--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাধাৰণতে ক্ৰিকেটত এটা বলত সৰ্বাধিক ৬ ৰান কৰা হয়। এটা ন’ বলত সৰ্বাধিক ৭ ৰান কৰিব পাৰি। কিন্তু নেদাৰলেণ্ডৰ বিৰুদ্ধে নিউজিলেণ্ডৰ বেটছমেন মিচেল ছাণ্টনাৰে এটা বলত ১৩ ৰান সংগ্ৰহ কৰে। যিটো প্ৰায় অসম্ভৱ।

সোমবাৰে অনুষ্ঠিত বিশ্বকাপৰ খেলখনত এই অসম্ভৱক সম্ভৱ কৰি তুলিলে বাওঁহাতৰ বেটছমেনগৰাকীয়ে। সেইয়াও নিউজিলেণ্ডৰ ইনিংছৰ একেবাৰে অন্তত। নেদাৰলেণ্ডৰ বাছ ডে লিড আছিল বলাৰ। তেওঁ এটা ফুলটছ বল কৰে। ছান্টনাৰৰ কোনো সমস্যা নাছিল। তেওঁ ছয় মাৰে। বলটো কঁকালৰ উচ্চতাৰ ওপৰত থকাৰ বাবে লেগ আম্পায়াৰে ন’ বল বুলি ক’লে। ফলত নিউজিলেণ্ডৰ স্ক’ৰবৰ্ডত ৭ ৰান সংযোজন হয়। লগতে নিউজিলেণ্ডে ফ্ৰী হিট পায়। লিডে সেই বলটোও ফুলটচ কৰে। আচলতে নেদাৰলেণ্ডৰ বলাৰজনে ইয়ৰ্কাৰ ডেলিভাৰী দিবলৈ চেষ্টা কৰিছিল। ছান্টনাৰে সেই বলটোও পিছপৰা পইণ্ট অঞ্চলৰ মাজেৰে খেলপথাৰৰ বাহিৰলৈ পঠিয়াইছিল। আকৌ ছয় মাৰে। ফলত ছান্টনাৰে মাত্ৰ এটা বৈধ বলৰ পৰা দলটোৰ হৈ ১৩ ৰান সংগ্ৰহ কৰে। তেওঁ নিজৰ বাবে ১২ ৰান সংগ্ৰহ কৰে।

সোমবাৰে নিউজিলেণ্ডৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ছান্টনাৰে। বেটেৰে ১৭টা বলত ৩৬ ৰানৰ অপৰাজিত ইনিংছ খেলাৰ উপৰিও বলৰ সৈতেও তেওঁ নিজৰ দক্ষতা প্ৰমাণ কৰিলে। ১০ অভাৰত বলিং কৰি ৫৯ ৰানত ৫ উইকেট দখল কৰে। নেদাৰলেণ্ডৰ বিৰুদ্ধে তেওঁ আছিল নিউজিলেণ্ডৰ সফল বলাৰ। লগতে লাভ কৰে মেন অৱ দ্য মেচৰ বঁটা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক