--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিশ্বকাপ জয় কৰিবলৈ বাংলাদেশে অষ্ট্ৰেলিয়ালৈ যোৱা নাই! যদিহে ভাৰতক বাংলাদেশে পৰাস্ত কৰে, তেন্তে এয়া অঘটনহে হব। নিজেই এই ভাষ্য প্ৰদান কৰিছে বাংলাদেশৰ অধিনায়ক ছাকিব উল হাছানে।

 

টি২০ বিশ্বকাপত ভাৰত আৰু বাংলাদেশে বুধবাৰে মুখামুখি হব। এডিলেইডত হব লগা মেচখনৰ প্ৰাকমুহূৰ্তত ছাকিব উল হাছানে

সাংবাদিকৰ সতে হোৱা মুখামুখিত কয় যে প্ৰত্যেকখন মেচেই বাংলাদেশৰ বাবে গুৰুত্বপূৰ্ণ আৰু প্ৰতিখন মেচতে সৰ্বোচ্চ প্ৰদৰ্শন উজাৰি দিবলৈ দলে বিচাৰে।

 

''আমি খেলত সৰ্বোৎকৃষ্ট দলীয় প্ৰদৰ্শন আগবঢ়োৱাৰ লক্ষ্য ৰাখিছো। কোনো দলক আমি লক্ষ্য কৰি লোৱা নাই। প্ৰত্যেকখন মেচেই আমাৰ বাবে গুৰুত্বপূৰ্ণ।’’- তেওঁ কয়।

 

''আমাৰ বাকী থকা দুখন মেচ ভালদৰে খেলিব বিচাৰো। যদি কেনেবাকৈ আমি ভাৰত অথবা পাকিস্তানৰ বিৰুদ্ধে জিকো, তেন্তে ই হব এটা অঘটন।’’- ছাকিব উল হাছানে কয়- ''আমি দেখিছো যে আয়াৰলেণ্ড আৰু জিম্বাবুৱেৰ দৰে দলে ইংলেণ্ড আৰু পাকিস্তানক হৰুৱাইছে। অনুৰূপ অঘটন আমিও ঘটাব পাৰো।’’

 

''ভাৰতে বিশ্বকাপ জয় কৰিবলৈ অষ্ট্ৰেলিয়ালৈ আহিছে। কিন্তু বাংলাদেশে বিশ্বকাপ জয় কৰিবলৈ ইয়ালৈ অহা নাই।’’- ভাৰতৰ শক্তিশালী দলীয় প্ৰদৰ্শনৰ বিষয়ে ছাকিব উল হাছানে কয়- ''কিন্তু আমি অঘটন ঘটাবলৈ সৰ্বোচ্চ প্ৰদৰ্শন উজাৰি দিম।’’

 

কথা প্ৰসংগত তেওঁ ভাৰতৰ সূৰ্যকুমাৰ যাদৱকো প্ৰশংসা কৰে। কয় যে ভাৰতৰ হৈ সূৰ্যকুমাৰে অনবদ্য প্ৰদৰ্শন কৰি আহিছে। ভাৰতত কেইবাজনো বিশ্বশ্ৰেষ্ঠ খেলুৱৈ আছে বুলিও তেওঁ কয়।

 

উল্লেখ্য যে গ্ৰুপ২ত বৰ্তমান শক্তিশালী স্থিতিত আছে দুয়োটা দল। তিনিখন মেচ খেলি দুয়োটা দলেই লাভ কৰিছে ৪ পইণ্ট। মেচখনত জিকিলে ভাৰত অথবা বাংলাদেশে বিশ্বকাপৰ ছেমিফাইনেলত উপনীত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক