--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শক্তিশালী সামৰিক বাহিনী, পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰ আৰু বিশ্বৰ ভিতৰতে সুপ্ৰসিদ্ধ অত্যাধুনিক চোৰাংচোৱা সংস্থাৰে মধ্যপ্ৰাচ্যৰ অন্যতম শক্তিশালী দেশ হোৱা সত্ত্বেও এতিয়া ইজৰাইলত বিৰাজ কৰিছে আতংকই। পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছৰ আকস্মিক আক্ৰমণত একপ্ৰকাৰ বিভীষিকা নামিছে ইজৰাইলত। মধ্যপ্ৰাচ্যৰ ৰাষ্ট্ৰখনত সংঘটিত এই আকস্মিক আক্ৰমণে এতিয়া আতংকিত কৰি তুলিছে বিশ্বৰ আন আন ৰাষ্ট্ৰসমূহকো। 

গাজাত সংঘৰ্ষ ক্ৰমান্বয়ে ভয়াৱহ হৈ পৰিছে। যুদ্ধৰ ডাৱৰ গাঢ় হৈ আহিছে। যুদ্ধৰ বিভীষিকাই গ্ৰাস কৰা ইজৰাইলত এতিয়া চাইৰেণ বাজিলেই আতংকিত হৈ পৰে সৰ্বসাধাৰণ৷ সৃষ্টি হৈছে হাহাকাৰময় পৰিবেশ৷ এফালে, বোমাবৰ্ষণৰ শব্দ, আনফালে হাস্পতালত ৰোগী আৰু আহতসকলৰ মৰণকাতৰ আৰ্তনাদ৷ ক্ষুদ্ৰ চহৰখনৰ চৌদিশে এতিয়া মাথো মৃত্যুৰ কিৰীলি৷ হাস্পতালে হাস্পতালে আহত লোকৰ ভিৰ৷ ইয়াৰ মাজতে বিদ্যুৎ সংযোগ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ ফলত ভেণ্টিলেটৰত থকা ৰোগী তথা বোমাবৰ্ষণত আহত লোকসকলৰ মৃত্যু প্ৰায় নিশ্চিত হৈ পৰিছে৷

যুদ্ধৰ ভয়াৱহতাই ছানি ধৰিছে ইজৰাইল-পেলেষ্টাইনৰ আকাশ-বতাহ। হামাছৰ আক্ৰমণৰ পাছতে ইজৰাইলে ঘোষণা কৰা গাজাক মৃত্যু উপত্যকাত পৰিণত কৰিছে। ইতিমধ্যেই সহস্ৰাধিক নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে এই যুদ্ধত। মঙলবাৰে নিশা গাজাত হোৱা বিস্ফোৰণে পুনৰ প্ৰাণ কাঢ়িলে শ শ লোকৰ। গাজাৰ স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰা তথ্য অনুসৰি, যুদ্ধত আহত আৰু আশ্ৰয়ৰ তাগিদাত পেলেষ্টাইনী লোকেৰে ভৰি থকা গাজা চহৰৰ এখন চিকিৎসালয়ত ইজৰাইলে আকাশমাৰ্গৰ পৰা কৰা বোমাবৰ্ষণত এই পৰ্যন্ত প্রায় ৭০০ লোকৰ মৃত্যু ঘটিছে। নিহতসকলৰ ভিতৰত সৰহ সংখ্যকেই শিশু আৰু মহিলা। 

২০০৮ চনৰ পাছত ইজৰাইল-পেলেষ্টাইনৰ মাজত হোৱা পাঁচখন যুদ্ধৰ ভিতৰত মঙলবাৰৰ ইজৰাইলী বিমান আক্রমণেই আটাইতকৈ মাৰাত্মক বিমান আক্রমণ হিচাপে পৰিগণিত হৈছে। ইজৰাইলৰ এই বিমান আক্রমণ সংঘটিত হয় আল-আহলী নামৰ হাস্পতাল খনত। প্রকাশিত কিছু ফটোত চিকিৎসালয়খন জুইৰ লেলিহান শিখাই আগুৰি ধৰা দেখিবলৈ পোৱা গৈছে। ধ্বংসস্তূপত পৰিণত চিকিৎসালয়খনত শৰীৰৰ অংগ ছিটিকি পৰি থকাও দেখিবলৈ পোৱা গৈছে। বোমাৰ আঘাতত ক্ষত-বিক্ষত হৈ পৰিছে পুতলা যেন লগা আলফুলীয়া শিশুবোৰৰ মুখ। 




এই আক্ৰমণৰ ঘটনাৰ বাবে হামাছে ইজৰালক দোষাৰোপ কৰাৰ বিপৰীতে ইজৰাইলে সম্পূৰ্ণৰূপে এই অভিযোগ অস্বীকাৰ কৰিছে। আনহাতে এই ভয়ংকৰ আক্ৰমণৰ বাবে ইজৰাইলে পেলেষ্টাইনৰ ইছলামিক জেহাদ সংগঠন দায়ী বুলি অভিযোগ উত্থাপন কৰিছে।  মানৱতাৰ বধ্যভূমি গাজাত এতিয়া  মৃতদেহৰ লানি দেখিবলৈ পোৱা গৈছে। মৰ্গতো মৃতদেহ ৰাখিবলৈ ঠাই নোহোৱা হৈছে। ফুলৰ দৰে কোমল আৰু মৰম লগা মৃত শিশুবোৰ নিথৰ হৈ পৰি ৰৈছে।দেখিলে এনে লাগে যেন মৃত শিশুবোৰে টোপনিত লালকাল দিছে। হঠাতে শিশুবোৰে উঠি যেন ক’ব- তোমালোকে যুদ্ধ বন্ধ কৰা, আমি শান্তিৰে শুব পৰা নাই...

FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটৰ অপহৃত কিশোৰী নগাঁৱৰ হোটেলৰ পৰা উদ্ধাৰ
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি