--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপ ২০২৩ৰ বাবে ভাৰতত উপস্থিত হৈছে পাকিস্তান ক্ৰিকেট দল। বাবৰ আজমৰ অধিনায়কত্বত থকা পাকিস্তান দলটোৱে বুধবাৰে নিশা হায়দৰাবাদত উপস্থিত হয়। ইয়াত তেওঁক বিমানবন্দৰত আদৰণি জনোৱা হৈছিল। ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ ২০২৩। তেওঁলোকৰ প্ৰথমখন খেল আহমেদাবাদত ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব। পাকিস্তানৰ প্ৰথমখন খেল নেদাৰলেণ্ডৰ বিৰুদ্ধে। এই খেলখন অহা ৬ অক্টোবৰত হায়দৰাবাদত অনুষ্ঠিত হ’ব।

হায়দৰাবাদ বিমানবন্দৰত দেখা গ’ল পাকিস্তান ক্ৰিকেট দলৰ খেলুৱৈ। বাবৰ আজম, শ্বাহীন আফ্ৰিদি, ফখৰ জামান, ইমাম-উল হককে ধৰি বহু খেলুৱৈক দেখা গ’ল। এইবোৰৰ সমান্তৰালকৈ ক্ৰিকেট দলৰ সহায়ক কৰ্মচাৰীও ভাৰতত উপস্থিত হৈছে। পাক খেলুৱৈ বিমানবন্দৰৰ পৰা পোনে পোনে হোটেললৈ গৈছে। পাকিস্তানী খেলুৱৈক চাবলৈ হায়দৰাবাদ বিমানবন্দৰৰ বাহিৰলৈ আহিছিল বহু অনুৰাগী। অনুৰাগীয়ে মোবাইলৰ পৰা পাকিস্তানী খেলুৱৈৰ ফটো ক্লিক কৰিছিল।

উল্লেখযোগ্য যে ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনলৈ ক্ৰিকেট অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে। নেদাৰলেণ্ডৰ সৈতে খেলাৰ পাছত ১০ অক্টোবৰত শ্ৰীলংকাৰ বিৰুদ্ধে খেলপথাৰত নামিব পাকিস্তান দলটোৱে। এই খেলখন হায়দৰাবাদতো অনুষ্ঠিত হ’ব। ইয়াৰ পিছত ১৪ অক্টোবৰত আহমেদাবাদত অনুষ্ঠিত হ’ব ভাৰত আৰু পাকিস্তানৰ মাজত খেলখন। ছেমি ফাইনেলৰ পূৰ্বে পাকিস্তানৰ অন্তিমখন খেল হ’ব ইংলেণ্ডৰ বিৰুদ্ধে। এই খেলখন অহা ১১ নৱেম্বৰত কলকাতাত অনুষ্ঠিত হ’ব।

বিশ্বকাপ ২০২৩ৰ বাবে পাকিস্তান দল : বাবৰ আজম (অধিনায়ক), ছাদাব খান, ফখৰ জামান, ইমাম-উল-হক, আব্দুল্লা ছফিক, মহম্মদ ৰিজৱান, চৌদ শ্বাকিল, ইফতিকাৰ আহমেদ, ছলমান আলী আগা, মহম্মদ নৱাজ, উছামা মিৰ, হেৰিছ ৰৌফ , হাছান আলী, শ্বাহীন আফ্ৰিদি, মহম্মদ ৱাছিম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ