--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় নিৰাপত্তাৰক্ষীৰ জোৱান সকলৰ মাজত শেহতীয়াকৈ এক আশ্চৰ্যজনক পৰিস্থিতিয়ে গা কৰি উঠিছে। যোৱা কেইটামান বছৰত নিৰাপত্তাৰক্ষীৰ জোৱানসকলৰ মাজতে আক্ৰমণ-প্ৰত্যাক্ৰমণৰ কেইবাটাও খবৰ প্ৰকাশ হৈছে। সতীৰ্থৰ মাজতে হোৱা গুলীবৰ্ষণৰ ফলত মাজে-সময়ে সেনা জোৱানৰ মৃত্যুৰ খবৰো প্ৰকাশ পাই আহিছে। তেনে এক ঘটনাই পুনৰ সংঘটিত হৈছে জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত।

শনিবাৰে আবেলি প্ৰায় ৩:৩০ বজাত উধমপুৰ জিলাৰ দেৱিকা ঘাট কমিউনিটি চেণ্টাৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। জিলাখনত কৰ্মৰত এগৰাকী ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ (ITBP) জোৱানে তিনিজন সহকৰ্মীক গুলীয়াই আহত কৰাৰ পিছত নিজকে গুলীয়াই হত্যা কৰে।

ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ স্থানীয় শীৰ্ষ বিষয়াসকলে এই ঘটনাৰ বিষয়ে প্ৰকাশ কৰিছে। ইতিমধ্যে ঘটনাটোৰ তদন্তৰ বাবে নিৰ্দেশ দিয়া হৈছে বুলিও বিষয়াসকলে সদৰি কৰে। আই টি বি পি- ৰ এজন জ্যেষ্ঠ বিষয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে কনিষ্টবল ভূপেন্দ্ৰ সিঙে তেওঁৰ তিনি সহকৰ্মীক লক্ষ্য কৰি গুলীবৰ্ষণ কৰে, যাৰ ফলত এজন হেড কনিষ্টবল আৰু দুজন কনিষ্টবল গুলীত আঘাতপ্ৰাপ্ত হয়।

তিনিওজন আঘাতপ্ৰাপ্ত জোৱানকে ইতিমধ্যে এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁলোক এতিয়া বিপদমুক্ত বুলিও বিষয়াজনে লগতে কয়।

মৃত কনিষ্টবলজন ইণ্ডো-তিব্বত সীমান্ত আৰক্ষী বাহিনীৰ ৮ ম বেটেলিয়নৰ সদস্য আছিল আৰু বৰ্তমান নিৰাপত্তাৰ দায়িত্বৰ বাবে জম্মু-কাশ্মীৰত নিয়োজিত আইটিবিপিৰ দ্বিতীয় এড-হক বেটেলিয়নৰ 'এফ' কোম্পানীত নিযুক্তি দিয়া হৈছিল।

উল্লেখ্য যে এই ঘটনা বিগত ২৪ ঘণ্টাত জম্মু-কাশ্মীৰত সংঘটিত হোৱা দ্বিতীয়টো এনে ঘটনা। শুকুৰবাৰে পুঞ্চত সংঘটিত এনে এক ঘটনাৰ সময়ত দুজন সেনা জোৱান নিহত হোৱাৰ লগতে আন দুজন জোৱান আহত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰাগ নিউজৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
পৰ্ণ জগতত ভৰি দিয়া নাই অর্চিতা ফুকনে
অসমীয়া সাহিত্যৰ বিশ্বমুখী যাত্রা, 'বুঢ়ী আইৰ সাধু'ৰ ওড়িয়া সংস্কৰণ উন্মোচন
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে