--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ অন্ত পৰিল।। বিশ্বকাপৰ চেম্পিয়ন হিচাপে অষ্ট্ৰেলিয়াই আন সকলো দলতকৈ অধিক উপাৰ্জন কৰিছে। কিন্তু অংশগ্ৰহণ কৰা প্ৰতিটো দলে কিছু আৰ্থিক পুৰস্কাৰ লাভ কৰিছিল। চাওঁক প্ৰতিযোগিতাৰ ১০ টা দলে কিমান টকা পালে?

বিশ্বকাপৰ ৰাউণ্ড ৰবিন পৰ্যায়ত সকলো দলে প্ৰতিখন মেচৰ বাবে একেধৰণৰ ধন লাভ কৰে। প্ৰতিখন মেচৰ বাবে ৩৩ লাখ টকা। ইয়াৰ পিছত ধনৰ পৰিমাণ খোজৰ পিছত খোজ বাঢ়ি গ’ল। বিশ্বকাপৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিব নোৱাৰা ছটা দলে পৃথকে পৃথকে লাভ কৰে ৮৩ লাখ টকা।

প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত পৰাস্ত হোৱা দল দুটাই পৃথকে পৃথকে ৬ কোটি টকা লাভ কৰে। বিশ্বকাপৰ ফাইনেলত জয়লাভ কৰি অষ্ট্ৰেলিয়াই লাভ কৰিলে ৩৩ কোটি টকা। ৰানাৰ্চ আপ হিচাপে ভাৰতে লাভ কৰে ১৬ কোটি টকা।

বিশ্বকাপৰ পৰা সৰ্বাধিক উপাৰ্জন কৰিছে অষ্ট্ৰেলিয়াই। গ্ৰুপ পৰ্যায়ত ৭খন খেলত জয়লাভ কৰি ২ কোটি ৩১ লাখ টকা লাভ কৰে। তেওঁলোকৰ মুঠ আয় ৩৫ কোটি ৩১ লাখ টকা। দ্বিতীয় স্থানত আছে ভাৰত। গ্ৰুপ পৰ্যায়ৰ আটাইকেইখন খেলতে জয়লাভ কৰি ২ কোটি ৯৭ লাখ টকা লাভ কৰে। মুঠতে ৰোহিত শৰ্মাৰ আয় ১৮ কোটি ৯৭ লাখ টকা।

গ্ৰুপ পৰ্যায়ত দক্ষিণ আফ্ৰিকাই ৭খন খেলত জয়লাভ কৰি ২ কোটি ৩১ লাখ টকা লাভ কৰে। তেওঁলোকৰ মুঠ আয় ৮ কোটি ৩১ লাখ টকা। গ্ৰুপ পৰ্যায়ত ৫ খন খেলত জয়লাভ কৰাৰ পাছত নিউজিলেণ্ডে পকেটত ১ কোটি ৬৫ লাখ টকা পকেটত ভৰায়। তেওঁলোকৰ মুঠ আয় ৭ কোটি ৬৫ লাখ টকা।

পঞ্চম স্থানত থকা পাকিস্তানে গ্ৰুপ পৰ্যায়ত ৪খন খেলত জয়লাভ কৰি ১ কোটি ৩২ লাখ টকা লাভ কৰে। তেওঁলোকৰ মুঠ আয় ২ কোটি ১৫ লাখ টকা। ষষ্ঠ স্থানত থকা আফগানিস্তানেও একে উপাৰ্জন কৰে। সপ্তম স্থানৰ ইংলেণ্ডে ৩খন মেচত জয়লাভ কৰি লাভ কৰে ৯৯ লাখ টকা। তেওঁলোকৰ মুঠ আয় ১ কোটি ৮২ লাখ টকা।

বিশ্বকাপৰ অন্তিম তিনিটা দল বাংলাদেশ, শ্ৰীলংকা আৰু নেদাৰলেণ্ডে ২খনকৈ মেচত জয়লাভ কৰি ৬৬ লাখ টকা লাভ কৰে। তেওঁলোকৰ মুঠ আয় ১ কোটি ৪৯ লাখ টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক