--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট বিশ্বকাপৰ মাজতে চৰ্চা চলিছে এগৰাকী ধাৰভাষ্যকাৰক লৈ৷ চলিত সপ্তাহৰ আৰম্ভণিতে হঠাতে ভাৰত এৰি যোৱা পাকিস্তানী ক্ৰিকেট কমেণ্টেটৰ এগৰাকীয়ে তেওঁক ভাৰত এৰি যাবলৈ হেচাঁ দিয়াৰ অভিযোগ অস্বীকাৰ কৰিছে।

ক্ৰিকেট বিশ্বকাপৰ বাতৰি পৰিৱেশন কৰি থকা জৈনাব আব্বাছে ভাৰত আৰু হিন্দু ধৰ্মক উপহাস কৰা বুলি অভিযোগ উত্থাপন কৰা পুৰণি ছ’চিয়েল মিডিয়া পোষ্টক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত সোমবাৰে ভাৰত এৰি গুচি যায়।ইণ্টাৰনেটত হোৱা প্ৰতিক্ৰিয়াৰ বাবে তেওঁ সংশয় অনুভৱ কৰা বুলি কয়।

পোষ্টসমূহত ক্ষুণ্ণ হোৱা লোকৰ ওচৰত জৈনাবে ক্ষমাও খোজে।এক্স (পূৰ্বৰ টুইটাৰ)ত প্ৰকাশ কৰা এক বিবৃতিত আব্বাছে কয় যে, "যিবোৰ পোষ্ট প্ৰচাৰিত হৈছিল, তাৰ ফলত হোৱা আঘাতৰ বিষয়ে মই বুজি পাইছো আৰু গভীৰভাৱে অনুশোচনা কৰিছো। মই স্পষ্টকৈ ক'ব বিচাৰো যে সেইবোৰে মোৰ মূল্যবোধ বা আজি এজন ব্যক্তি হিচাপে মই কোন সেইটো প্ৰতিনিধিত্ব নকৰে।" 

উল্লেখ্য যে আব্বাছ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আই চি চি) ডিজিটেল দলৰ অংশ আছিল আৰু চলি থকা বিশ্বকাপৰ খেলসমূহ সামৰি লৈছিল। যোৱা সপ্তাহত ভাৰতত উপস্থিত হোৱা আব্বাছে নেদাৰলেণ্ডৰ বিৰুদ্ধে পাকিস্তানৰ বিশ্বকাপৰ অ’পেনিঙৰ ধাৰভাষ্য দিছিল। বেংগালুৰু, চেন্নাই আৰু আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া দেশৰ আন আন মেচবোৰত অংশগ্ৰহণ কৰাৰ কথা আছিল জৈনবৰ।

যোৱা সপ্তাহত ৰাজধানী দিল্লীৰ এগৰাকী অধিবক্তাই তেওঁৰ পুৰণি পোষ্টক লৈ আব্বাছৰ বিৰুদ্ধে আৰক্ষীৰ এজাহাৰ দাখিল কৰাৰ পাছতে ভাৰতীয় ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল৷

ভাৰতীয় ক্ৰিকেটৰ শাসকীয় সংস্থা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই)ৰ এজন শীৰ্ষ বিষয়ালৈ অধিবক্তা বিনীত জিন্দালে আব্বাছক আইচিচিৰ উপস্থাপক পদৰ পৰা অপসাৰণৰ বাবে পত্ৰ লিখিছিল।ভাৰতৰ পৰা আঁতৰি যোৱাৰ পাছত বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। কিন্তু আইচিচিৰ এগৰাকী মুখপাত্ৰই বিবিচিক জনাইছিল যে তেওঁ ব্যক্তিগত কাৰণতহে বিশ্বকাপ আধাতে এৰি গুচি গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি