--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ পৰা বাহিৰ হ’ল ব্ৰাজিল ৷  অতিৰিক্ত সময়ত নেইমাৰৰ গ'লটোৱেও সহায় কৰিব নোৱাৰিলে দলটোক। টাইব্ৰেকাৰত ক্ৰোৱেছিয়া ৪-২ গ'লত বিজয়ী হয়।বিশ্বকাপৰ পৰা প্ৰস্থান কৰাৰ পিছত টিটে ব্ৰাজিলৰ মুখ্য প্ৰশিক্ষকৰ পদৰ পৰা পদ ত্যাগ কৰিছে। শুক্ৰবাৰে খেলখনৰ পিছত তেওঁ এখন সংবাদমেলত তেওঁৰ সিদ্ধান্তৰ কথা  ঘোষণা কৰে।

টিটে ছয় বছৰৰ বাবে ব্ৰাজিলৰ প্ৰশিক্ষকৰ পদত আছিল। তেওঁৰ অধীনত ব্ৰাজিলে ২০১৮ আৰু ২০২২ চনত দুবাৰকৈ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হৈছে।খেলখনৰ পিছত, টিটেই  কয় , "এই পৰাজয় স্বীকাৰ কৰাটো বেদনাদায়ক। মই এইবাৰ শান্তিত থাকিব বিচাৰো। মোক দিয়া সকলো দায়িত্ব শেষ হৈছে। ডেৰ বছৰ আগতে, মই কৈছিলো যে বিশ্বকাপৰ ফলাফল যিয়েই নহওঁক, মই আৰু দায়িত্বত নাথাকিম। মই দুটা কথাৰ মানুহ নহওঁ। মই  কোনো ধৰণৰ নাটক কৰি দায়িত্বত থাকিব নিবিচাৰো। যিসকলে মোক জানে তেওঁলোকে জানে যে মই এটা কথাৰ মানুহ। "

২০১৪ চনৰ বিশ্বকাপত ডুঙ্গা ব্ৰাজিলৰ প্ৰশিক্ষক আছিল।তেওঁ শেষত চাকৰি হেৰুৱাইছিল৷  কিয়নো ব্ৰাজিলে ইখনৰ পিছত সিখন  মেচত কেৱল পৰাজয়ৰ মুখ দেখিছিল। তেওঁৰ পিছত ব্ৰাজিলৰ ঘৰুৱা ফুটবলৰ বিষয়ে ভাল জ্ঞান থকা টিটক অনা হৈছিল। কিন্তু টিটয়ো ব্ৰাজিলবাসীৰ শা পূৰণ কৰিব নোৱাৰিলে৷ 

ব্ৰাজিলে টিটৰ অধীনত ৮১ খন খেল খেলিছে। ইয়াৰে ৬০ খনত দলটো জয়ী হৈছে৷ ১৫ খন মেচ ড্ৰ হৈছে। তেওঁলোকে মাত্ৰ ৬ খন মেচত পৰািত হৈছে৷  এই খেলসমূহত  ব্ৰাজিলে ১৭৪ টা গ'ল কৰিছিল আৰু ৩০টা গ’ল  খাইছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক