--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্ব জয় কৰি বৃহস্পতিবাৰে মাথো দেশলৈ উভতি আহিছিলহে, কিন্তু দেশত বেছি পৰ নাথাকি পুনৰ বিদেশলৈ উৰা মাৰিলে বিৰাট কোহলীয়ে। কালি মুম্বাইৰ মেৰিন দ্ৰাইভত সমৰ্থকৰ সৈতে বিশ্বকাপ জয়ৰ আনন্দ উদযাপন কৰি এতিয়া লণ্ডনলৈ বুলি উৰা মাৰিছে বিৰাট কোহলীয়ে।  পৰিয়ালৰ সৈতে সময় কটাবলৈ বিৰাট কোহলীয়ে লণ্ডনলৈ উৰা মাৰিছে। জানিব পৰা মতে, তাৰকা ক্ৰিকেটাৰগৰাকীয়ে বৃহস্পতিবাৰে নিশাই মুম্বাইৰ পৰা লণ্ডনলৈ ৰাওনা হয়। সূত্ৰ অনুসৰি বিৰাটৰ পত্নী অনুষ্কা দুই সন্তানৰ সৈতে লণ্ডনতে আছে।  কোহলীয়ে সেয়ে এতিয়া পৰিয়ালৰ সৈতে সময় কটাবলৈ  লণ্ডনলৈ উৰা মাৰিছে। 

বৃহস্পতিবাৰে দেশলৈ  উভতি আহে আইচিচি টি-২০ বিশ্বকাপ ২০২৪ৰ চেম্পিয়ন ভাৰতীয় দলটো। দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি দলটোৱে মুম্বাইলৈ উৰা মাৰিছিল। ৱানখেড়ে  ষ্টেডিয়ামত আয়োজন কৰা হৈছিল বিশেষ বিজয় উৎসৱৰ।

ভাৰতীয় দলটোৱে  দিল্লী পোৱাৰ পাছত বিৰাটৰ পৰিয়ালৰ লোকে তেওঁক লগ কৰিবলৈ আহিছিল। কোহলীৰ ভগ্নী ভাৱনা আৰু তেওঁৰ পৰিয়ালৰ লোকে  হোটেললৈ গৈছিল। বিশ্বকাপ বিজয়ী তাৰকাগৰাকীয়েও তেওঁলোকৰ সৈতে   ছবি তুলিছিল। অনুষ্কায়ো সেই ছবিখনত প্ৰেমৰ ইমোজিৰে উত্তৰ দিছিল। দিল্লীত পৰিয়ালৰ লোকক লগ পোৱাৰ পাছত বিৰাটে টিম ইণ্ডিয়াৰ সৈতে মুম্বাইলৈ উৰা মাৰিছিল।বৃহস্পতিবাৰে ৱানখেড়ে  ষ্টেডিয়ামত উদযাপনৰ পিছত মুম্বাই বিমানবন্দৰত দেখা গৈছিল বিৰাটক। সূত্ৰ অনুসৰি  কোহলি লণ্ডনলৈ ৰাওনা হয় নিশাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ