--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১৩ চনৰ পৰা ভাৰতে আই চি চিৰ প্ৰতিযোগিতাত জয়লাভ কৰিব পৰা নাই। মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত দেশে শেষবাৰ চেম্পিয়নছ ট্ৰফী লাভ কৰে। তাৰ পিছত ৯ বছৰৰ ব্যৱধান। এই সময়ছোৱাত ভাৰতে ৯ বাৰকৈ আইচিচিৰ কোনো কোনো প্ৰতিযোগিতাৰ নক আউটত খেলিছে। কিন্তু প্ৰতিবাৰেই হাৰিবলগীয়া হৈছিল। সেয়ে বিশ্ব ক্ৰিকেটৰ নতুন ‘চ’কাৰ’ হৈ পৰিছে ভাৰত! ইমান দিনে দক্ষিণ আফ্ৰিকাক এই উপাধি দিয়া হৈছিল।

ইয়াৰ আৰম্ভণি হৈছিল ২০১৪ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেলৰ পৰা। শ্ৰীলংকাৰ হাতত পৰাস্ত হয় ধোনী। পিছত ভাৰতে আৰু দুটা টি-২০ বিশ্বকাপ নক আউট খেলে। ২০১৬ চনত ছেমি ফাইনেলত ৱেষ্ট ইণ্ডিজ আৰু ২০২২ চনৰ ছেমি ফাইনেলত ইংলেণ্ডৰ হাতত পৰাস্ত হোৱাৰ পিছত দলটো এৰিবলগীয়া হৈছিল। চেম্পিয়নছ ট্ৰফী ২০১৭ৰ ফাইনেলত পাকিস্তানৰ হাতত পৰাজয়ে ভাৰতক ডাঙৰ আঘাত দিলে।

তিনিখন এদিনীয়া বিশ্বকাপৰ ক্ষেত্ৰতো একেই কথা। ২০১৫ চনত অষ্ট্ৰেলিয়া আৰু ২০১৯ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে শেষৰ চাৰিটাত পৰাস্ত হৈছিল বিৰাট কোহলি। ২০২৩ চনত দেশৰ মাটিত ফাইনেলত পৰাস্ত হৈ খেলপথাৰ এৰিবলগীয়া হৈছে ৰোহিত শৰ্মাবাহিনীয়ে।

ৰঙা বলৰ দৰেই বগা বলটোৰ ক্ষেত্ৰতো একেই কথা। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ আৰম্ভণিৰে পৰা ভাৰতে একেৰাহে দুখনকৈ ফাইনেল খেলিছে। প্ৰথমবাৰ নিউজিলেণ্ডৰ হাতত পৰাস্ত হৈছিল আৰু পিছৰবাৰ অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছিল। ৯ বছৰত মুঠ ৯ বাৰ।

কেইবছৰমানৰ আগতে দক্ষিণ আফ্ৰিকাত ‘চ’কাৰ্ছ’ উপাধিটোৰ ওপৰত অধিকাৰ আছিল। ১৯৯৯ চনৰ বিশ্বকাপৰ ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকা যিদৰে হেঁচাত পৰাস্ত হৈছিল, ২০১৫ চনৰ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতৰ ক্ষেত্ৰতো দেখা যায়। যেতিয়ালৈকে ৰোহিত, কোহলীয়ে আইচিচিৰ যিকোনো প্ৰতিযোগিতাত জয়ী হ’ব পাৰিব, তেতিয়ালৈকে এই খিতাপ থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক