--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দোষমুক্ত হ’ল সিংহলী বেটছমেন দনুষ্কা গুণতিলকা৷ শেহতীয়াকৈ শ্ৰীলংকাৰ ক্ৰিকেটাৰ দনুষ্কা গুণতিলকাৰ বিৰুদ্ধে ধৰ্ষণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। কিন্তু এতিয়া এই বিষয়ত ডাঙৰ সকাহ পাইছে দনুষ্কা গুণতিলকাই।দৰাচলতে দনুষ্কা গুণতিলকাই এই সন্দৰ্ভত ক্লিনশ্বীট লাভ কৰিছে। অষ্ট্ৰেলিয়াৰ নিউ চাউথ ৱেলছ আদালতে শ্ৰীলংকাৰ ক্ৰিকেটাৰগৰাকীক নিৰ্দোষী বুলি ঘোষণা কৰিছে।

ইফালে সকাহ পোৱাৰ পাছত দনুষ্কা গুণতিলকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে মোৰ জীৱনটো আকৌ স্বাভাৱিক হৈ পৰিছে, মই বহুত সুখী, মই অতি সোনকালে ক্ৰিকেট খেলপথাৰলৈ ঘূৰি আহিব বিচাৰো। পুনৰ ক্ৰিকেট খেলপথাৰলৈ ঘূৰি আহিবলৈ পাই মই অতিশয় উৎসাহিত হৈছো।  

প্ৰায় ৫ মাহ পূৰ্বে অষ্ট্ৰেলিয়াৰ নিউ চাউথ ৱেলছত দনুষ্কা গুণতিলকাৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উঠিছিল যদিও এতিয়া ক্ৰিকেটাৰগৰাকীয়ে সমগ্ৰ বিষয়টোত ক্লিনশ্বীট পাইছে।

এতিয়ালৈকে দনুষ্কা গুণতিলকাই শ্ৰীলংকাৰ হৈ ৮খন টেষ্ট মেচ খেলিছে। ইয়াৰ উপৰিও দনুষ্কা গুণতিলকাই শ্ৰীলংকাক প্ৰতিনিধিত্ব কৰি ৪৭খন এদিনীয়া আৰু ৪৬খন টি-২০ মেচত অংশগ্ৰহণ কৰিছে। দনুষ্কাই ৮খন টেষ্ট মেচত ২৯৯ ৰান সংগ্ৰহ কৰিছে। টেষ্ট ফৰ্মেটত দনুষ্কাৰ গড় ১৮.৬৯ হোৱাৰ বিপৰীতে ষ্ট্ৰাইক ৰেট ৫০.০৮। টেষ্ট ফৰ্মেটত তেওঁৰ নামত ২টা অৰ্ধশতক আছে। তদুপৰি তেওঁ ৪৭খন এদিনীয়া মেচত গড়ে ৩৫.৫৮ আৰু ষ্ট্ৰাইক ৰেট ৮৬.৮২ৰে ১৬০১ ৰান সংগ্ৰহ কৰিছে। এদিনীয়া ফৰ্মেটত দুবাৰকৈ শতক অৰ্জন কৰিছে দনুষ্কাই। টি-২০ ফৰ্মেটত ১২০.৪৯ ষ্ট্ৰাইক ৰেট আৰু গড়ে ৩৫.৫৮ ৰানত ৭৪১ ৰান সংগ্ৰহ কৰিছে দনুষ্কা গুণতিলকাই।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ