--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দোষমুক্ত হ’ল সিংহলী বেটছমেন দনুষ্কা গুণতিলকা৷ শেহতীয়াকৈ শ্ৰীলংকাৰ ক্ৰিকেটাৰ দনুষ্কা গুণতিলকাৰ বিৰুদ্ধে ধৰ্ষণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। কিন্তু এতিয়া এই বিষয়ত ডাঙৰ সকাহ পাইছে দনুষ্কা গুণতিলকাই।দৰাচলতে দনুষ্কা গুণতিলকাই এই সন্দৰ্ভত ক্লিনশ্বীট লাভ কৰিছে। অষ্ট্ৰেলিয়াৰ নিউ চাউথ ৱেলছ আদালতে শ্ৰীলংকাৰ ক্ৰিকেটাৰগৰাকীক নিৰ্দোষী বুলি ঘোষণা কৰিছে।

ইফালে সকাহ পোৱাৰ পাছত দনুষ্কা গুণতিলকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে মোৰ জীৱনটো আকৌ স্বাভাৱিক হৈ পৰিছে, মই বহুত সুখী, মই অতি সোনকালে ক্ৰিকেট খেলপথাৰলৈ ঘূৰি আহিব বিচাৰো। পুনৰ ক্ৰিকেট খেলপথাৰলৈ ঘূৰি আহিবলৈ পাই মই অতিশয় উৎসাহিত হৈছো।  

প্ৰায় ৫ মাহ পূৰ্বে অষ্ট্ৰেলিয়াৰ নিউ চাউথ ৱেলছত দনুষ্কা গুণতিলকাৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উঠিছিল যদিও এতিয়া ক্ৰিকেটাৰগৰাকীয়ে সমগ্ৰ বিষয়টোত ক্লিনশ্বীট পাইছে।

এতিয়ালৈকে দনুষ্কা গুণতিলকাই শ্ৰীলংকাৰ হৈ ৮খন টেষ্ট মেচ খেলিছে। ইয়াৰ উপৰিও দনুষ্কা গুণতিলকাই শ্ৰীলংকাক প্ৰতিনিধিত্ব কৰি ৪৭খন এদিনীয়া আৰু ৪৬খন টি-২০ মেচত অংশগ্ৰহণ কৰিছে। দনুষ্কাই ৮খন টেষ্ট মেচত ২৯৯ ৰান সংগ্ৰহ কৰিছে। টেষ্ট ফৰ্মেটত দনুষ্কাৰ গড় ১৮.৬৯ হোৱাৰ বিপৰীতে ষ্ট্ৰাইক ৰেট ৫০.০৮। টেষ্ট ফৰ্মেটত তেওঁৰ নামত ২টা অৰ্ধশতক আছে। তদুপৰি তেওঁ ৪৭খন এদিনীয়া মেচত গড়ে ৩৫.৫৮ আৰু ষ্ট্ৰাইক ৰেট ৮৬.৮২ৰে ১৬০১ ৰান সংগ্ৰহ কৰিছে। এদিনীয়া ফৰ্মেটত দুবাৰকৈ শতক অৰ্জন কৰিছে দনুষ্কাই। টি-২০ ফৰ্মেটত ১২০.৪৯ ষ্ট্ৰাইক ৰেট আৰু গড়ে ৩৫.৫৮ ৰানত ৭৪১ ৰান সংগ্ৰহ কৰিছে দনুষ্কা গুণতিলকাই।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু