--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শক্তিশালী সামৰিক বাহিনী, পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰ আৰু বিশ্বৰ ভিতৰতে সুপ্ৰসিদ্ধ অত্যাধুনিক চোৰাংচোৱা সংস্থাৰে মধ্যপ্ৰাচ্যৰ অন্যতম শক্তিশালী দেশ হোৱা সত্ত্বেও এতিয়া ইজৰাইলত বিৰাজ কৰিছে আতংকই। পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছৰ আকস্মিক আক্ৰমণত একপ্ৰকাৰ বিভীষিকা নামিছে ইজৰাইলত। মধ্যপ্ৰাচ্যৰ ৰাষ্ট্ৰখনত সংঘটিত এই আকস্মিক আক্ৰমণে এতিয়া আতংকিত কৰি তুলিছে বিশ্বৰ আন আন ৰাষ্ট্ৰসমূহকো। 

গাজাত সংঘৰ্ষ ক্ৰমান্বয়ে ভয়াৱহ হৈ পৰিছে। যুদ্ধৰ ডাৱৰ গাঢ় হৈ আহিছে। যুদ্ধৰ বিভীষিকাই গ্ৰাস কৰা ইজৰাইলত এতিয়া চাইৰেণ বাজিলেই আতংকিত হৈ পৰে সৰ্বসাধাৰণ৷ সৃষ্টি হৈছে হাহাকাৰময় পৰিবেশ৷ এফালে, বোমাবৰ্ষণৰ শব্দ, আনফালে হাস্পতালত ৰোগী আৰু আহতসকলৰ মৰণকাতৰ আৰ্তনাদ৷ ক্ষুদ্ৰ চহৰখনৰ চৌদিশে এতিয়া মাথো মৃত্যুৰ কিৰীলি৷ হাস্পতালে হাস্পতালে আহত লোকৰ ভিৰ৷ ইয়াৰ মাজতে বিদ্যুৎ সংযোগ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ ফলত ভেণ্টিলেটৰত থকা ৰোগী তথা বোমাবৰ্ষণত আহত লোকসকলৰ মৃত্যু প্ৰায় নিশ্চিত হৈ পৰিছে৷

যুদ্ধৰ ভয়াৱহতাই ছানি ধৰিছে ইজৰাইল-পেলেষ্টাইনৰ আকাশ-বতাহ। হামাছৰ আক্ৰমণৰ পাছতে ইজৰাইলে ঘোষণা কৰা গাজাক মৃত্যু উপত্যকাত পৰিণত কৰিছে। ইতিমধ্যেই সহস্ৰাধিক নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে এই যুদ্ধত। মঙলবাৰে নিশা গাজাত হোৱা বিস্ফোৰণে পুনৰ প্ৰাণ কাঢ়িলে শ শ লোকৰ। গাজাৰ স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰা তথ্য অনুসৰি, যুদ্ধত আহত আৰু আশ্ৰয়ৰ তাগিদাত পেলেষ্টাইনী লোকেৰে ভৰি থকা গাজা চহৰৰ এখন চিকিৎসালয়ত ইজৰাইলে আকাশমাৰ্গৰ পৰা কৰা বোমাবৰ্ষণত এই পৰ্যন্ত প্রায় ৭০০ লোকৰ মৃত্যু ঘটিছে। নিহতসকলৰ ভিতৰত সৰহ সংখ্যকেই শিশু আৰু মহিলা। 

২০০৮ চনৰ পাছত ইজৰাইল-পেলেষ্টাইনৰ মাজত হোৱা পাঁচখন যুদ্ধৰ ভিতৰত মঙলবাৰৰ ইজৰাইলী বিমান আক্রমণেই আটাইতকৈ মাৰাত্মক বিমান আক্রমণ হিচাপে পৰিগণিত হৈছে। ইজৰাইলৰ এই বিমান আক্রমণ সংঘটিত হয় আল-আহলী নামৰ হাস্পতাল খনত। প্রকাশিত কিছু ফটোত চিকিৎসালয়খন জুইৰ লেলিহান শিখাই আগুৰি ধৰা দেখিবলৈ পোৱা গৈছে। ধ্বংসস্তূপত পৰিণত চিকিৎসালয়খনত শৰীৰৰ অংগ ছিটিকি পৰি থকাও দেখিবলৈ পোৱা গৈছে। বোমাৰ আঘাতত ক্ষত-বিক্ষত হৈ পৰিছে পুতলা যেন লগা আলফুলীয়া শিশুবোৰৰ মুখ। 




এই আক্ৰমণৰ ঘটনাৰ বাবে হামাছে ইজৰালক দোষাৰোপ কৰাৰ বিপৰীতে ইজৰাইলে সম্পূৰ্ণৰূপে এই অভিযোগ অস্বীকাৰ কৰিছে। আনহাতে এই ভয়ংকৰ আক্ৰমণৰ বাবে ইজৰাইলে পেলেষ্টাইনৰ ইছলামিক জেহাদ সংগঠন দায়ী বুলি অভিযোগ উত্থাপন কৰিছে।  মানৱতাৰ বধ্যভূমি গাজাত এতিয়া  মৃতদেহৰ লানি দেখিবলৈ পোৱা গৈছে। মৰ্গতো মৃতদেহ ৰাখিবলৈ ঠাই নোহোৱা হৈছে। ফুলৰ দৰে কোমল আৰু মৰম লগা মৃত শিশুবোৰ নিথৰ হৈ পৰি ৰৈছে।দেখিলে এনে লাগে যেন মৃত শিশুবোৰে টোপনিত লালকাল দিছে। হঠাতে শিশুবোৰে উঠি যেন ক’ব- তোমালোকে যুদ্ধ বন্ধ কৰা, আমি শান্তিৰে শুব পৰা নাই...

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা