--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এডিলেইডত চলি থকা ভাৰত-বাংলাদেশৰ মেচখনৰ মাজভাগতে বিশ্ব ক্ৰিকেটৰ দুজন অগ্ৰণী তাৰকাৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গল। সংঘাতত লিপ্ত হয় বিৰাট কোহলী আৰু ছাকিব উল হাছান। মেচখনত ভাৰতে বেটিং কৰাৰ থকাৰ সময়ত আম্পায়াৰৰ এটি নবলৰ সিদ্ধান্তত বিতৰ্কৰ সৃষ্টি হয়।

 

উক্ত সিদ্ধান্তটোৰ ফলতে বাংলাদেশৰ অধিনায়ক ছাকিবৰ সতে মনোমালিন্য ঘটে বিৰাটৰ। অৱশ্যে শেষত দুয়োজন তাৰকাই হাস্যবদনে দুয়োকে অভিবাদন জনায়।

 

ভাৰতৰ ইনিংছৰ ১৫ তম অভাৰত বলিং কৰিছিল হাছান মেহমদুদে। অভাৰৰ শেষৰ বলটোত হাছানে বিৰাট কোহলীলৈ এটা বাউন্সাৰ দিছিল। কোহলীয়ে কোনো ৰকমে বলটোত বেট লগাবলৈ সক্ষম হয়। লগে লগে আম্পায়াৰে নবলৰ ইংগিত দিয়ে।

 

তাতেই আপত্তি জনায় ছাকিবে। বাংলাদেশৰ অধিনায়কগৰাকীয়ে আম্পায়াৰৰ ওচৰলৈ আহি কথা পাতে। তাৰপাছতে আম্পায়াৰৰ সতে কথা পাতে বিৰাট কোহলীয়ে। কোহলীয়ে ছাকিবক বুজাবলৈ ধৰে যে আম্পায়াৰৰ সিদ্ধান্ত সঠিক সিদ্ধান্ত। অৱ্শ্যে কিছু সময় পৰিস্থিতি উত্তপ্ত হৈ থকাৰ পাছতে দুয়ো সহমতত উপনীত হয়। কোনোধৰণৰ বাক-বিতণ্ডাৰ সৃষ্টি নহল।

 

উল্লেখ্য যে প্ৰথম ইনিংছত ভাৰতে ২০ অভাৰত ১৮৪ ৰাণ সংগ্ৰহ কৰিছে। ইয়াৰ মূলতে আছিল বিৰাট কোহলী আৰু কে এল ৰাহুলৰ অৰ্ধ শতক। এওঁলোকৰ উপৰিও সূৰ্যকুমাৰ যাদৱ আৰু ৰবীচন্দ্ৰন অশ্বিনেও মাৰমুখী বেটিঙেৰে উজ্বলি উঠে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক