--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰোৱেছিয়াৰ পৰাক্ৰমত তিষ্ঠিব নোৱাৰি অভাৱনীয়ভাবে   বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হ’বলগীয়া হ’ল ব্ৰাজিল৷ সকলোৰে চকু এইবাৰ ব্ৰাজিলৰ ওপৰতে আছিল যদিও শেষত বহুতৰে সেই আশা ভংগ হ’ল৷  পৰাজয়ৰ পিছতে ব্ৰাজিলৰ নেইমাৰ, ৰিচাৰ্লিচন, ৰড্ৰিগো খেলপথাৰতে কান্দোনত ভাগি পৰে৷ বিশ্ব বিখ্যাত খেলুৱৈ কেইজনে হাউ হাউকৈ কান্দি থকাৰ দৃশ্য সঁচাকৈয়ে বহুতৰে বাবে অসহনীয় হৈ পৰিছিল৷ 

ব্ৰাজিলতো বৈছিল চকুলোৰ ঢল৷ খেলপথাৰত তেতিয়া শাৰীত থিয় হৈ আছিল ৰড্ৰিগো, পেড্ৰো, নেইমাৰ, এলেক্স চেন্দ্ৰো, এন্থনী, থিয়াগো চিলভা, ফ্ৰেড্ৰা আদি খেলুৱৈসকল। প্ৰতিজন খেলুৱৈৰেই  অনুভূতি একেই।  সকলোৰে মুখলৈ চাই বুজি পোৱা গৈছিল যে বিশ্বকাপৰ পৰা প্ৰস্থানক কোনেও মানি ল’ব পৰা নাই৷

নেইমাৰ অকলে বহি আছিল। হঠাতে তেওঁ কান্দোনত ভাগি পৰিল। এই মুহূৰ্তত ব্ৰাজিলৰ আটাইতকৈ জনপ্ৰিয় ফুটবলাৰজনক চম্ভালিব কাৰো সাধ্য নাছিল। দানি আলভেছে দৌৰি গৈ তেওঁক  সাৱটি ধৰিছিল। দানিয়ে  তেওঁৰ ভায়েকক সান্ত্বনা দিয়াৰ বাবে যি কৰিব লাগে সেয়া সকলো  কৰিছিল। তেওঁ নেইমাৰৰ মূৰটো নিজৰ কান্ধৰ পিনে  টানি নিছিল। 

শিশুক বুজনি দিয়াৰ  দৰেই তেওঁ নেইমাৰৰ বুকু আৰু পিঠিত হাতেৰে  ঘঁহি বিভিন্ন ধৰণে শান্ত কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু সেই সকলো প্ৰচেষ্টা বৃথা হৈছিল। ৩১ বছৰীয়া নেইমাৰক যেন কোনেও শান্তই কৰিব নোৱাৰিব! ৰড্ৰিগোক খেলপথাৰৰ আন এটা মূৰত দেখা গৈছিল। উল্লেখ্য কোৱাৰ্টাৰ ফাইনেলত ক্ৰোৱেছিয়াৰ হাতত পৰাস্ত হোৱাৰ পিছত ব্ৰাজিল বিশ্বকাপৰ পৰা বাহিৰ হয়। নেইমাৰে সুন্দৰ খেলাৰ  পিছতো দলটোৱে জিকিব নোৱাৰিলে। খেলখনৰ শেষত নেইমাৰে ফুটবলৰ  অৱসৰৰ ইংগিতেই  দিলে৷এই কথাই অধিক বিষন্ন কৰি তুলিছে ফুটবলপ্ৰেমীসকলক৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক