--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্ব জয় কৰি বৃহস্পতিবাৰে মাথো দেশলৈ উভতি আহিছিলহে, কিন্তু দেশত বেছি পৰ নাথাকি পুনৰ বিদেশলৈ উৰা মাৰিলে বিৰাট কোহলীয়ে। কালি মুম্বাইৰ মেৰিন দ্ৰাইভত সমৰ্থকৰ সৈতে বিশ্বকাপ জয়ৰ আনন্দ উদযাপন কৰি এতিয়া লণ্ডনলৈ বুলি উৰা মাৰিছে বিৰাট কোহলীয়ে।  পৰিয়ালৰ সৈতে সময় কটাবলৈ বিৰাট কোহলীয়ে লণ্ডনলৈ উৰা মাৰিছে। জানিব পৰা মতে, তাৰকা ক্ৰিকেটাৰগৰাকীয়ে বৃহস্পতিবাৰে নিশাই মুম্বাইৰ পৰা লণ্ডনলৈ ৰাওনা হয়। সূত্ৰ অনুসৰি বিৰাটৰ পত্নী অনুষ্কা দুই সন্তানৰ সৈতে লণ্ডনতে আছে।  কোহলীয়ে সেয়ে এতিয়া পৰিয়ালৰ সৈতে সময় কটাবলৈ  লণ্ডনলৈ উৰা মাৰিছে। 

বৃহস্পতিবাৰে দেশলৈ  উভতি আহে আইচিচি টি-২০ বিশ্বকাপ ২০২৪ৰ চেম্পিয়ন ভাৰতীয় দলটো। দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি দলটোৱে মুম্বাইলৈ উৰা মাৰিছিল। ৱানখেড়ে  ষ্টেডিয়ামত আয়োজন কৰা হৈছিল বিশেষ বিজয় উৎসৱৰ।

ভাৰতীয় দলটোৱে  দিল্লী পোৱাৰ পাছত বিৰাটৰ পৰিয়ালৰ লোকে তেওঁক লগ কৰিবলৈ আহিছিল। কোহলীৰ ভগ্নী ভাৱনা আৰু তেওঁৰ পৰিয়ালৰ লোকে  হোটেললৈ গৈছিল। বিশ্বকাপ বিজয়ী তাৰকাগৰাকীয়েও তেওঁলোকৰ সৈতে   ছবি তুলিছিল। অনুষ্কায়ো সেই ছবিখনত প্ৰেমৰ ইমোজিৰে উত্তৰ দিছিল। দিল্লীত পৰিয়ালৰ লোকক লগ পোৱাৰ পাছত বিৰাটে টিম ইণ্ডিয়াৰ সৈতে মুম্বাইলৈ উৰা মাৰিছিল।বৃহস্পতিবাৰে ৱানখেড়ে  ষ্টেডিয়ামত উদযাপনৰ পিছত মুম্বাই বিমানবন্দৰত দেখা গৈছিল বিৰাটক। সূত্ৰ অনুসৰি  কোহলি লণ্ডনলৈ ৰাওনা হয় নিশাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু