--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইল-পেলেষ্টাইনৰ মাজৰ যুঁজ খন অধিক ভয়ংকৰ হৈ উঠাৰ আশংকাই দেখা দিছে। ইজৰাইলৰ সেনাই গাজাৰ পৰা হামাছ সন্ত্ৰাসবাদীক পুলিয়ো-পোখাই উভালিবলৈ দৃঢ় প্ৰতিজ্ঞ হৈছে। ইজৰাইলক গাজাত আক্ৰমণ চলোৱাত সহায় কৰিবলৈ আগবাঢ়ি আহিছে আমেৰিকা। গাজাত  সংঘৰ্ষ ক্ৰমান্বয়ে ভয়াৱহ  হৈ পৰিছে।

 যুদ্ধৰ ডাৱৰ গাঢ় হৈ আহিছে। ইজৰাইলী সামৰিক বাহিনীয়ে গাজাৰ অসামৰিক লোকসকলক আৰু তাত নিয়োজিত ৰাষ্ট্ৰসংঘৰ বিষয়াসকলক ২৪ ঘণ্টাৰ ভিতৰত দক্ষিণৰ সুৰক্ষিত স্থানলৈ  যাবলৈ কৈছে। কিন্তু ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা মতে  এয়া অসম্ভৱ। ৰাষ্ট্ৰসংঘই কৈছে যে ইজৰাইলৰ এনে পদক্ষেপ  মাৰাত্মক হ'ব পাৰে। ইফালে, ইৰাণে কৈছে যে তেওঁলোকে গাজা ষ্ট্ৰিপত ভৱিষ্যতৰ আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইজৰাইলৰ বিৰুদ্ধে এক নতুন সৈন্য বাহিনী খোলাৰ কথা বিবেচনা কৰি আছে।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে হামাছৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ একপ্ৰকাৰৰ  যুদ্ধৰ আহ্বান জনাইছে। তেওঁৰ এনে স্থিতিৰ পিছতে  হামাছে  প্ৰতিবাদ জনাই এক  বিবৃতি জাৰি কৰিছে। ইজৰাইলী সামৰিক বাহিনীয়ে  কৈছে যে গাজাৰ অসামৰিক লোকসকলে তেওঁলোকৰ ব্যক্তিগত সুৰক্ষা নিশ্চিত কৰিবলৈ দ্ৰুতগতিত নিজৰ ঘৰ এৰি যাবলৈ   পৰামৰ্শ দিছে। 
ইপিনে  ৰাষ্ট্ৰসংঘই ইজৰাইলক আদেশটো প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰসংঘই  কৈছে  যে সকলো গাজাবাসীক এনেদৰে অঞ্চলটোৰ পৰা স্থানান্তৰ কৰাটো অসম্ভৱ।

 ইফালে, ইৰাণৰ বৈদেশিক মন্ত্ৰী হোছেইন আমিৰ-আব্দাল্লাহিয়াই কয়, "আমাক বহু দেশে  যোগাযোগ কৰিছে আৰু ইজৰাইলৰ বিৰুদ্ধে  এক নতুন মৰ্চা গঠনৰ আহ্বান জনোৱা হৈছে।"তেওঁ লগতে কয় যে সেই সম্ভাৱনা ভৱিষ্যতে গাজাত ইজৰাইলৰ কাৰ্যকলাপৰ ওপৰত নিৰ্ভৰ কৰিব। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
বিশ্ব কাপলৈ ভাৰতৰ যোগ্যতা অর্জন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত