--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট বিশ্বকাপৰ মাজতে চৰ্চা চলিছে এগৰাকী ধাৰভাষ্যকাৰক লৈ৷ চলিত সপ্তাহৰ আৰম্ভণিতে হঠাতে ভাৰত এৰি যোৱা পাকিস্তানী ক্ৰিকেট কমেণ্টেটৰ এগৰাকীয়ে তেওঁক ভাৰত এৰি যাবলৈ হেচাঁ দিয়াৰ অভিযোগ অস্বীকাৰ কৰিছে।

ক্ৰিকেট বিশ্বকাপৰ বাতৰি পৰিৱেশন কৰি থকা জৈনাব আব্বাছে ভাৰত আৰু হিন্দু ধৰ্মক উপহাস কৰা বুলি অভিযোগ উত্থাপন কৰা পুৰণি ছ’চিয়েল মিডিয়া পোষ্টক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত সোমবাৰে ভাৰত এৰি গুচি যায়।ইণ্টাৰনেটত হোৱা প্ৰতিক্ৰিয়াৰ বাবে তেওঁ সংশয় অনুভৱ কৰা বুলি কয়।

পোষ্টসমূহত ক্ষুণ্ণ হোৱা লোকৰ ওচৰত জৈনাবে ক্ষমাও খোজে।এক্স (পূৰ্বৰ টুইটাৰ)ত প্ৰকাশ কৰা এক বিবৃতিত আব্বাছে কয় যে, "যিবোৰ পোষ্ট প্ৰচাৰিত হৈছিল, তাৰ ফলত হোৱা আঘাতৰ বিষয়ে মই বুজি পাইছো আৰু গভীৰভাৱে অনুশোচনা কৰিছো। মই স্পষ্টকৈ ক'ব বিচাৰো যে সেইবোৰে মোৰ মূল্যবোধ বা আজি এজন ব্যক্তি হিচাপে মই কোন সেইটো প্ৰতিনিধিত্ব নকৰে।" 

উল্লেখ্য যে আব্বাছ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আই চি চি) ডিজিটেল দলৰ অংশ আছিল আৰু চলি থকা বিশ্বকাপৰ খেলসমূহ সামৰি লৈছিল। যোৱা সপ্তাহত ভাৰতত উপস্থিত হোৱা আব্বাছে নেদাৰলেণ্ডৰ বিৰুদ্ধে পাকিস্তানৰ বিশ্বকাপৰ অ’পেনিঙৰ ধাৰভাষ্য দিছিল। বেংগালুৰু, চেন্নাই আৰু আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া দেশৰ আন আন মেচবোৰত অংশগ্ৰহণ কৰাৰ কথা আছিল জৈনবৰ।

যোৱা সপ্তাহত ৰাজধানী দিল্লীৰ এগৰাকী অধিবক্তাই তেওঁৰ পুৰণি পোষ্টক লৈ আব্বাছৰ বিৰুদ্ধে আৰক্ষীৰ এজাহাৰ দাখিল কৰাৰ পাছতে ভাৰতীয় ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল৷

ভাৰতীয় ক্ৰিকেটৰ শাসকীয় সংস্থা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই)ৰ এজন শীৰ্ষ বিষয়ালৈ অধিবক্তা বিনীত জিন্দালে আব্বাছক আইচিচিৰ উপস্থাপক পদৰ পৰা অপসাৰণৰ বাবে পত্ৰ লিখিছিল।ভাৰতৰ পৰা আঁতৰি যোৱাৰ পাছত বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। কিন্তু আইচিচিৰ এগৰাকী মুখপাত্ৰই বিবিচিক জনাইছিল যে তেওঁ ব্যক্তিগত কাৰণতহে বিশ্বকাপ আধাতে এৰি গুচি গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি