--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰোৱেছিয়াৰ পৰাক্ৰমত তিষ্ঠিব নোৱাৰি অভাৱনীয়ভাবে   বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হ’বলগীয়া হ’ল ব্ৰাজিল৷ সকলোৰে চকু এইবাৰ ব্ৰাজিলৰ ওপৰতে আছিল যদিও শেষত বহুতৰে সেই আশা ভংগ হ’ল৷  পৰাজয়ৰ পিছতে ব্ৰাজিলৰ নেইমাৰ, ৰিচাৰ্লিচন, ৰড্ৰিগো খেলপথাৰতে কান্দোনত ভাগি পৰে৷ বিশ্ব বিখ্যাত খেলুৱৈ কেইজনে হাউ হাউকৈ কান্দি থকাৰ দৃশ্য সঁচাকৈয়ে বহুতৰে বাবে অসহনীয় হৈ পৰিছিল৷ 

ব্ৰাজিলতো বৈছিল চকুলোৰ ঢল৷ খেলপথাৰত তেতিয়া শাৰীত থিয় হৈ আছিল ৰড্ৰিগো, পেড্ৰো, নেইমাৰ, এলেক্স চেন্দ্ৰো, এন্থনী, থিয়াগো চিলভা, ফ্ৰেড্ৰা আদি খেলুৱৈসকল। প্ৰতিজন খেলুৱৈৰেই  অনুভূতি একেই।  সকলোৰে মুখলৈ চাই বুজি পোৱা গৈছিল যে বিশ্বকাপৰ পৰা প্ৰস্থানক কোনেও মানি ল’ব পৰা নাই৷

নেইমাৰ অকলে বহি আছিল। হঠাতে তেওঁ কান্দোনত ভাগি পৰিল। এই মুহূৰ্তত ব্ৰাজিলৰ আটাইতকৈ জনপ্ৰিয় ফুটবলাৰজনক চম্ভালিব কাৰো সাধ্য নাছিল। দানি আলভেছে দৌৰি গৈ তেওঁক  সাৱটি ধৰিছিল। দানিয়ে  তেওঁৰ ভায়েকক সান্ত্বনা দিয়াৰ বাবে যি কৰিব লাগে সেয়া সকলো  কৰিছিল। তেওঁ নেইমাৰৰ মূৰটো নিজৰ কান্ধৰ পিনে  টানি নিছিল। 

শিশুক বুজনি দিয়াৰ  দৰেই তেওঁ নেইমাৰৰ বুকু আৰু পিঠিত হাতেৰে  ঘঁহি বিভিন্ন ধৰণে শান্ত কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু সেই সকলো প্ৰচেষ্টা বৃথা হৈছিল। ৩১ বছৰীয়া নেইমাৰক যেন কোনেও শান্তই কৰিব নোৱাৰিব! ৰড্ৰিগোক খেলপথাৰৰ আন এটা মূৰত দেখা গৈছিল। উল্লেখ্য কোৱাৰ্টাৰ ফাইনেলত ক্ৰোৱেছিয়াৰ হাতত পৰাস্ত হোৱাৰ পিছত ব্ৰাজিল বিশ্বকাপৰ পৰা বাহিৰ হয়। নেইমাৰে সুন্দৰ খেলাৰ  পিছতো দলটোৱে জিকিব নোৱাৰিলে। খেলখনৰ শেষত নেইমাৰে ফুটবলৰ  অৱসৰৰ ইংগিতেই  দিলে৷এই কথাই অধিক বিষন্ন কৰি তুলিছে ফুটবলপ্ৰেমীসকলক৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু