--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইল-পেলেষ্টাইনৰ মাজৰ যুঁজ খন অধিক ভয়ংকৰ হৈ উঠাৰ আশংকাই দেখা দিছে। ইজৰাইলৰ সেনাই গাজাৰ পৰা হামাছ সন্ত্ৰাসবাদীক পুলিয়ো-পোখাই উভালিবলৈ দৃঢ় প্ৰতিজ্ঞ হৈছে। ইজৰাইলক গাজাত আক্ৰমণ চলোৱাত সহায় কৰিবলৈ আগবাঢ়ি আহিছে আমেৰিকা। গাজাত  সংঘৰ্ষ ক্ৰমান্বয়ে ভয়াৱহ  হৈ পৰিছে।

 যুদ্ধৰ ডাৱৰ গাঢ় হৈ আহিছে। ইজৰাইলী সামৰিক বাহিনীয়ে গাজাৰ অসামৰিক লোকসকলক আৰু তাত নিয়োজিত ৰাষ্ট্ৰসংঘৰ বিষয়াসকলক ২৪ ঘণ্টাৰ ভিতৰত দক্ষিণৰ সুৰক্ষিত স্থানলৈ  যাবলৈ কৈছে। কিন্তু ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা মতে  এয়া অসম্ভৱ। ৰাষ্ট্ৰসংঘই কৈছে যে ইজৰাইলৰ এনে পদক্ষেপ  মাৰাত্মক হ'ব পাৰে। ইফালে, ইৰাণে কৈছে যে তেওঁলোকে গাজা ষ্ট্ৰিপত ভৱিষ্যতৰ আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইজৰাইলৰ বিৰুদ্ধে এক নতুন সৈন্য বাহিনী খোলাৰ কথা বিবেচনা কৰি আছে।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে হামাছৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ একপ্ৰকাৰৰ  যুদ্ধৰ আহ্বান জনাইছে। তেওঁৰ এনে স্থিতিৰ পিছতে  হামাছে  প্ৰতিবাদ জনাই এক  বিবৃতি জাৰি কৰিছে। ইজৰাইলী সামৰিক বাহিনীয়ে  কৈছে যে গাজাৰ অসামৰিক লোকসকলে তেওঁলোকৰ ব্যক্তিগত সুৰক্ষা নিশ্চিত কৰিবলৈ দ্ৰুতগতিত নিজৰ ঘৰ এৰি যাবলৈ   পৰামৰ্শ দিছে। 
ইপিনে  ৰাষ্ট্ৰসংঘই ইজৰাইলক আদেশটো প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰসংঘই  কৈছে  যে সকলো গাজাবাসীক এনেদৰে অঞ্চলটোৰ পৰা স্থানান্তৰ কৰাটো অসম্ভৱ।

 ইফালে, ইৰাণৰ বৈদেশিক মন্ত্ৰী হোছেইন আমিৰ-আব্দাল্লাহিয়াই কয়, "আমাক বহু দেশে  যোগাযোগ কৰিছে আৰু ইজৰাইলৰ বিৰুদ্ধে  এক নতুন মৰ্চা গঠনৰ আহ্বান জনোৱা হৈছে।"তেওঁ লগতে কয় যে সেই সম্ভাৱনা ভৱিষ্যতে গাজাত ইজৰাইলৰ কাৰ্যকলাপৰ ওপৰত নিৰ্ভৰ কৰিব। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত