--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উদ্বেগজনক হাৰত দেশত বৃদ্ধি পাইছে কৰ’না। বিগত সময়ছোৱাত কৰ’না মহামাৰীৰ প্ৰকোপ সামান্য পৰিমাণে শাম কাটিলেও কিন্তু এইবাৰ পুনৰ অতিমাৰীৰ প্ৰকোপত ভীতি-সন্ত্ৰস্ত বিশ্বৰ নাগৰিক। সমগ্ৰ বিশ্বতে ২৪ ঘণ্টাত ৮ লাখ ৪২ হাজাৰ ৯৬৯ জন লোক আক্ৰান্ত হৈছে মহামাৰী কৰ’না ভাইৰাছত। মৃত্যু হৈছে এক হাজাৰ ১৯৫ জন লোকৰ।

ৱৰ্ল্ড’মিটাৰৰ তথ্য অনুসৰি, দেওবাৰে পুৱা ১০ বজালৈকে মুঠ কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ৫৬ কোটি ৭২ লাখ ৭৫ হাজাৰ ৫৬১ জন। মৃতকৰ সংখ্যা হৈছে ৬৩ লাখ ৮৭ হাজাৰ ৬৩ জন। আৰু মুঠ সুস্থ লোকৰ সংখ্যা হৈছে ৫৩ কোটি ৮৩ লাখ ১৬ হাজাৰ ৯৮৩ জন।

এতিয়ালৈকে আমেৰিকাত সৰ্বাধিক সংখ্যক লোক কৰ’নাক্ৰান্ত হৈছে আৰু মৃত্যু হোৱা লোকৰ সংখ্যাৰেও শীৰ্ষস্থানত আছে দেশখন। মুঠ আক্ৰান্তৰ সংখ্যা ৯ কোটি ১২ লাখ ৫০ হাজাৰ ৩৯২ জন। মুঠ ১০ লাখ ৪৮ হাজাৰ ৮২২ জন লোকৰ মৃত্যু হৈছে।

ইফালে, আক্ৰান্তৰ তালিকাৰ দ্বিতীয় আৰু মৃত্যুৰ তালিকাৰ তৃতীয় স্থান থকা ভাৰতত বৰ্তমানলৈ ৪ কোটি ৩৭ লাখ ৫০ হাজাৰ ৫৯৯ জন লোক কৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৫ লাখ ২৫ হাজাৰ ৭০৯ জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে।

আনহাতে, আক্ৰান্তৰ ক্ষেত্ৰত তৃতীয় আৰু মৃত্যুৰ ক্ষেত্ৰত দ্বিতীয় স্থানত থকা ব্ৰাজিলত এই পৰ্যন্ত মুঠ ৩ কোটি ৩২ লাখ ৯০ হাজাৰ ২৬৬ জন লোক আক্ৰান্ত হৈছে কৰ’নাত। মৃত্যু হৈছে ৬ লাখ ৭৫ হাজাৰ ৩৫৩ জন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ