--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এডিলেইডত চলি থকা ভাৰত-বাংলাদেশৰ মেচখনৰ মাজভাগতে বিশ্ব ক্ৰিকেটৰ দুজন অগ্ৰণী তাৰকাৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গ’ল। সংঘাতত লিপ্ত হয় বিৰাট কোহলী আৰু ছাকিব উল হাছান। মেচখনত ভাৰতে বেটিং কৰাৰ থকাৰ সময়ত আম্পায়াৰৰ এটি ন’ বলৰ সিদ্ধান্তত বিতৰ্কৰ সৃষ্টি হয়।

 

উক্ত সিদ্ধান্তটোৰ ফলতে বাংলাদেশৰ অধিনায়ক ছাকিবৰ স’তে মনোমালিন্য ঘটে বিৰাটৰ। অৱশ্যে শেষত দুয়োজন তাৰকাই হাস্যবদনে দুয়োকে অভিবাদন জনায়।

 

ভাৰতৰ ইনিংছৰ ১৫ তম অভাৰত বলিং কৰিছিল হাছান মেহমদুদে। অভাৰৰ শেষৰ বলটোত হাছানে বিৰাট কোহলীলৈ এটা বাউন্সাৰ দিছিল। কোহলীয়ে কোনো ৰকমে বলটোত বেট লগাবলৈ সক্ষম হয়। লগে লগে আম্পায়াৰে ন’ বলৰ ইংগিত দিয়ে।

 

তাতেই আপত্তি জনায় ছাকিবে। বাংলাদেশৰ অধিনায়কগৰাকীয়ে আম্পায়াৰৰ ওচৰলৈ আহি কথা পাতে। তাৰপাছতে আম্পায়াৰৰ স’তে কথা পাতে বিৰাট কোহলীয়ে। কোহলীয়ে ছাকিবক বুজাবলৈ ধৰে যে আম্পায়াৰৰ সিদ্ধান্ত সঠিক সিদ্ধান্ত। অৱ্শ্যে কিছু সময় পৰিস্থিতি উত্তপ্ত হৈ থকাৰ পাছতে দুয়ো সহমতত উপনীত হয়। কোনোধৰণৰ বাক-বিতণ্ডাৰ সৃষ্টি নহ’ল।

 

উল্লেখ্য যে প্ৰথম ইনিংছত ভাৰতে ২০ অভাৰত ১৮৪ ৰাণ সংগ্ৰহ কৰিছে। ইয়াৰ মূলতে আছিল বিৰাট কোহলী আৰু কে এল ৰাহুলৰ অৰ্ধ শতক। এওঁলোকৰ উপৰিও সূৰ্যকুমাৰ যাদৱ আৰু ৰবীচন্দ্ৰন অশ্বিনেও মাৰমুখী বেটিঙেৰে উজ্বলি উঠে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু