--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আফগান দলে এইবাৰ বিশ্বকাপত ক্ৰিকেটপ্ৰেমীৰ হৃদয় জয় কৰিছে। আফগানিস্তানৰ জনসাধাৰণ গুলী আৰু বোমাৰ শব্দত আতংকিত হৈ আহিছে। দেশখনৰ ক্ৰিকেটৰো আছে মৰ্মস্পৰ্শী কাহিনী।

বিশ্বকাপত দেখা পোৱা আফগানিস্তানৰ পতাকাখন আচলতে সেই দেশৰ পতাকাই নহয়। ৰছিদ খান, নবীনহঁতে যি জাতীয় সংগীত গাইছিল, পতাকাৰ উপৰিও সেই জাতীয় সংগীতো বাতিল কৰিছে তালিবানে। আফগানিস্তানত এতিয়া কোনো জাতীয় সংগীত নাই।

২০২১ চনৰ ১৫ আগষ্টত তালিবানে আফগানিস্তান চৰকাৰৰ পৰা ক্ষমতা দখল কৰে। দেশৰ সকলো কাম-কাজত প্ৰৱেশ কৰিলেও পুৰুষৰ ক্ৰিকেটক এৰি দিয়ে। আচলতে দ্বিতীয়বাৰৰ বাবে আফগানিস্তানত শাসন কৰিবলৈ অহাৰ পিছত তালিবানে সমগ্ৰ বিশ্বৰ সৈতে একত্ৰিত হ’ব বিচাৰে। ক্ৰিকেটতকৈ উত্তম মাধ্যম কি হ’ব পাৰে? কিন্তু আফগানিস্তানত এতিয়াও মহিলা ক্ৰিকেট বন্ধ। 

বিশ্বকাপত আফগানিস্তানে ইংলেণ্ড, পাকিস্তান, নেদাৰলেণ্ড আৰু শ্ৰীলংকাক পৰাস্ত কৰে। শেষৰখন মেচলৈকে ছেমি ফাইনেলত প্ৰৱেশৰ যুঁজত নামিছিল। প্ৰাক্তন বিশ্ব চেম্পিয়নৰ বিৰুদ্ধে জয়লাভ কৰি ৰছিদ খানহঁতক নায়ক কৰি তুলিছিল। কোটি কোটি লোকে বিশ্বকাপ চাইছিল। সেই মঞ্চত মহম্মদ নবী, নবীন উল হক, মুজিব উৰ ৰহমান, হাছমাতুল্লাহ শ্বাহিদীয়ে অনুষ্ঠান পৰিৱেশন কৰি বহু কষ্টৰ মাজত দেশবাসীৰ বাবে আনন্দ কঢ়িয়াই আনিছিল।

আফগানসকৰ এই খেলে তেওঁলোকৰ দেশবাসীকো মনোৰঞ্জন দি আহিছে। ৰছিদ খানে কয়- '''দেশৰ মানুহে আমাৰ বাবে প্ৰাৰ্থনা কৰিছে। টিভিৰ সন্মুখত বহি আমাৰ খেল চাই আছে। আফগানিস্তানত ক্ৰিকেটেই একমাত্ৰ আনন্দ। বাকী আৰু একো নাই।”

২০১০ চনত আফগানিস্তান ক্ৰিকেটৰ প্ৰশিক্ষক হৈছিল ৰছিদ লতিফ। তেওঁ এটা ঘটনা বৰ্ণনা কৰিছিল। ৰছিদে কয়- ''আফগানিস্তানৰ ক্ৰিকেটাৰসকলে যিখন খেলপথাৰত অনুশীলন কৰিছিল, এদিন ৰাতিপুৱা দেখা গ’ল যে এখন আমেৰিকাৰ হেলিকপ্টাৰ তাত দুৰ্ঘটনাগ্ৰস্ত হৈছে। এই অনিশ্চয়তাৰ মাজতে চলি আছে আফগানিস্তানৰ ক্ৰিকেট।’’

লতিফে লগতে কয়, ‘'মই প্ৰশিক্ষণ দিয়া আফগানিস্তানৰ দলটোৰ বেছিভাগেই আছিল পেছাৱাৰৰ শৰণাৰ্থী। যিসকলে এতিয়া আফগান দলত খেলি আছে তেওঁলোক তালিবান যুদ্ধৰ বলি হৈছিল।’’

আফগান বেটিং তাৰকা মহম্মদ খান জাদ্ৰানে জনায়- “আফগানিস্তানত ৫০০০টা ক্ৰিকেট ক্লাব আছে। কেৱল খোষ্ট জিলাতে ১১০ টা ক্লাব আছে। প্ৰতি জুনৰ পৰা ছেপ্টেম্বৰ-অক্টোবৰলৈকে ক্লাব ক্ৰিকেট খেলা হয়। তাৰ পৰাই দ্বিতীয় শ্ৰেণীৰ ক্ৰিকেটাৰ বাছনি কৰা হয়। সেই ক্ৰিকেটাৰসকল জানুৱাৰী-ফেব্ৰুৱাৰী মাহত খেলা হয়। ১ম শ্ৰেণীৰ ক্ৰিকেটাৰ মাৰ্চ আৰু এপ্ৰিল মাহত খেলা হয়। সেয়া এই দেশৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট। জুন-জুলাই মাহত হোৱাইট বল ক্ৰিকেট খেলা হয়। ইয়াৰ বাহিৰেও স্কুল ক্ৰিকেট আছে।”

আফগানিস্তানত প্ৰথম শ্ৰেণীৰ ক্ৰিকেট ২০১৫–১৬ ছিজনত আৰম্ভ হৈছিল। তেতিয়াৰ পৰাই আফগান ক্ৰিকেট ব’ৰ্ডে ক্ৰিকেটৰ সঁজুলি আৰু প্ৰযুক্তিৰ উন্নতিৰ বাবে চেষ্টা চলাই আহিছে। আফগানিস্তানৰ অধিনায়ক হাছমত কয়, ‘এতিয়া আফগান ক্ৰিকেট ব’ৰ্ডে ঘৰুৱা ক্ৰিকেটৰ বাবে প্ৰতি ছিজনত প্ৰায় ১ কোটি ৯ লাখ টকা খৰচ কৰে। ১৬-১৭খন খেলপথাৰত ঘৰুৱা ক্ৰিকেট খেলা হয়। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দলটোৱে ভাল খেলিছে কাৰণ ঘৰুৱা ক্ৰিকেটৰ উন্নতি হৈছে।"

২০১৫ চনত আফগানিস্তানে প্ৰথমবাৰৰ বাবে বিশ্বকাপ খেলিছিল। সেইবাৰ ইংলেণ্ডক পৰাস্ত কৰিছিল। ২০১৯ৰ বিশ্বকাপত আফগানিস্তানে কোনো মেচতে জয়ী হ’ব পৰা নাছিল। কিন্তু এইবাৰ চাৰিখন মেচত জয়লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান