--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ পৰা আতৰিল পাকিস্তান। নিজৰ দেশৰ প্ৰতি বিতৃষ্ণাৰ পাছত এইবাৰ ক্ৰিকেট খেলৰ ওপৰতেই খং উঠিল শ্বোৱেইব আখতাৰৰ। পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰগৰাকীৰ মতে, আজিৰ ক্ৰিকেটত প্ৰতাৰণা প্ৰৱল ৰূপত দেখা যায়। 

শ্বোয়াইবৰ প্ৰশ্ন- ''শ্বেন ৱাৰ্ণ, ৱাছিম ​​আক্ৰাম, ৱাকাৰ ইউনিছ বা ছাকলাইন মুস্তাকৰ দৰে বলাৰ ক’ত? সেইসকলক লৈ আহিব লাগে। তেতিয়া বুজিব পৰা যাব বৰ্তমানৰ বেটছমেনৰ শক্তি।’’ তেওঁ এইক্ষেত্ৰত শচীন তেণ্ডুলকাৰ, ইনজামাম-উল-হক, মহম্মদ ইউছুফ, জাক কালিছক প্ৰশংসা কৰে।

ইউটিউবত এটা অনুষ্ঠানত শ্বোৱেইবে কয়- ''আজিৰ ক্ৰিকেটত প্ৰতাৰণা দেখা গৈছে। তিনিদিনত দুটা নতুন বল লোৱা হয়। আজিৰ ক্ৰিকেটত কেৱল প্ৰতাৰণাহে চলি আছে। এই কাৰণেই মই শচীনৰ দৰে ক্ৰিকেটাৰক ইমান সন্মান কৰো। এইবাবেই মই ইনজামাম বা ইউছুফ বা কালিছক ভাল পাওঁ।”

পূৰ্বৰ খেল আৰু বৰ্তমানৰ খেলৰ মাজত কিয় ইমান পাৰ্থক্য আছে সেই কথা বুজাই দি শ্বোৱেইবে কয় যে, “আগতে খেলখন লাহে লাহে খেলা হৈছিল। তেতিয়া ৬ জন ফিল্ডাৰ সদায় ৩০ গজৰ বৃত্তৰ বাহিৰত আছিল। তাৰ পাছতো শচীনে শতক অৰ্জন কৰিছিল। বৰ্তমানৰ ক্ৰিকেটাৰসকলক চাওঁক।"

আধুনিক ক্ৰিকেটাৰৰ জীৱনশৈলীক লৈও তেওঁ প্ৰশ্ন উত্থাপন কৰে। ক'লে, "মই তোমালোকৰ বাবে সুখী। টকা উপাৰ্জন কৰি আছে। ফ'ল'ৱাৰ বৃদ্ধি হৈছে। মোৰ ঈৰ্ষা নাই। কিন্তু প্ৰথমে সেই যুগৰ বলাৰসকলক খেলক। আপুনি সন্মান পাব।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক