--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বিশ্বকাপৰ প্ৰথমখন মেচতে বিৰাট কোহলীয়ে অভিলেখ গঢ়িবলৈ সক্ষম হয়। ভাৰতীয় প্রাক্তন অধিনায়কগৰাকীয়ে অষ্ট্ৰেলিয়াই বেটিং কৰি থকাৰ সময়তে এদিনীয়া বিশ্বকাপত ভাৰতীয় খেলুৱৈ হিচাপে সৰ্বাধিক কেচ ধৰাৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়। অনিল কুম্বলেৰ অভিলেখ ভংগ কৰে তেওঁ।

এদিনীয়া বিশ্বকাপত সৰ্বাধিক কেচ লোৱাৰ অভিলেখ আছিল কুম্বলে। তেওঁ ১৪টা কেচ লৈছিল। বিৰাটে ১৫ টা কেচ ধৰিছে। অৱশ্যে সকলো দেশৰ ভিতৰতে শীৰ্ষত আছে ৰিকি পণ্টিং। অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়কগৰাকীয়ে ২৮টা কেচ ধৰিছিল। ইংলেণ্ডৰ জো ৰুটে এইবাৰ বিশ্বকাপত শীৰ্ষস্থান দখল কৰাৰ সুযোগ লাভ কৰিছে। এদিনীয়া মেচত তেওঁ এতিয়ালৈকে ২০টা কেচ লৈছে। এই তালিকাত ১১ নম্বৰ স্থানত আছে বিৰাট।

পণ্টিঙৰ পিছতে তৃতীয় স্থানত আছে ৰুট আৰু  সনাথ জয়সূৰিয়া। শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে ১৮টা কেচ লয়। ক্ৰীছ গেলে ১৭টা কেচ লয়। ১৬টা কেচ লয় ফাফ ডুপলেছিছ, ক্ৰীছ কেয়াৰ্নছ, ইয়ন মৰ্গান, ইনজামাম উল হক, বায়ৰ্ন লাৰা আৰু মাহেলা জয়ৱৰ্ধনে। আটাইকেইজনেই ক্ৰিকেটৰ পৰা অৱসৰ লৈছে। ভিৰাটৰ বাহিৰেও দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক গ্ৰেম স্মিথে বিশ্বকাপত ১৫টা কেচ লয়।

৫ অক্টোবৰৰ পৰা আৰম্ভ হৈছে এই বিশ্বকাপ। দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিছে ভাৰত। পেট কামিন্সৰ দলটোৱে প্ৰথমে বেটিং কৰিছে। তৃতীয় অভাৰত যশপ্ৰীত বুমৰাহৰ অফ ষ্টাম্পৰ বাহিৰত বল পাঞ্চ কৰি মিচেল মাৰ্ছে আউট হয়। বিৰাটে স্লিপত বাওঁফালে জপিয়াই কেচটো লয়। অষ্ট্ৰেলিয়ান অ’পেনাৰ আউট ন’ ৰান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ