--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰ বিশ্বকাপৰ চেমিফাইনেলত প্ৰৱেশ কৰিলে লিঅ’নেল মেছিৰ আৰ্জেণ্টিনাই। নেদাৰলেণ্ডছৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলখনত টাইব্ৰেকাৰত বিজয়ী হয় মেছিবাহিনী।

দলৰ বিজয়ত মুখ্য ভূমিকা লয় অধিনায়ক মেছিয়ে নিজে। এটা গ’ল আৰু এটা এচিষ্ট কৰি মেন অৱ দ্যা মেচৰ সন্মানো লাভ কৰে তেওঁ।

অনবদ্য প্ৰদৰ্শনৰ উপৰিও মেচখনত কিছু ভিন্ন মেজাজত দেখা পোৱা গ’ল মেছিক। সাধাৰণতে মেছিক স্বভাৱসুলভ নম্ৰতা-শান্ত মেজাজত দেখা পোৱা যায়। কিন্তু নেদাৰলেণ্ডছৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক আৰু খঙাল ৰূপত দেখা পোৱা গ’ল মেছিক।

৭৩ মিনিটত পেনাল্টি গ’লেৰে আৰ্জেণ্টিনাক ২-০ অগ্ৰগতি প্ৰদান কৰে মেছিয়ে। গ’লটো দি উঠি মেছিয়ে এটা বিশেষ চেলিব্ৰেচন কৰে। সেই চেলিব্ৰেচনটো নেদাৰলেণ্ডছৰ প্ৰশিক্ষক লুই ভান হালক উদ্দেশ্যি কৰে মেছিয়ে।

উল্লেখ্য যে লুই ভান হালে এসময়ত মেছিৰ প্ৰাক্তন ক্লাব বাৰ্চিলোনা ফুটবল ক্লাবৰো প্রশিক্ষক আছিল। সেই সময়তে আৰ্জেণ্টিনাৰ এগৰাকী তাৰকা ফুটবলাৰ জুৱান ৰোমান ৰিকুৱেলমেইও বাৰ্চিলোনাৰ হৈ খেলিছিল। কিন্তু লুই ভান হালে ৰিকুৱেলমেক যথোচিত ব্যৱহাৰ কৰা নাছিল। এই বিষয়ে ৰিকুৱেলমেই কেইবাবোৰ ৰাজহুৱাকৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল।

মেছিয়ে নেদাৰলেণ্ডছৰ বিৰুদ্ধে গ’ল কৰি লুই ভান হালক লক্ষ্য কৰি এটা বিশেষ চেলিব্ৰেচন কৰে। এইধৰণৰ চেলিব্ৰেচনৰ বাবে ৰিকুৱেলমে বিখ্যাত আছিল। ইয়াৰ দ্বাৰা মূলতঃ মেছিয়ে লুই ভান হালৰ ওপৰত পোতক তুলে।

তদুপৰি মেচখনৰ পূৰ্বে লুই ভান হালে মেছি আৰু আৰ্জেণ্টিনাৰ ওপৰতো আক্ৰমণাত্মক মন্তব্য কৰিছিল। ফলত দুয়োটা দলৰ মাজত পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল।

উল্লেখ্য যে শ্বাহৰুদ্ধকৰ মেচখনত ২-০ ব্যৱধানত আগুৱাই আছিল আৰ্জেণ্টিনাই। ৩৫ মিনিটত নাহুৱেল মলিনা আৰু ৭৩ মিনিটত মেছিয়ে গ’ল দিবলৈ সক্ষম হৈছিল। কিন্তু নেদাৰলেণ্ডৰ ৱুট ৱেঘৰ্ষ্টে ৮৩ আৰু অতিৰিক্ত সময়ত গ’ল দি ২-২ সমতা স্থাপন কৰে।  

অতিৰিক্ত সময়ত কোনোটো দলেই গ’ল দিবলৈ সক্ষম নহ’ল। শেষত টাইব্ৰেকাৰত ৪-৩ ব্যৱধানত বিজয়ী হয় আৰ্জেণ্টিনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক