--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰঞ্জি ট্ৰফীত একেৰাহে দুটা ছিজনত দূৰ্দান্ত প্ৰদৰ্শন কৰাৰ পিছতো চৰফৰাজ খানে বাৰে বাৰে ৰাষ্ট্ৰীয় দলৰ হৈ বাদ পৰি আহিছে। ৱেষ্ট ইণ্ডিজ ভ্ৰমণত কেইবাখনো নতুন মুকে স্থান পাইছে যদিও বাদ পৰিল চৰফৰাজ। বহুতে ব’ৰ্ডৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

কিন্তু নিৰ্বাচকসকলে এইক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰিছে। চৰফৰাজৰ ফিটনেছ আৰু অন ফিল্ডৰ আচৰণক লৈ নিৰ্বাচকসকলৰ অসন্তুষ্ট।

উল্লেখ্য যে চৰফৰাজে যোৱা তিনিটা ৰঞ্জী ছিজনত ২৫৬৬ ৰান সংগ্ৰহ কৰিছে। ২০১৯-২০ ছিজনত ৯২৮ ৰান আৰু ২০২২-২৩ ছিজনত ৬৫৬ ৰান সংগ্ৰহ কৰে। তেওঁৰ তুলনাত য়শস্বী জয়ছোৱাল আৰু ৰুতুৰাজ গাইকৱাদৰ গড় সৰফৰাজৰ তুলনাত কম। কিন্তু দুয়োজনে টেষ্ট দলত স্থান লাভ কৰিছে।

এই পৰিপ্ৰেক্ষিতত ব’ৰ্ডৰ এগৰাকী বিষয়াই সংবাদ সংস্থা পিটিআইক কয়, ‘সমৰ্থকসকলৰ প্ৰতিক্ৰিয়া হ’বই। কিন্তু ছাৰফৰাজ বাদ পৰাৰ আঁৰত কেইবাটাও কাৰণ আছে।

ব’ৰ্ডৰ মুৰব্বীজনে কয়- ''প্ৰথমতে, ছাৰফৰাজৰ ফিটনেছ আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ একেবাৰেই নহয়। ফিট হ’বলৈ তেওঁ কঠোৰ পৰিশ্ৰম কৰিব লাগে আৰু ওজন কমাব লাগে। তেতিয়াহে দলত সুযোগ পাব। দ্বিতীয়তে খেলপথাৰৰ ভিতৰত আৰু বাহিৰত তেওঁৰ আচৰণ বৰ ভাল নহয়। কিছুমান শব্দ, কিছুমান আচৰণ, কিছুমান পৰিঘটনা নিৰ্বাচকসকলে লক্ষ্য কৰিছিল। আশাকৰোঁ অনাগত দিনত ছাৰফৰাজে পিতৃ আৰু প্ৰশিক্ষক নৌছাদ খানৰ সৈতে এই বিষয়ে আলোচনা কৰিব।’’

শুনা গৈছে যে চলিত বৰ্ষৰ আৰম্ভণিতে দিল্লীৰ বিৰুদ্ধে শতক অৰ্জন কৰাৰ পিছত সৰফৰাজৰ এই আচৰণ উত্থাপন কৰা হৈছিল। সেই মেচত উপস্থিত আছিল প্ৰাক্তন মুখ্য নিৰ্বাচক চেতন শৰ্মা। যোৱা বছৰ ৰঞ্জী ফাইনেলতো চৰফৰাজৰ আচৰণে বিতৰ্কৰ সৃষ্টি কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
গ্ৰহসমূহৰ সেনাপতি মংগল গ্ৰহে ৭ ডিচেম্বৰত ধনু ৰাশিত প্ৰৱেশ কৰিব; এই ৩ ৰাশিৰ লোক ৪০ দিনলৈ সাৱধান হ’ব লাগিব
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক