--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি বাস কৰা দেশ খনক বহুতেই ভাৰত বুলি কোৱাৰ লগতে বহুতে ইণ্ডিয়া বুলিও কয়৷  ইণ্ডিয়া হৈছে ভাৰতৰ ইংৰাজী নাম৷ এই শব্দটো   গ্ৰীক শব্দ  হেৰোডোটাছৰ (খ্ৰীষ্টপূৰ্ব ৫ম শতিকা)সময়ৰ পৰা লেটিন, পাৰ্চী ভাষাৰ জৰিয়তে বিকশিত হৈছিল। ইণ্ডিয়াই সিন্ধু নদীৰ পাৰৰ   এলেকাটো বুজাইছিল। ইণ্ডিয়া  শব্দটো এংলো-চেক্সনসকলেও ব্যৱহাৰ কৰিছিল আৰু এই শব্দটো ৰজা আলফ্ৰেডৰ অৰোছিয়াছৰ অনুবাদ কৰ্মতো  পোৱা যায়।

  ফৰাচীসকলৰ প্ৰভাৱত শব্দটো য়েণ্ডে বা ইণ্ডে হৈ পৰে, যি ইণ্ডি হিচাপে প্ৰাৰম্ভিকভাবে  আধুনিক ইংৰাজী ভাষাত প্ৰৱেশ কৰে৷। সপ্তদশ শতিকাৰ পৰা ইণ্ডিয়া নামটো ব্যৱহাৰ হৈ আহিছে।আনহাতে ভাৰত  নামটো বিভিন্ন প্ৰাচীন সংস্কৃত পুৰাণৰ পৰা আহিছে। ভাৰত  নামটো বায়ু পুৰাণত পোৱা যায়। ভাৰত মূলতঃ 'অগ্নি' দেৱতাৰ এটা নাম। ঋগ্বেদত এই এলেকাৰ অধিবাসীসকলক ,  ভাৰতীয় বুলি কোৱা হৈছে। মহাভাৰতত ভৰতৰ ৰাজ্যক ভাৰতবৰ্ষ বুলি কোৱা হৈছে। ভগৱৎ পুৰাণত ভাৰত শব্দটো জাতা ভাৰতৰ নামৰ পৰা আহিছে বুলি কোৱা হয়। ইংৰাজীত ইণ্ডিয়া  শব্দটো সিন্ধু নদীৰ মূল পাৰ্চী নাম হিন্দুৰ পৰা উদ্ভৱ হৈছে বুলি জনা যায়। প্ৰাচীন গ্ৰীকসকলে ভাৰতীয়সকলক ইন্দোই বা 'ইন্দাছ'  নদী অৱবাহিকাৰ বুলি কৈছিল। 'ইণ্ডিয়া' নামটো 'ইন্দাছ' নামৰ পৰা উদ্ভৱ হৈছে বুলি ধাৰণা কৰা হয়৷ ।



ইন্দাছ /সিন্ধু  নদীৰ অৱবাহিকাত বাস কৰা সকলক হিন্দু বুলি কোৱা হৈছিল। ভাৰত নামটো হিন্দু পৌৰাণিক ৰজা ভৰতৰ নামৰ পৰা উদ্ভৱ হৈছে। কোৱা হয় যে এই অঞ্চল  ৰজা ভৰতক দিয়া হৈছিল, সেয়েহে ইয়াক ভাৰতবৰ্ষ বুলি কোৱা হয়। 

হিন্দুস্তান শব্দটো সিদ্ধু নদীৰ মূল পাৰ্চী নাম হিন্দুৰ পৰা উদ্ভৱ হ'ব পাৰে। তেতিয়াৰে পৰা, সিন্ধু নদী অৱবাহিকাত বাস কৰা লোকসকলক হিন্দ বা হিন্দুসকলৰ বংশধৰ বুলি জনা গৈছিল। সেই হিন্দুসকলৰ বাসস্থানক পিছলৈ হিন্দুস্তান বা 'হিন্দুসকলৰ দেশ' বুলি জনা গৈছিল।

আনহাতে ভাৰতৰ নাম আৰ্যদেশ হোৱাৰ আঁৰত দুটা কাৰণ আছে।পুৰণি লিপিৰ পৰা জনা যায় যে বহুতে  আগতে ভাৰতক জম্বুদ্বীপ  বুলি কৈছিল । সূৰ্যসিদ্ধান্তৰ  লিখনিত জম্বুদ্বীপ শব্দটো  পোৱা যায়। আক্ষৰিক অৰ্থত, ইয়াৰ অৰ্থ হৈছে জাম গছৰে ভৰি থকা দ্বীপ, কিন্তু পৰম্পৰাগত মতবাদ (অৰ্থাৎ হিন্দু ,বৌদ্ধ বা জৈন) অনুসৰি, জম্বুদ্বীপৰ অৰ্থ হৈছে "সাধাৰণ মানুহৰ বাসস্থান"।  


ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ - "ইণ্ডিয়া" আৰু "ভাৰত" দুয়োটা শব্দই  ভাৰতৰ সংবিধানৰ প্ৰথম অনুচ্ছেদত (অনুচ্ছেদ ১) মানি লোৱা হৈছে আৰু কোৱা হৈছে যে "ইণ্ডিয়া , অৰ্থাৎ ভাৰত, ৰাজ্যসমূহৰ এক সংঘ হ'ব", সেয়েহে "ইণ্ডিয়া" আৰু "ভাৰত"ক গণৰাজ্যৰ চৰকাৰী সংক্ষিপ্তৰূপ হিচাপে সমানে স্বীকৃতি দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান