--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিলেখৰ পাছত অভিলেখ গঢ়া গৈছে এইবাৰৰ বিশ্বকাপত। এইবাৰ দক্ষিণ আফ্ৰিকাই সৰ্বাধিক দলীয় ৰানৰ নজিৰ গঢ়ি তুলিছে। শনিবাৰে দিল্লীত শ্ৰীলংকাৰ বিৰুদ্ধে ৫ উইকেটত ৪২৮ ৰান সংগ্ৰহ কৰে। এদিনীয়া বিশ্বকাপত তেওঁলোকে অষ্ট্ৰেলিয়াৰ অভিলেখ ভংগ কৰে। কেৱল সেয়াই নহয়, বিশ্বকাপত দক্ষিণ আফ্ৰিকাই তিনিবাৰকৈ ৪০০ বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰে।

এতিয়ালৈকে এদিনীয়া বিশ্বকাপত এটা দলে সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ অষ্ট্ৰেলিয়াৰ হাতত আছিল। ২০১৫ চনৰ বিশ্বকাপত পাৰ্থত আফগানিস্তানৰ বিৰুদ্ধে ৪১৭-৭  কৰিছিল। দক্ষিণ আফ্ৰিকাই সেই নজিৰ ভংগ কৰিলে। এই তালিকাত তৃতীয় স্থানত আছে ভাৰত। ২০০৭ চনৰ বিশ্বকাপত প’ৰ্ট অৱ স্পেইনত বাৰ্মুডাৰ বিৰুদ্ধে ভাৰতে ৪১৩-৫ ৰান কৰিছিল।

ইয়াৰ পিছত দক্ষিণ আফ্ৰিকাই শীৰ্ষ পাঁচটা স্থানৰ ভিতৰত দুটা স্থান দখল কৰে। দুয়োটা ২০১৫ চনত কৰিছিল। কেনবেৰাত আয়াৰলেণ্ডৰ বিৰুদ্ধে ৪১১-৪ ৰান কৰে। ইয়াৰ পিছত ছিডনীত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৪০৮-৫ ৰান কৰে।

দক্ষিণ আফ্ৰিকাৰ হৈ শনিবাৰে তিনিজন বেটছমেনে শতক অৰ্জন কৰে। কুইণ্টন ডি ককে শতক অৰ্জন কৰি মুকলি কৰে। মাৰ্কুটত ৰাছি ভান ডেৰ ডুচেনৰ পাছত  আইডেন মাৰ্ক্ৰামে আক্ৰমণাত্মকভাৱে শতক অৰ্জন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু