--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বিশ্বকাপৰ প্ৰথমখন মেচতে বিৰাট কোহলীয়ে অভিলেখ গঢ়িবলৈ সক্ষম হয়। ভাৰতীয় প্রাক্তন অধিনায়কগৰাকীয়ে অষ্ট্ৰেলিয়াই বেটিং কৰি থকাৰ সময়তে এদিনীয়া বিশ্বকাপত ভাৰতীয় খেলুৱৈ হিচাপে সৰ্বাধিক কেচ ধৰাৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়। অনিল কুম্বলেৰ অভিলেখ ভংগ কৰে তেওঁ।

এদিনীয়া বিশ্বকাপত সৰ্বাধিক কেচ লোৱাৰ অভিলেখ আছিল কুম্বলে। তেওঁ ১৪টা কেচ লৈছিল। বিৰাটে ১৫ টা কেচ ধৰিছে। অৱশ্যে সকলো দেশৰ ভিতৰতে শীৰ্ষত আছে ৰিকি পণ্টিং। অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়কগৰাকীয়ে ২৮টা কেচ ধৰিছিল। ইংলেণ্ডৰ জো ৰুটে এইবাৰ বিশ্বকাপত শীৰ্ষস্থান দখল কৰাৰ সুযোগ লাভ কৰিছে। এদিনীয়া মেচত তেওঁ এতিয়ালৈকে ২০টা কেচ লৈছে। এই তালিকাত ১১ নম্বৰ স্থানত আছে বিৰাট।

পণ্টিঙৰ পিছতে তৃতীয় স্থানত আছে ৰুট আৰু  সনাথ জয়সূৰিয়া। শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে ১৮টা কেচ লয়। ক্ৰীছ গেলে ১৭টা কেচ লয়। ১৬টা কেচ লয় ফাফ ডুপলেছিছ, ক্ৰীছ কেয়াৰ্নছ, ইয়ন মৰ্গান, ইনজামাম উল হক, বায়ৰ্ন লাৰা আৰু মাহেলা জয়ৱৰ্ধনে। আটাইকেইজনেই ক্ৰিকেটৰ পৰা অৱসৰ লৈছে। ভিৰাটৰ বাহিৰেও দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক গ্ৰেম স্মিথে বিশ্বকাপত ১৫টা কেচ লয়।

৫ অক্টোবৰৰ পৰা আৰম্ভ হৈছে এই বিশ্বকাপ। দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিছে ভাৰত। পেট কামিন্সৰ দলটোৱে প্ৰথমে বেটিং কৰিছে। তৃতীয় অভাৰত যশপ্ৰীত বুমৰাহৰ অফ ষ্টাম্পৰ বাহিৰত বল পাঞ্চ কৰি মিচেল মাৰ্ছে আউট হয়। বিৰাটে স্লিপত বাওঁফালে জপিয়াই কেচটো লয়। অষ্ট্ৰেলিয়ান অ’পেনাৰ আউট ন’ ৰান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু