--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহম্মদ ৰিজৱানৰ নায়কোচিত প্ৰদৰ্শনেৰে পুনৰ উজ্বলি উঠিল পাকিস্তান। শ্ৰীলংকাৰ বিৰুদ্ধে চমকপ্ৰদ বিজয়সাব্যষ্ট কৰিছে বাবৰ বাহিনীয়ে। হায়দৰাবাদৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপৰ মেচখনত পাকিস্তানক জয়ী হ’বলৈ প্ৰয়োজন হৈছিল ৩৪৪ ৰাণ। যিটো মাত্ৰ ৪টা উইকেট হেৰুৱাই ১০ টা বল বাকী থকা অৱস্থাত সংগ্ৰহ কৰে।

টছত জয়ী হৈ প্ৰথমে বেটিং কৰে শ্ৰীলংকাই। অপেনাৰ কুশল পেৰেৰা (০) ব্যৰ্থ হ’লেও উজ্বলি উঠে পাথুম নিশাংক (৫১), কুশল মেন্দিছ (১২২) আৰু ছাদিৰা ছমৰাবিক্ৰমা (১০৮)। তেওঁলোকৰ বেটিং বিক্ৰমেৰেই ৯ উইকেটত ৩৪৪ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় সিংহলী বাহিনীয়ে। পাাকিস্তানৰ হৈ হাছান আলীয়ে ৪টা আৰু হাৰিছ ৰৌফে দুটাকৈ উইকেট লাভ কৰে।

৩৪৪ ৰাণৰ প্ৰত্যাহ্বানজনক লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ প্ৰথমেই উজুটি খায় পাকিস্তান। ৩৭ ৰাণৰ ভিতৰতে পেভিলিঅ’নমুখী হয় ইমাম উল হক (১২) আৰু বাবৰ আজম (১০)। কিন্তু অপেনাৰ আব্দুল্লা ছফিক (১১৩) আৰু মহম্মদ ৰিজৱান (১৩০)ৰ দূৰ্দান্ত যুটীয়ে পাকিস্তানৰ বিজয়ৰ সম্ভাৱনা জগাই তোলে। আব্দুল্লাহ ছফিকে ৰিজৱানৰ স’তে ১৭৬ ৰাণৰ বেটিং যুটী গঢ়ি ১১৪ ৰাণ কৰি আউট হয়। তাৰপাছত আহে ফৰ্মৰ তুংগত থকা ছাউদ ছাকিল। তেওঁ ৩১ ৰাণ সংগ্ৰহ কৰে।

অৱশেষত ৰিজৱান আৰু ইফটিকাৰে লগ লাগি দলক বিজয়ৰ মুখ দেখুৱায়। শ্ৰীলংকাৰ হৈ আটাইতকৈ সফল বলাৰজন আছিল মধুচাংকা। তেওঁ দুটাকৈ উইকেট সংগ্ৰহ কৰে। কিন্তু বাকীসকল বলাৰ নিস্প্ৰভ হৈ ৰয়।

উল্লেখ্য যে ক্ৰমাগতভাৱে পাকিস্তানে দুখন মেচত বিজয় সাব্যস্ত কৰি দলীয় ফৰ্ম অব্যাহত ৰাখিছে। কিন্তু শ্ৰীলংকাই এতিয়ালৈকে বিজয়ৰ মুখ দেখা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ