--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপ ২০২৩ৰ বাবে ভাৰতত উপস্থিত হৈছে পাকিস্তান ক্ৰিকেট দল। বাবৰ আজমৰ অধিনায়কত্বত থকা পাকিস্তান দলটোৱে বুধবাৰে নিশা হায়দৰাবাদত উপস্থিত হয়। ইয়াত তেওঁক বিমানবন্দৰত আদৰণি জনোৱা হৈছিল। ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ ২০২৩। তেওঁলোকৰ প্ৰথমখন খেল আহমেদাবাদত ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব। পাকিস্তানৰ প্ৰথমখন খেল নেদাৰলেণ্ডৰ বিৰুদ্ধে। এই খেলখন অহা ৬ অক্টোবৰত হায়দৰাবাদত অনুষ্ঠিত হ’ব।

হায়দৰাবাদ বিমানবন্দৰত দেখা গ’ল পাকিস্তান ক্ৰিকেট দলৰ খেলুৱৈ। বাবৰ আজম, শ্বাহীন আফ্ৰিদি, ফখৰ জামান, ইমাম-উল হককে ধৰি বহু খেলুৱৈক দেখা গ’ল। এইবোৰৰ সমান্তৰালকৈ ক্ৰিকেট দলৰ সহায়ক কৰ্মচাৰীও ভাৰতত উপস্থিত হৈছে। পাক খেলুৱৈ বিমানবন্দৰৰ পৰা পোনে পোনে হোটেললৈ গৈছে। পাকিস্তানী খেলুৱৈক চাবলৈ হায়দৰাবাদ বিমানবন্দৰৰ বাহিৰলৈ আহিছিল বহু অনুৰাগী। অনুৰাগীয়ে মোবাইলৰ পৰা পাকিস্তানী খেলুৱৈৰ ফটো ক্লিক কৰিছিল।

উল্লেখযোগ্য যে ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনলৈ ক্ৰিকেট অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে। নেদাৰলেণ্ডৰ সৈতে খেলাৰ পাছত ১০ অক্টোবৰত শ্ৰীলংকাৰ বিৰুদ্ধে খেলপথাৰত নামিব পাকিস্তান দলটোৱে। এই খেলখন হায়দৰাবাদতো অনুষ্ঠিত হ’ব। ইয়াৰ পিছত ১৪ অক্টোবৰত আহমেদাবাদত অনুষ্ঠিত হ’ব ভাৰত আৰু পাকিস্তানৰ মাজত খেলখন। ছেমি ফাইনেলৰ পূৰ্বে পাকিস্তানৰ অন্তিমখন খেল হ’ব ইংলেণ্ডৰ বিৰুদ্ধে। এই খেলখন অহা ১১ নৱেম্বৰত কলকাতাত অনুষ্ঠিত হ’ব।

বিশ্বকাপ ২০২৩ৰ বাবে পাকিস্তান দল : বাবৰ আজম (অধিনায়ক), ছাদাব খান, ফখৰ জামান, ইমাম-উল-হক, আব্দুল্লা ছফিক, মহম্মদ ৰিজৱান, চৌদ শ্বাকিল, ইফতিকাৰ আহমেদ, ছলমান আলী আগা, মহম্মদ নৱাজ, উছামা মিৰ, হেৰিছ ৰৌফ , হাছান আলী, শ্বাহীন আফ্ৰিদি, মহম্মদ ৱাছিম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু