--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অৱশেষত জামিন পালে দানুষ্কা গুণতিলকে। টি২০ বিশ্বকাপৰ মাজতে ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল শ্ৰীলংকাৰ ক্ৰিকেটাৰগৰকী। বৃহস্পতিবাৰে তেওঁক চিডনীৰ এখন আদালতে জামিন প্ৰদান কৰে।

 

আদালতৰ তৰফৰ পৰা জনোৱা হৈছে যে শ্ৰীলংকাৰ চৰকাৰ আৰু শ্ৰীলংকাৰ ক্ৰিটেক ব’ৰ্ডে ক্ৰিকেটাৰগৰাকীৰ পক্ষ লোৱাৰ বাবেই জামিন প্ৰদান কৰা হৈছে। ২ লাখ অষ্ট্ৰেলিয়ান ডলাৰৰ বিনিময়ত এই জামিন মঞ্জুৰ কৰা হৈছে। জামিন লাভ কৰিলেও সদ্যহতে দেশলৈ ঘূৰিব নোৱাৰিব ক্ৰিকেটাৰগৰাকী।

 

উল্লেখ্য যে বিশ্বকাপৰ মাজভাগতে মাজৰাতি চিডনীৰ হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল গুণতিলকক। তেওঁৰ বিৰুদ্ধে চাৰিটাকৈ ধৰ্ষণ আৰু শাৰিৰীক নিৰ্যাতনৰ অভিযোগ অনা হৈছিল।

 

কিন্তু যিগৰাকী মহিলাই তেওঁৰ বিৰুদ্ধে শাৰিৰীক নিৰ্যাতন আৰু ধৰ্ষণৰ অভিযোগ আনিছিল, তেওঁৰ অভিযোগসমূহৰ পৰীক্ষা নিৰীক্ষাত আৰক্ষীয়ে বিশেষ একো নাপালে।

 

এতিয়া জামিন লাভ কৰিলেও কিছু চৰ্ত মানি চলিব লাগিব গুণতিলকক। প্ৰতিদিনাই থানাত হাজিৰা দিব লাগিব আৰু অভিযোগকাৰী মহিলাগৰাকীৰ স’তে যোগাযোগ কৰিব নোৱাৰি। কোনোধৰণৰ ডেটিং এপো ব্যৱহাৰ কৰিব নোৱাৰিব। পৰৱৰ্তী শুনানি হিচাপে আদালতে ১২ জানুৱাৰী তাৰিখে স্থিৰ কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু