--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰঞ্জি ট্ৰফীত একেৰাহে দুটা ছিজনত দূৰ্দান্ত প্ৰদৰ্শন কৰাৰ পিছতো চৰফৰাজ খানে বাৰে বাৰে ৰাষ্ট্ৰীয় দলৰ হৈ বাদ পৰি আহিছে। ৱেষ্ট ইণ্ডিজ ভ্ৰমণত কেইবাখনো নতুন মুকে স্থান পাইছে যদিও বাদ পৰিল চৰফৰাজ। বহুতে ব’ৰ্ডৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

কিন্তু নিৰ্বাচকসকলে এইক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰিছে। চৰফৰাজৰ ফিটনেছ আৰু অন ফিল্ডৰ আচৰণক লৈ নিৰ্বাচকসকলৰ অসন্তুষ্ট।

উল্লেখ্য যে চৰফৰাজে যোৱা তিনিটা ৰঞ্জী ছিজনত ২৫৬৬ ৰান সংগ্ৰহ কৰিছে। ২০১৯-২০ ছিজনত ৯২৮ ৰান আৰু ২০২২-২৩ ছিজনত ৬৫৬ ৰান সংগ্ৰহ কৰে। তেওঁৰ তুলনাত য়শস্বী জয়ছোৱাল আৰু ৰুতুৰাজ গাইকৱাদৰ গড় সৰফৰাজৰ তুলনাত কম। কিন্তু দুয়োজনে টেষ্ট দলত স্থান লাভ কৰিছে।

এই পৰিপ্ৰেক্ষিতত ব’ৰ্ডৰ এগৰাকী বিষয়াই সংবাদ সংস্থা পিটিআইক কয়, ‘সমৰ্থকসকলৰ প্ৰতিক্ৰিয়া হ’বই। কিন্তু ছাৰফৰাজ বাদ পৰাৰ আঁৰত কেইবাটাও কাৰণ আছে।

ব’ৰ্ডৰ মুৰব্বীজনে কয়- ''প্ৰথমতে, ছাৰফৰাজৰ ফিটনেছ আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ একেবাৰেই নহয়। ফিট হ’বলৈ তেওঁ কঠোৰ পৰিশ্ৰম কৰিব লাগে আৰু ওজন কমাব লাগে। তেতিয়াহে দলত সুযোগ পাব। দ্বিতীয়তে খেলপথাৰৰ ভিতৰত আৰু বাহিৰত তেওঁৰ আচৰণ বৰ ভাল নহয়। কিছুমান শব্দ, কিছুমান আচৰণ, কিছুমান পৰিঘটনা নিৰ্বাচকসকলে লক্ষ্য কৰিছিল। আশাকৰোঁ অনাগত দিনত ছাৰফৰাজে পিতৃ আৰু প্ৰশিক্ষক নৌছাদ খানৰ সৈতে এই বিষয়ে আলোচনা কৰিব।’’

শুনা গৈছে যে চলিত বৰ্ষৰ আৰম্ভণিতে দিল্লীৰ বিৰুদ্ধে শতক অৰ্জন কৰাৰ পিছত সৰফৰাজৰ এই আচৰণ উত্থাপন কৰা হৈছিল। সেই মেচত উপস্থিত আছিল প্ৰাক্তন মুখ্য নিৰ্বাচক চেতন শৰ্মা। যোৱা বছৰ ৰঞ্জী ফাইনেলতো চৰফৰাজৰ আচৰণে বিতৰ্কৰ সৃষ্টি কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ