--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আফগান দলে এইবাৰ বিশ্বকাপত ক্ৰিকেটপ্ৰেমীৰ হৃদয় জয় কৰিছে। আফগানিস্তানৰ জনসাধাৰণ গুলী আৰু বোমাৰ শব্দত আতংকিত হৈ আহিছে। দেশখনৰ ক্ৰিকেটৰো আছে মৰ্মস্পৰ্শী কাহিনী।

বিশ্বকাপত দেখা পোৱা আফগানিস্তানৰ পতাকাখন আচলতে সেই দেশৰ পতাকাই নহয়। ৰছিদ খান, নবীনহঁতে যি জাতীয় সংগীত গাইছিল, পতাকাৰ উপৰিও সেই জাতীয় সংগীতো বাতিল কৰিছে তালিবানে। আফগানিস্তানত এতিয়া কোনো জাতীয় সংগীত নাই।

২০২১ চনৰ ১৫ আগষ্টত তালিবানে আফগানিস্তান চৰকাৰৰ পৰা ক্ষমতা দখল কৰে। দেশৰ সকলো কাম-কাজত প্ৰৱেশ কৰিলেও পুৰুষৰ ক্ৰিকেটক এৰি দিয়ে। আচলতে দ্বিতীয়বাৰৰ বাবে আফগানিস্তানত শাসন কৰিবলৈ অহাৰ পিছত তালিবানে সমগ্ৰ বিশ্বৰ সৈতে একত্ৰিত হ’ব বিচাৰে। ক্ৰিকেটতকৈ উত্তম মাধ্যম কি হ’ব পাৰে? কিন্তু আফগানিস্তানত এতিয়াও মহিলা ক্ৰিকেট বন্ধ। 

বিশ্বকাপত আফগানিস্তানে ইংলেণ্ড, পাকিস্তান, নেদাৰলেণ্ড আৰু শ্ৰীলংকাক পৰাস্ত কৰে। শেষৰখন মেচলৈকে ছেমি ফাইনেলত প্ৰৱেশৰ যুঁজত নামিছিল। প্ৰাক্তন বিশ্ব চেম্পিয়নৰ বিৰুদ্ধে জয়লাভ কৰি ৰছিদ খানহঁতক নায়ক কৰি তুলিছিল। কোটি কোটি লোকে বিশ্বকাপ চাইছিল। সেই মঞ্চত মহম্মদ নবী, নবীন উল হক, মুজিব উৰ ৰহমান, হাছমাতুল্লাহ শ্বাহিদীয়ে অনুষ্ঠান পৰিৱেশন কৰি বহু কষ্টৰ মাজত দেশবাসীৰ বাবে আনন্দ কঢ়িয়াই আনিছিল।

আফগানসকৰ এই খেলে তেওঁলোকৰ দেশবাসীকো মনোৰঞ্জন দি আহিছে। ৰছিদ খানে কয়- '''দেশৰ মানুহে আমাৰ বাবে প্ৰাৰ্থনা কৰিছে। টিভিৰ সন্মুখত বহি আমাৰ খেল চাই আছে। আফগানিস্তানত ক্ৰিকেটেই একমাত্ৰ আনন্দ। বাকী আৰু একো নাই।”

২০১০ চনত আফগানিস্তান ক্ৰিকেটৰ প্ৰশিক্ষক হৈছিল ৰছিদ লতিফ। তেওঁ এটা ঘটনা বৰ্ণনা কৰিছিল। ৰছিদে কয়- ''আফগানিস্তানৰ ক্ৰিকেটাৰসকলে যিখন খেলপথাৰত অনুশীলন কৰিছিল, এদিন ৰাতিপুৱা দেখা গ’ল যে এখন আমেৰিকাৰ হেলিকপ্টাৰ তাত দুৰ্ঘটনাগ্ৰস্ত হৈছে। এই অনিশ্চয়তাৰ মাজতে চলি আছে আফগানিস্তানৰ ক্ৰিকেট।’’

লতিফে লগতে কয়, ‘'মই প্ৰশিক্ষণ দিয়া আফগানিস্তানৰ দলটোৰ বেছিভাগেই আছিল পেছাৱাৰৰ শৰণাৰ্থী। যিসকলে এতিয়া আফগান দলত খেলি আছে তেওঁলোক তালিবান যুদ্ধৰ বলি হৈছিল।’’

আফগান বেটিং তাৰকা মহম্মদ খান জাদ্ৰানে জনায়- “আফগানিস্তানত ৫০০০টা ক্ৰিকেট ক্লাব আছে। কেৱল খোষ্ট জিলাতে ১১০ টা ক্লাব আছে। প্ৰতি জুনৰ পৰা ছেপ্টেম্বৰ-অক্টোবৰলৈকে ক্লাব ক্ৰিকেট খেলা হয়। তাৰ পৰাই দ্বিতীয় শ্ৰেণীৰ ক্ৰিকেটাৰ বাছনি কৰা হয়। সেই ক্ৰিকেটাৰসকল জানুৱাৰী-ফেব্ৰুৱাৰী মাহত খেলা হয়। ১ম শ্ৰেণীৰ ক্ৰিকেটাৰ মাৰ্চ আৰু এপ্ৰিল মাহত খেলা হয়। সেয়া এই দেশৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট। জুন-জুলাই মাহত হোৱাইট বল ক্ৰিকেট খেলা হয়। ইয়াৰ বাহিৰেও স্কুল ক্ৰিকেট আছে।”

আফগানিস্তানত প্ৰথম শ্ৰেণীৰ ক্ৰিকেট ২০১৫–১৬ ছিজনত আৰম্ভ হৈছিল। তেতিয়াৰ পৰাই আফগান ক্ৰিকেট ব’ৰ্ডে ক্ৰিকেটৰ সঁজুলি আৰু প্ৰযুক্তিৰ উন্নতিৰ বাবে চেষ্টা চলাই আহিছে। আফগানিস্তানৰ অধিনায়ক হাছমত কয়, ‘এতিয়া আফগান ক্ৰিকেট ব’ৰ্ডে ঘৰুৱা ক্ৰিকেটৰ বাবে প্ৰতি ছিজনত প্ৰায় ১ কোটি ৯ লাখ টকা খৰচ কৰে। ১৬-১৭খন খেলপথাৰত ঘৰুৱা ক্ৰিকেট খেলা হয়। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দলটোৱে ভাল খেলিছে কাৰণ ঘৰুৱা ক্ৰিকেটৰ উন্নতি হৈছে।"

২০১৫ চনত আফগানিস্তানে প্ৰথমবাৰৰ বাবে বিশ্বকাপ খেলিছিল। সেইবাৰ ইংলেণ্ডক পৰাস্ত কৰিছিল। ২০১৯ৰ বিশ্বকাপত আফগানিস্তানে কোনো মেচতে জয়ী হ’ব পৰা নাছিল। কিন্তু এইবাৰ চাৰিখন মেচত জয়লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ টা বলত ২২ ৰান ! CPL ২০২৫-ত আৰ চি বিৰ খেলুৱৈয়ে ৰচিলে ইতিহাস
চিকিৎসকৰ গাফিলতিত ঘুণীয়া হ'ল চন্দ্ৰপুৰৰ ছাত্ৰী; ঘটনাৰ তদন্ত ঘোষণা জি এম চি এইচ কর্তৃপক্ষৰ
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
বিহাৰত 'ভোটাৰ অধিকাৰ যাত্ৰা'ত ৰাহুলক সংগ দিলে প্ৰিয়ংকা-ৰেৱন্ত ৰেড্ডীয়ে
গাৰ নোম শিয়ৰি যোৱা এক ঘটনা ;বিদ্যালয়ৰ বাথৰুমত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ দেহত কৰিলে অগ্নিসংযোগ
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিজে দিয়া মৃত্যুদণ্ডৰ ৰায়
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ