--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিশ্বকাপ জয় কৰিবলৈ বাংলাদেশে অষ্ট্ৰেলিয়ালৈ যোৱা নাই! যদিহে ভাৰতক বাংলাদেশে পৰাস্ত কৰে, তেন্তে এয়া অঘটনহে হব। নিজেই এই ভাষ্য প্ৰদান কৰিছে বাংলাদেশৰ অধিনায়ক ছাকিব উল হাছানে।

 

টি২০ বিশ্বকাপত ভাৰত আৰু বাংলাদেশে বুধবাৰে মুখামুখি হব। এডিলেইডত হব লগা মেচখনৰ প্ৰাকমুহূৰ্তত ছাকিব উল হাছানে

সাংবাদিকৰ সতে হোৱা মুখামুখিত কয় যে প্ৰত্যেকখন মেচেই বাংলাদেশৰ বাবে গুৰুত্বপূৰ্ণ আৰু প্ৰতিখন মেচতে সৰ্বোচ্চ প্ৰদৰ্শন উজাৰি দিবলৈ দলে বিচাৰে।

 

''আমি খেলত সৰ্বোৎকৃষ্ট দলীয় প্ৰদৰ্শন আগবঢ়োৱাৰ লক্ষ্য ৰাখিছো। কোনো দলক আমি লক্ষ্য কৰি লোৱা নাই। প্ৰত্যেকখন মেচেই আমাৰ বাবে গুৰুত্বপূৰ্ণ।’’- তেওঁ কয়।

 

''আমাৰ বাকী থকা দুখন মেচ ভালদৰে খেলিব বিচাৰো। যদি কেনেবাকৈ আমি ভাৰত অথবা পাকিস্তানৰ বিৰুদ্ধে জিকো, তেন্তে ই হব এটা অঘটন।’’- ছাকিব উল হাছানে কয়- ''আমি দেখিছো যে আয়াৰলেণ্ড আৰু জিম্বাবুৱেৰ দৰে দলে ইংলেণ্ড আৰু পাকিস্তানক হৰুৱাইছে। অনুৰূপ অঘটন আমিও ঘটাব পাৰো।’’

 

''ভাৰতে বিশ্বকাপ জয় কৰিবলৈ অষ্ট্ৰেলিয়ালৈ আহিছে। কিন্তু বাংলাদেশে বিশ্বকাপ জয় কৰিবলৈ ইয়ালৈ অহা নাই।’’- ভাৰতৰ শক্তিশালী দলীয় প্ৰদৰ্শনৰ বিষয়ে ছাকিব উল হাছানে কয়- ''কিন্তু আমি অঘটন ঘটাবলৈ সৰ্বোচ্চ প্ৰদৰ্শন উজাৰি দিম।’’

 

কথা প্ৰসংগত তেওঁ ভাৰতৰ সূৰ্যকুমাৰ যাদৱকো প্ৰশংসা কৰে। কয় যে ভাৰতৰ হৈ সূৰ্যকুমাৰে অনবদ্য প্ৰদৰ্শন কৰি আহিছে। ভাৰতত কেইবাজনো বিশ্বশ্ৰেষ্ঠ খেলুৱৈ আছে বুলিও তেওঁ কয়।

 

উল্লেখ্য যে গ্ৰুপ২ত বৰ্তমান শক্তিশালী স্থিতিত আছে দুয়োটা দল। তিনিখন মেচ খেলি দুয়োটা দলেই লাভ কৰিছে ৪ পইণ্ট। মেচখনত জিকিলে ভাৰত অথবা বাংলাদেশে বিশ্বকাপৰ ছেমিফাইনেলত উপনীত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ