--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰ বিশ্বকাপৰ চেমিফাইনেলত প্ৰৱেশ কৰিলে লিঅ’নেল মেছিৰ আৰ্জেণ্টিনাই। নেদাৰলেণ্ডছৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলখনত টাইব্ৰেকাৰত বিজয়ী হয় মেছিবাহিনী।

দলৰ বিজয়ত মুখ্য ভূমিকা লয় অধিনায়ক মেছিয়ে নিজে। এটা গ’ল আৰু এটা এচিষ্ট কৰি মেন অৱ দ্যা মেচৰ সন্মানো লাভ কৰে তেওঁ।

অনবদ্য প্ৰদৰ্শনৰ উপৰিও মেচখনত কিছু ভিন্ন মেজাজত দেখা পোৱা গ’ল মেছিক। সাধাৰণতে মেছিক স্বভাৱসুলভ নম্ৰতা-শান্ত মেজাজত দেখা পোৱা যায়। কিন্তু নেদাৰলেণ্ডছৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক আৰু খঙাল ৰূপত দেখা পোৱা গ’ল মেছিক।

৭৩ মিনিটত পেনাল্টি গ’লেৰে আৰ্জেণ্টিনাক ২-০ অগ্ৰগতি প্ৰদান কৰে মেছিয়ে। গ’লটো দি উঠি মেছিয়ে এটা বিশেষ চেলিব্ৰেচন কৰে। সেই চেলিব্ৰেচনটো নেদাৰলেণ্ডছৰ প্ৰশিক্ষক লুই ভান হালক উদ্দেশ্যি কৰে মেছিয়ে।

উল্লেখ্য যে লুই ভান হালে এসময়ত মেছিৰ প্ৰাক্তন ক্লাব বাৰ্চিলোনা ফুটবল ক্লাবৰো প্রশিক্ষক আছিল। সেই সময়তে আৰ্জেণ্টিনাৰ এগৰাকী তাৰকা ফুটবলাৰ জুৱান ৰোমান ৰিকুৱেলমেইও বাৰ্চিলোনাৰ হৈ খেলিছিল। কিন্তু লুই ভান হালে ৰিকুৱেলমেক যথোচিত ব্যৱহাৰ কৰা নাছিল। এই বিষয়ে ৰিকুৱেলমেই কেইবাবোৰ ৰাজহুৱাকৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল।

মেছিয়ে নেদাৰলেণ্ডছৰ বিৰুদ্ধে গ’ল কৰি লুই ভান হালক লক্ষ্য কৰি এটা বিশেষ চেলিব্ৰেচন কৰে। এইধৰণৰ চেলিব্ৰেচনৰ বাবে ৰিকুৱেলমে বিখ্যাত আছিল। ইয়াৰ দ্বাৰা মূলতঃ মেছিয়ে লুই ভান হালৰ ওপৰত পোতক তুলে।

তদুপৰি মেচখনৰ পূৰ্বে লুই ভান হালে মেছি আৰু আৰ্জেণ্টিনাৰ ওপৰতো আক্ৰমণাত্মক মন্তব্য কৰিছিল। ফলত দুয়োটা দলৰ মাজত পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল।

উল্লেখ্য যে শ্বাহৰুদ্ধকৰ মেচখনত ২-০ ব্যৱধানত আগুৱাই আছিল আৰ্জেণ্টিনাই। ৩৫ মিনিটত নাহুৱেল মলিনা আৰু ৭৩ মিনিটত মেছিয়ে গ’ল দিবলৈ সক্ষম হৈছিল। কিন্তু নেদাৰলেণ্ডৰ ৱুট ৱেঘৰ্ষ্টে ৮৩ আৰু অতিৰিক্ত সময়ত গ’ল দি ২-২ সমতা স্থাপন কৰে।  

অতিৰিক্ত সময়ত কোনোটো দলেই গ’ল দিবলৈ সক্ষম নহ’ল। শেষত টাইব্ৰেকাৰত ৪-৩ ব্যৱধানত বিজয়ী হয় আৰ্জেণ্টিনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু