--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় নিৰাপত্তাৰক্ষীৰ জোৱান সকলৰ মাজত শেহতীয়াকৈ এক আশ্চৰ্যজনক পৰিস্থিতিয়ে গা কৰি উঠিছে। যোৱা কেইটামান বছৰত নিৰাপত্তাৰক্ষীৰ জোৱানসকলৰ মাজতে আক্ৰমণ-প্ৰত্যাক্ৰমণৰ কেইবাটাও খবৰ প্ৰকাশ হৈছে। সতীৰ্থৰ মাজতে হোৱা গুলীবৰ্ষণৰ ফলত মাজে-সময়ে সেনা জোৱানৰ মৃত্যুৰ খবৰো প্ৰকাশ পাই আহিছে। তেনে এক ঘটনাই পুনৰ সংঘটিত হৈছে জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত।

শনিবাৰে আবেলি প্ৰায় ৩:৩০ বজাত উধমপুৰ জিলাৰ দেৱিকা ঘাট কমিউনিটি চেণ্টাৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। জিলাখনত কৰ্মৰত এগৰাকী ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ (ITBP) জোৱানে তিনিজন সহকৰ্মীক গুলীয়াই আহত কৰাৰ পিছত নিজকে গুলীয়াই হত্যা কৰে।

ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ স্থানীয় শীৰ্ষ বিষয়াসকলে এই ঘটনাৰ বিষয়ে প্ৰকাশ কৰিছে। ইতিমধ্যে ঘটনাটোৰ তদন্তৰ বাবে নিৰ্দেশ দিয়া হৈছে বুলিও বিষয়াসকলে সদৰি কৰে। আই টি বি পি- ৰ এজন জ্যেষ্ঠ বিষয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে কনিষ্টবল ভূপেন্দ্ৰ সিঙে তেওঁৰ তিনি সহকৰ্মীক লক্ষ্য কৰি গুলীবৰ্ষণ কৰে, যাৰ ফলত এজন হেড কনিষ্টবল আৰু দুজন কনিষ্টবল গুলীত আঘাতপ্ৰাপ্ত হয়।

তিনিওজন আঘাতপ্ৰাপ্ত জোৱানকে ইতিমধ্যে এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁলোক এতিয়া বিপদমুক্ত বুলিও বিষয়াজনে লগতে কয়।

মৃত কনিষ্টবলজন ইণ্ডো-তিব্বত সীমান্ত আৰক্ষী বাহিনীৰ ৮ ম বেটেলিয়নৰ সদস্য আছিল আৰু বৰ্তমান নিৰাপত্তাৰ দায়িত্বৰ বাবে জম্মু-কাশ্মীৰত নিয়োজিত আইটিবিপিৰ দ্বিতীয় এড-হক বেটেলিয়নৰ 'এফ' কোম্পানীত নিযুক্তি দিয়া হৈছিল।

উল্লেখ্য যে এই ঘটনা বিগত ২৪ ঘণ্টাত জম্মু-কাশ্মীৰত সংঘটিত হোৱা দ্বিতীয়টো এনে ঘটনা। শুকুৰবাৰে পুঞ্চত সংঘটিত এনে এক ঘটনাৰ সময়ত দুজন সেনা জোৱান নিহত হোৱাৰ লগতে আন দুজন জোৱান আহত হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান