--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ পিতৃ হ’ল নেইমাৰ জুনিয়ৰ ।কন্যা সন্তানৰ পিতৃ হ’ল নেইমাৰ ।  খেলুৱৈগৰাকীয়ে  নৱজাতকৰ এখন ফটোও সামাজিক মাধ্যমত পোষ্ট কৰিছে।

শনিবাৰে পুৱা, ব্ৰাজিলিয়ান পোষ্টাৰ বয়ে   এক্স হেণ্ডেলত চাৰিখন ছবি পোষ্ট কৰিছে।  ফটোত  নৱজাতক আৰু প্ৰেমিকা ব্ৰুনা বিয়াংকাৰ্ডিকো  দেখা গৈছে। নেইমাৰ জুনিয়ৰে  লিখিছে, "মাভি আমাৰ জীৱন ভৰাই তুলিবলৈ  আহিছে। তোমাক  স্বাগতম, কন্যা। মই তোমাক বহুত ভালপাওঁ। আমাক বাছনি কৰাৰ বাবে ধন্যবাদ।’’ 

নেইমাৰ জুনিয়ৰ আৰু তেওঁৰ প্ৰেমিকা ব্ৰুনাৰ অন্তৰত এতিয়া আনন্দৰ লহৰ বৈ গৈছে। শ্বেয়াৰ কৰা এটা ভিডিঅ'ত, তেওঁলোকক নৱজাতক মাভিক চুম্বন কৰা দেখা গৈছে। ফটো প্ৰকাশৰ পিছতে অনুৰাগীয়ে  নেইমাৰ আৰু ব্ৰুনাক শুভেচ্ছাৰে ওপচাই দিছে। মাভিৰ ছবিখন দেখি বহুলোকে লিখিছে, "স্বাগতম মাভি। ঈশ্বৰে তোমাক আশীৰ্বাদ কৰক। কি সুন্দৰ মুহূৰ্ত। 


আল হিলালৰ ষ্ট্ৰাইকাৰজনে ব্ৰুনাৰ সৈতে  দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিছে। কিন্তু সেই কথা তেওঁলোকে গোপন ৰাখিছিল। অৱশ্যে যোৱা বছৰ খেলুৱৈগৰাকীয়ে  তেওঁৰ প্ৰেমিকাৰ সৈতে ইনষ্টাগ্ৰামত এখন ফটো পোষ্ট কৰিছিল। তেতিয়াই  জনা গৈছিল যে নেইমাৰে ব্ৰুনাৰ প্ৰেমত ডুব গৈ আছে।  এতিয়া নেইমাৰে  ব্ৰুনাৰ সন্তানৰ পিতৃ হোৱাৰ খবৰো প্ৰকাশ কৰিছে।



 

নেইমাৰ জুনিয়ৰ পূৰ্বৰে পৰা এটি  সন্তানৰ পিতৃ। ২৪  আগষ্ট, ২০১১ তাৰিখে ফুটবলৰ কিংবদন্তীগৰাকীৰ বান্ধৱী   কেৰোলিনা ডেণ্টাছে দাভি  লুক্কাক জন্ম দিছিল। ২০১১ চনত তেওঁলোকৰ বিচ্ছেদ হোৱা স্বত্বে, অন্ততঃ তেওঁলোকৰ সন্তানৰ বাবে তেওঁলোক দুয়োজনে ইজনে সিজনৰ সৈতে সম্পৰ্ক ৰাখিছে । 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু