--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ অন্ত পৰিল।। বিশ্বকাপৰ চেম্পিয়ন হিচাপে অষ্ট্ৰেলিয়াই আন সকলো দলতকৈ অধিক উপাৰ্জন কৰিছে। কিন্তু অংশগ্ৰহণ কৰা প্ৰতিটো দলে কিছু আৰ্থিক পুৰস্কাৰ লাভ কৰিছিল। চাওঁক প্ৰতিযোগিতাৰ ১০ টা দলে কিমান টকা পালে?

বিশ্বকাপৰ ৰাউণ্ড ৰবিন পৰ্যায়ত সকলো দলে প্ৰতিখন মেচৰ বাবে একেধৰণৰ ধন লাভ কৰে। প্ৰতিখন মেচৰ বাবে ৩৩ লাখ টকা। ইয়াৰ পিছত ধনৰ পৰিমাণ খোজৰ পিছত খোজ বাঢ়ি গ’ল। বিশ্বকাপৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিব নোৱাৰা ছটা দলে পৃথকে পৃথকে লাভ কৰে ৮৩ লাখ টকা।

প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত পৰাস্ত হোৱা দল দুটাই পৃথকে পৃথকে ৬ কোটি টকা লাভ কৰে। বিশ্বকাপৰ ফাইনেলত জয়লাভ কৰি অষ্ট্ৰেলিয়াই লাভ কৰিলে ৩৩ কোটি টকা। ৰানাৰ্চ আপ হিচাপে ভাৰতে লাভ কৰে ১৬ কোটি টকা।

বিশ্বকাপৰ পৰা সৰ্বাধিক উপাৰ্জন কৰিছে অষ্ট্ৰেলিয়াই। গ্ৰুপ পৰ্যায়ত ৭খন খেলত জয়লাভ কৰি ২ কোটি ৩১ লাখ টকা লাভ কৰে। তেওঁলোকৰ মুঠ আয় ৩৫ কোটি ৩১ লাখ টকা। দ্বিতীয় স্থানত আছে ভাৰত। গ্ৰুপ পৰ্যায়ৰ আটাইকেইখন খেলতে জয়লাভ কৰি ২ কোটি ৯৭ লাখ টকা লাভ কৰে। মুঠতে ৰোহিত শৰ্মাৰ আয় ১৮ কোটি ৯৭ লাখ টকা।

গ্ৰুপ পৰ্যায়ত দক্ষিণ আফ্ৰিকাই ৭খন খেলত জয়লাভ কৰি ২ কোটি ৩১ লাখ টকা লাভ কৰে। তেওঁলোকৰ মুঠ আয় ৮ কোটি ৩১ লাখ টকা। গ্ৰুপ পৰ্যায়ত ৫ খন খেলত জয়লাভ কৰাৰ পাছত নিউজিলেণ্ডে পকেটত ১ কোটি ৬৫ লাখ টকা পকেটত ভৰায়। তেওঁলোকৰ মুঠ আয় ৭ কোটি ৬৫ লাখ টকা।

পঞ্চম স্থানত থকা পাকিস্তানে গ্ৰুপ পৰ্যায়ত ৪খন খেলত জয়লাভ কৰি ১ কোটি ৩২ লাখ টকা লাভ কৰে। তেওঁলোকৰ মুঠ আয় ২ কোটি ১৫ লাখ টকা। ষষ্ঠ স্থানত থকা আফগানিস্তানেও একে উপাৰ্জন কৰে। সপ্তম স্থানৰ ইংলেণ্ডে ৩খন মেচত জয়লাভ কৰি লাভ কৰে ৯৯ লাখ টকা। তেওঁলোকৰ মুঠ আয় ১ কোটি ৮২ লাখ টকা।

বিশ্বকাপৰ অন্তিম তিনিটা দল বাংলাদেশ, শ্ৰীলংকা আৰু নেদাৰলেণ্ডে ২খনকৈ মেচত জয়লাভ কৰি ৬৬ লাখ টকা লাভ কৰে। তেওঁলোকৰ মুঠ আয় ১ কোটি ৪৯ লাখ টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক