--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহম্মদ ৰিজৱানৰ নায়কোচিত প্ৰদৰ্শনেৰে পুনৰ উজ্বলি উঠিল পাকিস্তান। শ্ৰীলংকাৰ বিৰুদ্ধে চমকপ্ৰদ বিজয়সাব্যষ্ট কৰিছে বাবৰ বাহিনীয়ে। হায়দৰাবাদৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপৰ মেচখনত পাকিস্তানক জয়ী হ’বলৈ প্ৰয়োজন হৈছিল ৩৪৪ ৰাণ। যিটো মাত্ৰ ৪টা উইকেট হেৰুৱাই ১০ টা বল বাকী থকা অৱস্থাত সংগ্ৰহ কৰে।

টছত জয়ী হৈ প্ৰথমে বেটিং কৰে শ্ৰীলংকাই। অপেনাৰ কুশল পেৰেৰা (০) ব্যৰ্থ হ’লেও উজ্বলি উঠে পাথুম নিশাংক (৫১), কুশল মেন্দিছ (১২২) আৰু ছাদিৰা ছমৰাবিক্ৰমা (১০৮)। তেওঁলোকৰ বেটিং বিক্ৰমেৰেই ৯ উইকেটত ৩৪৪ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় সিংহলী বাহিনীয়ে। পাাকিস্তানৰ হৈ হাছান আলীয়ে ৪টা আৰু হাৰিছ ৰৌফে দুটাকৈ উইকেট লাভ কৰে।

৩৪৪ ৰাণৰ প্ৰত্যাহ্বানজনক লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ প্ৰথমেই উজুটি খায় পাকিস্তান। ৩৭ ৰাণৰ ভিতৰতে পেভিলিঅ’নমুখী হয় ইমাম উল হক (১২) আৰু বাবৰ আজম (১০)। কিন্তু অপেনাৰ আব্দুল্লা ছফিক (১১৩) আৰু মহম্মদ ৰিজৱান (১৩০)ৰ দূৰ্দান্ত যুটীয়ে পাকিস্তানৰ বিজয়ৰ সম্ভাৱনা জগাই তোলে। আব্দুল্লাহ ছফিকে ৰিজৱানৰ স’তে ১৭৬ ৰাণৰ বেটিং যুটী গঢ়ি ১১৪ ৰাণ কৰি আউট হয়। তাৰপাছত আহে ফৰ্মৰ তুংগত থকা ছাউদ ছাকিল। তেওঁ ৩১ ৰাণ সংগ্ৰহ কৰে।

অৱশেষত ৰিজৱান আৰু ইফটিকাৰে লগ লাগি দলক বিজয়ৰ মুখ দেখুৱায়। শ্ৰীলংকাৰ হৈ আটাইতকৈ সফল বলাৰজন আছিল মধুচাংকা। তেওঁ দুটাকৈ উইকেট সংগ্ৰহ কৰে। কিন্তু বাকীসকল বলাৰ নিস্প্ৰভ হৈ ৰয়।

উল্লেখ্য যে ক্ৰমাগতভাৱে পাকিস্তানে দুখন মেচত বিজয় সাব্যস্ত কৰি দলীয় ফৰ্ম অব্যাহত ৰাখিছে। কিন্তু শ্ৰীলংকাই এতিয়ালৈকে বিজয়ৰ মুখ দেখা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক