--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকাটাৰত অনুষ্ঠিত হৈ থকা ফিফা বিশ্বকাপত নেডাৰলেণ্ড আৰু আৰ্জেণ্টিনাই  কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। নেডাৰলেণ্ডে আমেৰিকাক হৰুৱাই  কোৱাৰ্টাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে। আনহাতে  আৰ্জেণ্টিনাই অষ্ট্ৰেলিয়াক পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে।

নেডাৰলেণ্ডে আমেৰিকাক পৰাস্ত কৰি অন্তিম আঠটা  স্থান লাভ কৰিছে। দুয়োটা দলে কোৱাৰ্টাৰ ফাইনেলত ইটোৱে সিটোৰ মুখামুখি হ’ব। খেলখন ক'ত,  কেতিয়া অনুষ্ঠিত হ'ব?আৰ্জেণ্টিনা আৰু নেডাৰলেণ্ডৰ মাজত অনুষ্ঠিত হ'বলগীয়া কোৱাৰ্টাৰ ফাইনেল খেলখন শুক্ৰবাৰে অৰ্থাৎ  ডিচেম্বৰৰ ৯ তাৰিখে অনুষ্ঠিত হ'ব। 

দুয়োটা দলে কাটাৰৰ লুচাইল ষ্টেডিয়ামত যুদ্ধত নামিব। বিশ্বকাপৰ ফাইনেল খেলখনো এই ষ্টেডিয়ামতে অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি  দুপৰীয়া ১২:৩০ বজাত আৰম্ভ হ'ব।

প্ৰাক-কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনাই অষ্ট্ৰেলিয়াক ২-১ গ'লত পৰাস্ত কৰে। মেছিৰ গ'লেৰে আৰ্জেণ্টিনাই প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াৰ প্ৰতিৰক্ষা ভংগ কৰে। মেছিয়ে বিশ্বকাপত তেওঁৰ নৱম গ'লটো কৰিছে। কিন্তু প্ৰথমটো গ'ল নকআউটত তেওঁৰ ভৰিৰ পৰা  সৰকি আহিছিল। জুলিয়ান আলভাৰেছে আৰ্জেণ্টিনাৰ হৈ দ্বিতীয়টো গ'ল কৰিছিল।

ফাৰ্ণাণ্ডেজে এটা আত্মঘাতী গ'ল কৰি বাকী খেলুৱৈসকলৰ চিন্তা বৃদ্ধি কৰিছিল। অৱশ্যে, আৰ্জেণ্টিনাই খেল খনত  জিকিবলৈ  আন বিশেষ কোনো সমস্যাৰ সন্মুখীন হোৱা  নাছিল।
শনিবাৰে আনখন প্ৰাক-কোৱাৰ্টাৰ ফাইনেলত নেডাৰলেণ্ডে আমেৰিকা যুক্তৰাষ্ট্ৰক ৩-১ গ'লত পৰাস্ত কৰে। মেমফিছ ডেপে, ডেল ব্লাইণ্ড আৰু ডেনজেল ডুম্ফৰিজে দলটোৰ হৈ গ'ল কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক