--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘূৰ্ণীবতাহ বেৰিলৰ বাবে বাৰ্বাডোছত আবদ্ধ হৈ পৰিছিল ভাৰতীয় দলটো। বুধবাৰে দেশ অভিমুখে ৰাওনা হৈছে। ইয়াৰ পূৰ্বে বিৰাট কোহলিয়ে হোটেলৰ বেলকনিৰ পৰা ভিডিঅ’ কল কৰা দেখা গৈছিল। অনুষ্কা শৰ্মাক তেওঁ বাৰ্বাডোছৰ পৰিস্থিতি দেখুৱাইছিল বুলি অনুমান কৰা হৈছে।

শনিবাৰে ভাৰতে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি টি-২০ বিশ্বকাপত জয়লাভ কৰে। তেতিয়াৰ পৰাই দলটো বাৰ্বাডোছত আবদ্ধ হৈ পৰিছে। বেৰিলৰ ঘূৰ্ণীবতাহ। প্ৰভাৱ পৰিছে ব্ৰীজটাউনত। হয়তো বিৰাটে ধুমুহাৰ ভিডিঅ’ কলত পত্নীক দেখুৱাইছে। এনে এটা দৃশ্য দৃষ্টিগোচৰ হ’ল। হোটেলৰ বেলকনিত তেওঁৰ ফোনটো লৈ বিৰাটক দেখা যায়। কাৰোবাৰ লগত ভিডিঅ’ কল কৰি ঘূৰি ফুৰিছে। অনুষ্কাৰ লগত যেন কথা পাতি আছিল।

মঙলবাৰে খবৰ আহিছিল যে বুধবাৰে পুৱা (ভাৰত সময় অনুসৰি) ভাৰতৰ দলটোৱে দেশলৈ ৰাওনা হোৱাৰ সম্ভাৱনা আছে। কিন্তু সেয়া সম্ভৱ হোৱা নাছিল। মঙলবাৰে এগৰাকী সাংবাদিকে কয়, ‘ভাল খবৰ। বাৰ্বাডোছৰ পৰা যাত্ৰা কৰিব ভাৰতীয় দলটো। বিচিচিআইয়ে বিশেষ বিমানৰ ব্যৱস্থা কৰিছে। মঙলবাৰে স্থানীয় সময় অনুসৰি সন্ধিয়া ৬ বজাত বিমানখন যাত্ৰা কৰিব।” কিন্তু নহ’ল। জানিব পৰা মতে ৰোহিত শৰ্মা কেইঘণ্টামান পলমকৈ গুচি যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ