--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১৩ চনৰ পৰা ভাৰতে আই চি চিৰ প্ৰতিযোগিতাত জয়লাভ কৰিব পৰা নাই। মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত দেশে শেষবাৰ চেম্পিয়নছ ট্ৰফী লাভ কৰে। তাৰ পিছত ৯ বছৰৰ ব্যৱধান। এই সময়ছোৱাত ভাৰতে ৯ বাৰকৈ আইচিচিৰ কোনো কোনো প্ৰতিযোগিতাৰ নক আউটত খেলিছে। কিন্তু প্ৰতিবাৰেই হাৰিবলগীয়া হৈছিল। সেয়ে বিশ্ব ক্ৰিকেটৰ নতুন ‘চ’কাৰ’ হৈ পৰিছে ভাৰত! ইমান দিনে দক্ষিণ আফ্ৰিকাক এই উপাধি দিয়া হৈছিল।

ইয়াৰ আৰম্ভণি হৈছিল ২০১৪ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেলৰ পৰা। শ্ৰীলংকাৰ হাতত পৰাস্ত হয় ধোনী। পিছত ভাৰতে আৰু দুটা টি-২০ বিশ্বকাপ নক আউট খেলে। ২০১৬ চনত ছেমি ফাইনেলত ৱেষ্ট ইণ্ডিজ আৰু ২০২২ চনৰ ছেমি ফাইনেলত ইংলেণ্ডৰ হাতত পৰাস্ত হোৱাৰ পিছত দলটো এৰিবলগীয়া হৈছিল। চেম্পিয়নছ ট্ৰফী ২০১৭ৰ ফাইনেলত পাকিস্তানৰ হাতত পৰাজয়ে ভাৰতক ডাঙৰ আঘাত দিলে।

তিনিখন এদিনীয়া বিশ্বকাপৰ ক্ষেত্ৰতো একেই কথা। ২০১৫ চনত অষ্ট্ৰেলিয়া আৰু ২০১৯ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে শেষৰ চাৰিটাত পৰাস্ত হৈছিল বিৰাট কোহলি। ২০২৩ চনত দেশৰ মাটিত ফাইনেলত পৰাস্ত হৈ খেলপথাৰ এৰিবলগীয়া হৈছে ৰোহিত শৰ্মাবাহিনীয়ে।

ৰঙা বলৰ দৰেই বগা বলটোৰ ক্ষেত্ৰতো একেই কথা। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ আৰম্ভণিৰে পৰা ভাৰতে একেৰাহে দুখনকৈ ফাইনেল খেলিছে। প্ৰথমবাৰ নিউজিলেণ্ডৰ হাতত পৰাস্ত হৈছিল আৰু পিছৰবাৰ অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছিল। ৯ বছৰত মুঠ ৯ বাৰ।

কেইবছৰমানৰ আগতে দক্ষিণ আফ্ৰিকাত ‘চ’কাৰ্ছ’ উপাধিটোৰ ওপৰত অধিকাৰ আছিল। ১৯৯৯ চনৰ বিশ্বকাপৰ ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকা যিদৰে হেঁচাত পৰাস্ত হৈছিল, ২০১৫ চনৰ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতৰ ক্ষেত্ৰতো দেখা যায়। যেতিয়ালৈকে ৰোহিত, কোহলীয়ে আইচিচিৰ যিকোনো প্ৰতিযোগিতাত জয়ী হ’ব পাৰিব, তেতিয়ালৈকে এই খিতাপ থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক