--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেপালে ক্ৰিকেট খেলি অভিলেখ ভাঙিছে। এছিয়ান গেমছত নেপালে এখন খেলত তিনিটা বিশ্ব অভিলেখ ভংগ কৰে।

টি-২০ ক্ৰিকেটত সৰ্বাধিক দ্ৰুত অৰ্ধশতক অৰ্জন কৰাৰ অভিলেখ গঢ়িলে নেপালৰ বেটছমেন দিপেন্দ্ৰ সিং আইৰীয়ে। ২০০৭ চনৰ টি-২০ বিশ্বকাপত যুৱৰাজ সিঙৰ অভিলেখ ভংগ কৰে।

একেখন মেচতে সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰাৰ অভিলেখ গঢ়িলে কুশল মাল্লাই। তেওঁ ৰোহিত শৰ্মা আৰু ডেভিদ মিলাৰৰ অভিলেখ ভংগ কৰে।  কুশলে মাত্ৰ ৩৪টা বলতে শতক অৰ্জন কৰে। ইয়াৰ পূৰ্বে ভাৰতৰ ৰোহিত আৰু দক্ষিণ আফ্ৰিকাৰ মিলাৰে টি-২০ ক্ৰিকেটত ৩৫ বলত শতক অৰ্জন কৰিছিল। ২০১৭ চনত শ্ৰীলংকাৰ বিৰুদ্ধে ৰোহিতে আৰু বাংলাদেশৰ বিৰুদ্ধে মিলাৰে নজিৰ গঢ়ি তুলিছিল।

টি-২০ত নেপালে এটা ইনিংছত ৩১৪ ৰান সংগ্ৰহ কৰে। এয়াও বিশ্ব অভিলেখ। ইয়াৰ পূৰ্বে কোনো টি-২০ মেচত ৩০০ ৰান কৰা হোৱা নাই। ইয়াৰ পূৰ্বে টি-২০ত এটা ইনিংছত সৰ্বাধিক ৰানৰ অভিলেখ আফগানিস্তানৰ হাতত আছিল। ২০১৯ চনত আয়াৰলেণ্ডৰ বিৰুদ্ধে ২০ অভাৰত ২৭৮ ৰান সংগ্ৰহ কৰি ৰছিদ খানেৰাই ৩ উইকেট হেৰুৱাইছিল।

এছিয়ান গেমছত প্ৰথমবাৰ বাবে খেলোৱা হৈছে পুৰুষৰ ক্ৰিকেট। তাত নেপালে মংগোলিয়াৰ বিৰুদ্ধে এই তিনিটা বিশ্ব অভিলেখ গঢ়ে।

মেচখনত প্ৰথমে বেটিং কৰি নেপালে ২০ অভাৰত ৩টা উইকেট হেৰুৱাই ৩১৪ ৰান সংগ্ৰহ কৰে। কুশল মাল্লাই নেপালৰ হৈ শতকীয় ইনিংছ খেলে। তিনি নম্বৰত বেটিং কৰিবলৈ নামি শেষলৈকে অপৰাজিত হৈ থাকে।  শেষত কুশলে ৫০টা বলত ১৩৭ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে। তেওঁ ৮টা চাৰি আৰু ১২টা ছয় মাৰে।

পাঁচ নম্বৰ স্থানত বেটিং কৰিবলৈ নামি দিপেন্দ্ৰই আন এক নজিৰ গঢ়ি তুলিছিল।  নেপালৰ বেটছমেনে মাত্ৰ ৯টা বলত ৫০ ৰান সম্পূৰ্ণ কৰে। শেষত ১০টা বলত ৫২ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। দীপেন্দ্ৰই ১০টা বলৰ ভিতৰত ৮টা ছয় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement