--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাধাৰণতে ক্ৰিকেটত এটা বলত সৰ্বাধিক ৬ ৰান কৰা হয়। এটা ন’ বলত সৰ্বাধিক ৭ ৰান কৰিব পাৰি। কিন্তু নেদাৰলেণ্ডৰ বিৰুদ্ধে নিউজিলেণ্ডৰ বেটছমেন মিচেল ছাণ্টনাৰে এটা বলত ১৩ ৰান সংগ্ৰহ কৰে। যিটো প্ৰায় অসম্ভৱ।

সোমবাৰে অনুষ্ঠিত বিশ্বকাপৰ খেলখনত এই অসম্ভৱক সম্ভৱ কৰি তুলিলে বাওঁহাতৰ বেটছমেনগৰাকীয়ে। সেইয়াও নিউজিলেণ্ডৰ ইনিংছৰ একেবাৰে অন্তত। নেদাৰলেণ্ডৰ বাছ ডে লিড আছিল বলাৰ। তেওঁ এটা ফুলটছ বল কৰে। ছান্টনাৰৰ কোনো সমস্যা নাছিল। তেওঁ ছয় মাৰে। বলটো কঁকালৰ উচ্চতাৰ ওপৰত থকাৰ বাবে লেগ আম্পায়াৰে ন’ বল বুলি ক’লে। ফলত নিউজিলেণ্ডৰ স্ক’ৰবৰ্ডত ৭ ৰান সংযোজন হয়। লগতে নিউজিলেণ্ডে ফ্ৰী হিট পায়। লিডে সেই বলটোও ফুলটচ কৰে। আচলতে নেদাৰলেণ্ডৰ বলাৰজনে ইয়ৰ্কাৰ ডেলিভাৰী দিবলৈ চেষ্টা কৰিছিল। ছান্টনাৰে সেই বলটোও পিছপৰা পইণ্ট অঞ্চলৰ মাজেৰে খেলপথাৰৰ বাহিৰলৈ পঠিয়াইছিল। আকৌ ছয় মাৰে। ফলত ছান্টনাৰে মাত্ৰ এটা বৈধ বলৰ পৰা দলটোৰ হৈ ১৩ ৰান সংগ্ৰহ কৰে। তেওঁ নিজৰ বাবে ১২ ৰান সংগ্ৰহ কৰে।

সোমবাৰে নিউজিলেণ্ডৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ছান্টনাৰে। বেটেৰে ১৭টা বলত ৩৬ ৰানৰ অপৰাজিত ইনিংছ খেলাৰ উপৰিও বলৰ সৈতেও তেওঁ নিজৰ দক্ষতা প্ৰমাণ কৰিলে। ১০ অভাৰত বলিং কৰি ৫৯ ৰানত ৫ উইকেট দখল কৰে। নেদাৰলেণ্ডৰ বিৰুদ্ধে তেওঁ আছিল নিউজিলেণ্ডৰ সফল বলাৰ। লগতে লাভ কৰে মেন অৱ দ্য মেচৰ বঁটা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement