--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ পৰা বাহিৰ হ’ল ব্ৰাজিল ৷  অতিৰিক্ত সময়ত নেইমাৰৰ গ'লটোৱেও সহায় কৰিব নোৱাৰিলে দলটোক। টাইব্ৰেকাৰত ক্ৰোৱেছিয়া ৪-২ গ'লত বিজয়ী হয়।বিশ্বকাপৰ পৰা প্ৰস্থান কৰাৰ পিছত টিটে ব্ৰাজিলৰ মুখ্য প্ৰশিক্ষকৰ পদৰ পৰা পদ ত্যাগ কৰিছে। শুক্ৰবাৰে খেলখনৰ পিছত তেওঁ এখন সংবাদমেলত তেওঁৰ সিদ্ধান্তৰ কথা  ঘোষণা কৰে।

টিটে ছয় বছৰৰ বাবে ব্ৰাজিলৰ প্ৰশিক্ষকৰ পদত আছিল। তেওঁৰ অধীনত ব্ৰাজিলে ২০১৮ আৰু ২০২২ চনত দুবাৰকৈ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হৈছে।খেলখনৰ পিছত, টিটেই  কয় , "এই পৰাজয় স্বীকাৰ কৰাটো বেদনাদায়ক। মই এইবাৰ শান্তিত থাকিব বিচাৰো। মোক দিয়া সকলো দায়িত্ব শেষ হৈছে। ডেৰ বছৰ আগতে, মই কৈছিলো যে বিশ্বকাপৰ ফলাফল যিয়েই নহওঁক, মই আৰু দায়িত্বত নাথাকিম। মই দুটা কথাৰ মানুহ নহওঁ। মই  কোনো ধৰণৰ নাটক কৰি দায়িত্বত থাকিব নিবিচাৰো। যিসকলে মোক জানে তেওঁলোকে জানে যে মই এটা কথাৰ মানুহ। "

২০১৪ চনৰ বিশ্বকাপত ডুঙ্গা ব্ৰাজিলৰ প্ৰশিক্ষক আছিল।তেওঁ শেষত চাকৰি হেৰুৱাইছিল৷  কিয়নো ব্ৰাজিলে ইখনৰ পিছত সিখন  মেচত কেৱল পৰাজয়ৰ মুখ দেখিছিল। তেওঁৰ পিছত ব্ৰাজিলৰ ঘৰুৱা ফুটবলৰ বিষয়ে ভাল জ্ঞান থকা টিটক অনা হৈছিল। কিন্তু টিটয়ো ব্ৰাজিলবাসীৰ শা পূৰণ কৰিব নোৱাৰিলে৷ 

ব্ৰাজিলে টিটৰ অধীনত ৮১ খন খেল খেলিছে। ইয়াৰে ৬০ খনত দলটো জয়ী হৈছে৷ ১৫ খন মেচ ড্ৰ হৈছে। তেওঁলোকে মাত্ৰ ৬ খন মেচত পৰািত হৈছে৷  এই খেলসমূহত  ব্ৰাজিলে ১৭৪ টা গ'ল কৰিছিল আৰু ৩০টা গ’ল  খাইছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু