড বনাম আমেৰিকা যুক্তৰাষ্ট্ৰ - ভাৰতীয় সময় মতে পুৱা ১২:৩০ বজাত
টিউনিচিয়া বনাম অষ্ট্ৰেলিয়া - ভাৰতীয় সময় মতে আবেলি ৩:৩০ বজাত
পোলেণ্ড বনাম চৌদি আৰৱ - ভাৰতীয় সময় মতে সন্ধিয়া ৬:৩০ বজাত
ফ্ৰান্স বনাম ডেনমাৰ্ক - ভাৰতীয় সময় মতে নিশা ৯:৩০ বজাত

দেওবাৰ, ২৭ নৱেম্বৰ
আৰ্জেণ্টিনা বনাম মেক্সিকো - ভাৰতীয় সময় মতে দুপৰীয়া ১২.৩০ বজাত
জাপান বনাম কোষ্টা ৰিকা - ভাৰতীয় সময় মতে আবেলি ৩.৩০ বজাত
বেলজিয়াম বনাম মৰক্কো - ভাৰতীয় সময় মতে সন্ধিয়া ৬:৩০ বজাত
ক্ৰোৱেছিয়া বনাম কানাডা - ভাৰতীয় সময় মতে নিশা ৯:৩০ বজাত

সোমবাৰ, ২৮ নৱেম্বৰ 
স্পেইন বনাম জাৰ্মানী - ভাৰতীয় সময় মতে দুপৰীয়া ১২.৩০ বজাত
কেমেৰুন বনাম ছাৰ্বিয়া - ভাৰতীয় সময় মতে আবেলি ৩.৩০ বজাত
দক্ষিণ কোৰিয়া বনাম ঘানা - ভাৰতীয় সময় মতে সন্ধিয়া ৬:৩০ বজাত
ব্ৰাজিল বনাম চুইজাৰলেণ্ড - ভাৰতীয় সময় মতে নিশা ৯:৩০ বজাত

মঙলবাৰে, ২৯ নৱেম্বৰ
পৰ্তুগাল বনাম উৰুগুৱে - ভাৰতীয় সময় মতে পুৱা ১২:৩০ বজাত
ইকুৱেডৰ বনাম ছেনেগাল - ভাৰতীয় সময় মতে সন্ধিয়া ৮.৩০ বজাত
নেডাৰলেণ্ড বনাম কাটাৰ - ভাৰতীয় সময় মতে সন্ধিয়া ৮.৩০ বজাত

বুধবাৰ, ৩০ নৱেম্বৰ 
ইৰাণ বনাম আমেৰিকা যুক্তৰাষ্ট্ৰ - ভাৰতীয় সময় মতে পুৱা ১২:৩০ বজাত
ৱেলছ বনাম ইংলেণ্ড - ভাৰতীয় সময় মতে পুৱা ১২.৩০ বজাত
টিউনিচিয়া বনাম ফ্ৰান্স - ভাৰতীয় সময় মতে সন্ধিয়া ৮:৩০ বজাত
অষ্ট্ৰেলিয়া বনাম ডেনমাৰ্ক - ভাৰতীয় সময় মতে সন্ধিয়া ৮.৩০ বজাত

বৃহস্পতিবাৰে,  ১ ডিচেম্বৰ 
পোলেণ্ড বনাম আৰ্জেণ্টিনা - ভাৰতীয় সময় মতে পুৱা ১২.৩০ বজাত
চৌদি আৰৱ বনাম মেক্সিকো - ভাৰতীয় সময় মতে পুৱা ১২:৩০ বজাত
কানাডা বনাম মৰক্কো - ভাৰতীয় সময় মতে সন্ধিয়া ৮.৩০ বজাত
ক্ৰোৱেছিয়া বনাম বেলজিয়াম - ভাৰতীয় সময় মতে সন্ধিয়া ৮.৩০ বজাত

শুক্ৰবাৰ, ২ ডিচেম্বৰ 
কোষ্টা ৰিকা বনাম জাৰ্মানী - ভাৰতীয় সময় মতে পুৱা ১২:৩০ বজাত
জাপান বনাম স্পেইন - ভাৰতীয় সময় মতে পুৱা ১২:৩০ বজাত
ঘানা বনাম উৰুগুৱে - ভাৰতীয় সময় মতে সন্ধিয়া ৮.৩০ বজাত
দক্ষিণ কোৰিয়া বনাম পৰ্তুগাল - ভাৰতীয় সময় মতে সন্ধিয়া ৮.৩০ বজাত

শনিবাৰ, ৩ ডিচেম্বৰ 
কেমেৰুন বনাম ব্ৰাজিল - ভাৰতীয় সময় মতে পুৱা ১২:৩০ বজাত
ছাৰ্বিয়া বনাম চুইজাৰলেণ্ড - ভাৰতীয় সময় মতে পুৱা ১২:৩০ বজাত
শনিবাৰ, ৩ ডিচেম্বৰ 
1এ বনাম 2বি - ভাৰতীয় সময় মতে সন্ধিয়া ৮.৩০ বজা

দেওবাৰ, ৪ ডিচেম্বৰ 
1চি বনাম 2ডি - ভাৰতীয় সময় মতে ৰাতিপুৱা ১২.৩০ বজা
1ডি বনাম 2চি - ভাৰতীয় সময় মতে সন্ধিয়া ৮.৩০ বজা

সোমবাৰ, ৫ ডিচেম্বৰ 
1বি বনাম 2এ - ভাৰতীয় সময় মতে ৰাতিপুৱা ১২.৩০ বজা
1ই বনাম 2এফ - ভাৰতীয় সময় মতে সন্ধিয়া ৮.৩০ বজা

মঙলবাৰে, ৬ ডিচেম্বৰ 
1জি বনাম 2এইচ - ভাৰতীয় সময় মতে ১২.৩০ বজাত
1এফ বনাম 2ই - ভাৰতীয় সময় মতে সন্ধিয়া ৮.৩০ বজা

বুধবাৰ, ৭ ডিচেম্বৰ 
1এইচ বনাম 2জি - ভাৰতীয় সময় মতে ৰাতিপুৱা ১২.৩০ বজা

শুক্ৰবাৰ, ৯ ডিচেম্বৰ
কোৱাৰ্টাৰ ফাইনেল ১ - সন্ধিয়া ৮.৩০ বজাত

শনিবাৰ, ১০ ডিচেম্বৰ
কোৱাৰ্টাৰ ফাইনেল ২ - ভাৰতীয় সময় মতে ১২.৩০ বজাত
কোৱাৰ্টাৰ ফাইনেল ৩ - ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৮.৩০ বজা

দেওবাৰ, ১১ ডিচেম্বৰ
কোৱাৰ্টাৰ ফাইনেল ৪ - ভাৰতীয় সময় মতে পুৱা ১২.৩০ বজা

বুধবাৰ, ১৪ ডিচেম্বৰ
ছেমি ফাইনেল ১ - ১২.৩০ বজাত

বৃহস্পতিবাৰে, ১৫ ডিচেম্বৰ 
ছেমি ফাইনেল ২ - ভাৰতীয় সময় মতে পুৱা ১২.৩০ বজাত

দেওবাৰ, ১৮ ডিচেম্বৰ 
ব্ৰঞ্জৰ ফাইনেল - ভাৰতীয় সময় মতে পুৱা ১২.৩০ বজাত

সোমবাৰ, ১৯ ডিচেম্বৰ
ফিফা বিশ্বকাপ ২০২২ ফাইনেল - ভাৰতীয় সময় মতে পুৱা ১২.৩০ বজাত

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক