--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ পিতৃ হ’ল নেইমাৰ জুনিয়ৰ ।কন্যা সন্তানৰ পিতৃ হ’ল নেইমাৰ ।  খেলুৱৈগৰাকীয়ে  নৱজাতকৰ এখন ফটোও সামাজিক মাধ্যমত পোষ্ট কৰিছে।

শনিবাৰে পুৱা, ব্ৰাজিলিয়ান পোষ্টাৰ বয়ে   এক্স হেণ্ডেলত চাৰিখন ছবি পোষ্ট কৰিছে।  ফটোত  নৱজাতক আৰু প্ৰেমিকা ব্ৰুনা বিয়াংকাৰ্ডিকো  দেখা গৈছে। নেইমাৰ জুনিয়ৰে  লিখিছে, "মাভি আমাৰ জীৱন ভৰাই তুলিবলৈ  আহিছে। তোমাক  স্বাগতম, কন্যা। মই তোমাক বহুত ভালপাওঁ। আমাক বাছনি কৰাৰ বাবে ধন্যবাদ।’’ 

নেইমাৰ জুনিয়ৰ আৰু তেওঁৰ প্ৰেমিকা ব্ৰুনাৰ অন্তৰত এতিয়া আনন্দৰ লহৰ বৈ গৈছে। শ্বেয়াৰ কৰা এটা ভিডিঅ'ত, তেওঁলোকক নৱজাতক মাভিক চুম্বন কৰা দেখা গৈছে। ফটো প্ৰকাশৰ পিছতে অনুৰাগীয়ে  নেইমাৰ আৰু ব্ৰুনাক শুভেচ্ছাৰে ওপচাই দিছে। মাভিৰ ছবিখন দেখি বহুলোকে লিখিছে, "স্বাগতম মাভি। ঈশ্বৰে তোমাক আশীৰ্বাদ কৰক। কি সুন্দৰ মুহূৰ্ত। 


আল হিলালৰ ষ্ট্ৰাইকাৰজনে ব্ৰুনাৰ সৈতে  দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিছে। কিন্তু সেই কথা তেওঁলোকে গোপন ৰাখিছিল। অৱশ্যে যোৱা বছৰ খেলুৱৈগৰাকীয়ে  তেওঁৰ প্ৰেমিকাৰ সৈতে ইনষ্টাগ্ৰামত এখন ফটো পোষ্ট কৰিছিল। তেতিয়াই  জনা গৈছিল যে নেইমাৰে ব্ৰুনাৰ প্ৰেমত ডুব গৈ আছে।  এতিয়া নেইমাৰে  ব্ৰুনাৰ সন্তানৰ পিতৃ হোৱাৰ খবৰো প্ৰকাশ কৰিছে।



 

নেইমাৰ জুনিয়ৰ পূৰ্বৰে পৰা এটি  সন্তানৰ পিতৃ। ২৪  আগষ্ট, ২০১১ তাৰিখে ফুটবলৰ কিংবদন্তীগৰাকীৰ বান্ধৱী   কেৰোলিনা ডেণ্টাছে দাভি  লুক্কাক জন্ম দিছিল। ২০১১ চনত তেওঁলোকৰ বিচ্ছেদ হোৱা স্বত্বে, অন্ততঃ তেওঁলোকৰ সন্তানৰ বাবে তেওঁলোক দুয়োজনে ইজনে সিজনৰ সৈতে সম্পৰ্ক ৰাখিছে । 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ