--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুক্ৰবাৰে ৰোমাঞ্চকৰভাৱে কাটাৰ বিশ্বকাপৰ পৰা বাহিৰ হৈছে লুই চুৱাৰেজৰ উৰুগুৱে। শেহৰখন মেচত ঘানাৰ বিৰুদ্ধে ২-০ গ’লত বিজয়ী হ’লেও গ্ৰুপৰ দলসমূহৰ গ’ল বিভাজন অনুসৰি দক্ষিণ কোৰিয়াতকৈ পিছ পৰি ৰয় উৰুগুৱে। ফলত নকআউট পৰ্যায়লৈ দক্ষিণ কোৰিয়া আগবাঢ়ে।

ঘানাৰ স’তে হোৱা মেচখনৰ পাছতে খেলপথাৰত সৃষ্টি হয় ব্যাপক উত্তেজনাৰ। খেলৰ দায়িত্বত থকা ডানিয়েল চিবাৰ্ট নামৰ জাৰ্মান ৰেফাৰীক আগুৰি ধৰে উৰুগুৱেৰ ফুটবলাৰসকলে। খেল চলি থকাৰ সময়ত লোৱা কিছু সিদ্ধান্তৰ প্ৰবল আপত্তি জনালে তেওঁলোকে।

কিন্তু উৰুগুৱেৰ চেণ্টাৰ বেক হোছে জিমেনেজে আপত্তিৰ সকলো পৰিসীমা চেৰাই যায়। সামাজিক মাধ্যমত বিয়পি পৰা এটা ভিডিঅ’ত দেখা গৈছে যে জিমেনেজে ফিফাৰ কম্পিটিছন ডিৰেক্টৰক মূৰৰ পাছফালে প্ৰহাৰ কৰিছে। কেৱল সেয়াই নহয়, ৰেফাৰীগৰাকীক মুকলিকৈয়ে ‘চোৰ’ বুলিও গালি পাৰিছে। 

জিমেনেজৰ এই কাণ্ডৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লৈছে ফিফাই।  ১৫ খনকৈ মেচৰ পৰা নিৰ্বাসিত হ’ব পাৰে জিমেনেজ। ফলত প্ৰায় এক বছৰ দেশৰ হৈ খেলিব নোৱাৰিব জিমেনেজে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক