--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ প্ৰথমখন মেচত নেদাৰলেণ্ডৰ বিৰুদ্ধে বাবৰ আজমে ভাল খেলিব পৰা নাছিল। মাত্ৰ ৫ ৰাণতে আউট হ’ল। ইয়াৰ পিছতো বাবৰে এটা নজিৰ গঢ়ি তুলিছিল। ভাৰতৰ ভূমিত বিশ্বকাপৰ কোনো মেচত জয়ী হোৱা প্ৰথমজন পাকিস্তানৰ অধিনায়ক হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে ভাৰতত হোৱা বিশ্বকাপত কোনো পাকিস্তানী অধিনায়কে জয়ী হোৱা নাই।

ইয়াৰ পূৰ্বে ভাৰতে দুবাৰকৈ বিশ্বকাপ আয়োজন কৰিছে। কিন্তু অকলশৰীয়াকৈ নহয়। ১৯৯৬ চনত ভাৰতে শ্ৰীলংকা আৰু পাকিস্তানৰ সৈতে একেলগে বিশ্বকাপ অনুষ্ঠিত হয়। ১৯৯৬ চনত আমিৰ সোহেইল নেতৃত্বাধীন পাকিস্তানে ভাৰতৰ বিৰুদ্ধে বাংগালুৰুত কোৱাৰ্টাৰ ফাইনেল খেলিছিল। সেইবাৰ পাকিস্তান ভেঙ্কতেশ প্ৰসাদৰ বলিঙত ধৰা পৰিল।

২০১১ চনত আয়োজক দল আছিল ভাৰত, শ্ৰীলংকা আৰু বাংলাদেশ। ভাৰতৰ মাটিত নকআউট মেচ। মহেন্দ্ৰ সিং ধোনিৰ দলে মোহলীত অনুষ্ঠিত সেই মেচত শ্বাহিদ আফ্ৰিদিৰ দলক পৰাস্ত কৰে। এই দুয়োখন বিশ্বকাপৰ মেচ পাকিস্তানে ভাৰতত খেলিছিল। দুয়োখন মেচতে হাৰিছিল।

এইবাৰ সমগ্ৰ প্ৰতিযোগিতা ভাৰতত অনুষ্ঠিত হৈছে। ফলত আগন্তুক দিনত বাবৰে আৰু কিমান মেচত জয়ী হ’ব সেয়া দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতত বনৰীয়া হাতী বিলুপ্ত হোৱাৰ শংকা
জুবিনৰ সমাধিত শ্রদ্ধা জনাবলৈ কাইলৈ আহিব ৰাহুল গান্ধী
ব্লেক কফি খালে দূৰ হয় ফেটি লিভাৰৰ সমস্যা
৬ কোটি টকাৰ ব্যয়েৰে অযোধ্যাত সম্পূৰ্ণ হ'ল ৰামায়ণৰ ওপৰত বিশ্বৰ প্ৰথমটো মমৰ সংগ্ৰহালয়
নাজিৰাত বিলাসী বাহনসহ চুৰি গৰু উদ্ধাৰ!  দুজনক আটক আৰু গৰুভৰ্তি দুখন বাহনৰ পলায়ন
গৰৈমাৰীত চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ:পুৰুষ মহিলাৰ তীব্ৰ প্ৰতিবাদ
তিনিচুকীয়াৰ বালিজানত মৰাণ লোকসকলক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ
পাৰ্লাৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মেনেজাৰ সাগৰ বণিয়াৰ মৃতদেহ; ৩মাহে পোৱা নাছিল দৰমহা
ভাৰতত হ্রাস পাইছে সূৰ্যৰ ৰশ্মি, সঘনে হোৱা প্ৰতিকূল বতৰৰ বাবে সমগ্ৰ দেশত ভয়ানক বায়ু প্ৰদূষণৰ আশংকা
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য