--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেপালে ক্ৰিকেট খেলি অভিলেখ ভাঙিছে। এছিয়ান গেমছত নেপালে এখন খেলত তিনিটা বিশ্ব অভিলেখ ভংগ কৰে।

টি-২০ ক্ৰিকেটত সৰ্বাধিক দ্ৰুত অৰ্ধশতক অৰ্জন কৰাৰ অভিলেখ গঢ়িলে নেপালৰ বেটছমেন দিপেন্দ্ৰ সিং আইৰীয়ে। ২০০৭ চনৰ টি-২০ বিশ্বকাপত যুৱৰাজ সিঙৰ অভিলেখ ভংগ কৰে।

একেখন মেচতে সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰাৰ অভিলেখ গঢ়িলে কুশল মাল্লাই। তেওঁ ৰোহিত শৰ্মা আৰু ডেভিদ মিলাৰৰ অভিলেখ ভংগ কৰে।  কুশলে মাত্ৰ ৩৪টা বলতে শতক অৰ্জন কৰে। ইয়াৰ পূৰ্বে ভাৰতৰ ৰোহিত আৰু দক্ষিণ আফ্ৰিকাৰ মিলাৰে টি-২০ ক্ৰিকেটত ৩৫ বলত শতক অৰ্জন কৰিছিল। ২০১৭ চনত শ্ৰীলংকাৰ বিৰুদ্ধে ৰোহিতে আৰু বাংলাদেশৰ বিৰুদ্ধে মিলাৰে নজিৰ গঢ়ি তুলিছিল।

টি-২০ত নেপালে এটা ইনিংছত ৩১৪ ৰান সংগ্ৰহ কৰে। এয়াও বিশ্ব অভিলেখ। ইয়াৰ পূৰ্বে কোনো টি-২০ মেচত ৩০০ ৰান কৰা হোৱা নাই। ইয়াৰ পূৰ্বে টি-২০ত এটা ইনিংছত সৰ্বাধিক ৰানৰ অভিলেখ আফগানিস্তানৰ হাতত আছিল। ২০১৯ চনত আয়াৰলেণ্ডৰ বিৰুদ্ধে ২০ অভাৰত ২৭৮ ৰান সংগ্ৰহ কৰি ৰছিদ খানেৰাই ৩ উইকেট হেৰুৱাইছিল।

এছিয়ান গেমছত প্ৰথমবাৰ বাবে খেলোৱা হৈছে পুৰুষৰ ক্ৰিকেট। তাত নেপালে মংগোলিয়াৰ বিৰুদ্ধে এই তিনিটা বিশ্ব অভিলেখ গঢ়ে।

মেচখনত প্ৰথমে বেটিং কৰি নেপালে ২০ অভাৰত ৩টা উইকেট হেৰুৱাই ৩১৪ ৰান সংগ্ৰহ কৰে। কুশল মাল্লাই নেপালৰ হৈ শতকীয় ইনিংছ খেলে। তিনি নম্বৰত বেটিং কৰিবলৈ নামি শেষলৈকে অপৰাজিত হৈ থাকে।  শেষত কুশলে ৫০টা বলত ১৩৭ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে। তেওঁ ৮টা চাৰি আৰু ১২টা ছয় মাৰে।

পাঁচ নম্বৰ স্থানত বেটিং কৰিবলৈ নামি দিপেন্দ্ৰই আন এক নজিৰ গঢ়ি তুলিছিল।  নেপালৰ বেটছমেনে মাত্ৰ ৯টা বলত ৫০ ৰান সম্পূৰ্ণ কৰে। শেষত ১০টা বলত ৫২ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। দীপেন্দ্ৰই ১০টা বলৰ ভিতৰত ৮টা ছয় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু