--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি বাস কৰা দেশ খনক বহুতেই ভাৰত বুলি কোৱাৰ লগতে বহুতে ইণ্ডিয়া বুলিও কয়৷  ইণ্ডিয়া হৈছে ভাৰতৰ ইংৰাজী নাম৷ এই শব্দটো   গ্ৰীক শব্দ  হেৰোডোটাছৰ (খ্ৰীষ্টপূৰ্ব ৫ম শতিকা)সময়ৰ পৰা লেটিন, পাৰ্চী ভাষাৰ জৰিয়তে বিকশিত হৈছিল। ইণ্ডিয়াই সিন্ধু নদীৰ পাৰৰ   এলেকাটো বুজাইছিল। ইণ্ডিয়া  শব্দটো এংলো-চেক্সনসকলেও ব্যৱহাৰ কৰিছিল আৰু এই শব্দটো ৰজা আলফ্ৰেডৰ অৰোছিয়াছৰ অনুবাদ কৰ্মতো  পোৱা যায়।

  ফৰাচীসকলৰ প্ৰভাৱত শব্দটো য়েণ্ডে বা ইণ্ডে হৈ পৰে, যি ইণ্ডি হিচাপে প্ৰাৰম্ভিকভাবে  আধুনিক ইংৰাজী ভাষাত প্ৰৱেশ কৰে৷। সপ্তদশ শতিকাৰ পৰা ইণ্ডিয়া নামটো ব্যৱহাৰ হৈ আহিছে।আনহাতে ভাৰত  নামটো বিভিন্ন প্ৰাচীন সংস্কৃত পুৰাণৰ পৰা আহিছে। ভাৰত  নামটো বায়ু পুৰাণত পোৱা যায়। ভাৰত মূলতঃ 'অগ্নি' দেৱতাৰ এটা নাম। ঋগ্বেদত এই এলেকাৰ অধিবাসীসকলক ,  ভাৰতীয় বুলি কোৱা হৈছে। মহাভাৰতত ভৰতৰ ৰাজ্যক ভাৰতবৰ্ষ বুলি কোৱা হৈছে। ভগৱৎ পুৰাণত ভাৰত শব্দটো জাতা ভাৰতৰ নামৰ পৰা আহিছে বুলি কোৱা হয়। ইংৰাজীত ইণ্ডিয়া  শব্দটো সিন্ধু নদীৰ মূল পাৰ্চী নাম হিন্দুৰ পৰা উদ্ভৱ হৈছে বুলি জনা যায়। প্ৰাচীন গ্ৰীকসকলে ভাৰতীয়সকলক ইন্দোই বা 'ইন্দাছ'  নদী অৱবাহিকাৰ বুলি কৈছিল। 'ইণ্ডিয়া' নামটো 'ইন্দাছ' নামৰ পৰা উদ্ভৱ হৈছে বুলি ধাৰণা কৰা হয়৷ ।



ইন্দাছ /সিন্ধু  নদীৰ অৱবাহিকাত বাস কৰা সকলক হিন্দু বুলি কোৱা হৈছিল। ভাৰত নামটো হিন্দু পৌৰাণিক ৰজা ভৰতৰ নামৰ পৰা উদ্ভৱ হৈছে। কোৱা হয় যে এই অঞ্চল  ৰজা ভৰতক দিয়া হৈছিল, সেয়েহে ইয়াক ভাৰতবৰ্ষ বুলি কোৱা হয়। 

হিন্দুস্তান শব্দটো সিদ্ধু নদীৰ মূল পাৰ্চী নাম হিন্দুৰ পৰা উদ্ভৱ হ'ব পাৰে। তেতিয়াৰে পৰা, সিন্ধু নদী অৱবাহিকাত বাস কৰা লোকসকলক হিন্দ বা হিন্দুসকলৰ বংশধৰ বুলি জনা গৈছিল। সেই হিন্দুসকলৰ বাসস্থানক পিছলৈ হিন্দুস্তান বা 'হিন্দুসকলৰ দেশ' বুলি জনা গৈছিল।

আনহাতে ভাৰতৰ নাম আৰ্যদেশ হোৱাৰ আঁৰত দুটা কাৰণ আছে।পুৰণি লিপিৰ পৰা জনা যায় যে বহুতে  আগতে ভাৰতক জম্বুদ্বীপ  বুলি কৈছিল । সূৰ্যসিদ্ধান্তৰ  লিখনিত জম্বুদ্বীপ শব্দটো  পোৱা যায়। আক্ষৰিক অৰ্থত, ইয়াৰ অৰ্থ হৈছে জাম গছৰে ভৰি থকা দ্বীপ, কিন্তু পৰম্পৰাগত মতবাদ (অৰ্থাৎ হিন্দু ,বৌদ্ধ বা জৈন) অনুসৰি, জম্বুদ্বীপৰ অৰ্থ হৈছে "সাধাৰণ মানুহৰ বাসস্থান"।  


ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ - "ইণ্ডিয়া" আৰু "ভাৰত" দুয়োটা শব্দই  ভাৰতৰ সংবিধানৰ প্ৰথম অনুচ্ছেদত (অনুচ্ছেদ ১) মানি লোৱা হৈছে আৰু কোৱা হৈছে যে "ইণ্ডিয়া , অৰ্থাৎ ভাৰত, ৰাজ্যসমূহৰ এক সংঘ হ'ব", সেয়েহে "ইণ্ডিয়া" আৰু "ভাৰত"ক গণৰাজ্যৰ চৰকাৰী সংক্ষিপ্তৰূপ হিচাপে সমানে স্বীকৃতি দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস