--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এইবাৰৰ টি২০ বিশ্বকাপেই শেষ বিশ্বকাপ নেকি ৰোহিট শৰ্মা আৰু বিৰাট কোহলীৰ? টীম ইণ্ডিয়াৰ দুই যুঁজাৰু শক্তিক ২০২৪ চনৰ টি২০ বিশ্বকাপত দেখা পোৱা নাযাব নেকি? বিশ্বকাপ আৰু নেখেলে নেকি বিৰাট-ৰোহিতে?

 

বিশ্বকাপ চলি থকাৰ মাজতে এই প্ৰশ্নৰ উদ্ভৱ হৈছে। ইয়াৰ উত্তৰো দিছে বিচিচিআইৰ প্ৰধান নিৰ্বাচক চেতন শৰ্মাই। প্ৰধান নিৰ্বাচক গৰাকীয়ে এখন সাংবাদিক কয় যে কোনো ক্ৰিকেটাৰে যদি ধাৰাবাহিকভাৱে ভাল খেলে, তেনেহলে নিৰ্বাচকসকলৰ কোনো সমস্যা নাই।

 

এতিয়ালৈকে এই বিষয়ে ক্ৰিকেটাৰ দুগৰাকীৰ সতে নিৰ্বাচক কমিটিয়ে কোনো কথা পতা নাই বুলিও তেওঁ জনায়। বিশ্বকাপৰ দৰে এটা প্ৰতিযোগিতাৰ মাজত খেলুৱৈৰ ভৱিষ্যতৰ বিষয়ে কথা পাতিবলৈ তেওঁলোক ৰাজি নহয় বুলি তেওঁ কয়।

 

''তেওঁলোক শ্ৰেষ্ঠ ক্ৰিকেটাৰ। যদি তেওঁলোকে নিজেই কিবা ভাবে, নিশ্চিতভাৱে আমাক কব।’’- তেওঁ কয়- ''ৰোহিত, কোহলি লগত থাকিলে দলৰ বাকীসকলেও কিবা শিকিব পাৰে। মই লক্ষ্য কৰিছো কেনেদৰে তেওঁলোকে তৰুণ ক্ৰিকেটাৰসকলৰ সতে অনুশীলন কৰে। কোনো এখন মেচৰ বাবে কিধৰণে প্ৰস্তুতি লব লগা হয়, কিদৰে নিজকে ফিট কৰি ৰাখিব পাৰি, সেই বিষয়ে তৰুণসকলে ৰোহিত-কোহলীৰ পৰা শিক্ষা লাভ কৰি আহিছে।’’

 

''কাৰোৰে বাবে দৰ্জা বন্ধ নহয়। যদি কোনোবাই নিজকে ফিট ৰাখিব পাৰে, তেন্তে বয়স মাত্ৰ এটা সংখ্যা।’’- বিৰাট-ৰোহিতৰ বয়সৰ বিষয়ে উনুকিয়াই তেওঁ কয়- ''যদি তেওঁলোকে দলৰ বাবে খেলি যাব পাৰে, তেন্তে নিৰ্বাচকসকল সুখী হৈ থাকিব।’’






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক