--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ পাঁচখন খেলত ইডেনত জমা হ’ল  ৯০,০০০ কিলোগ্ৰাম আৱৰ্জনা! দৰ্শকে  খেল উপভোগ কৰিবলৈ আহি খোৱা চিপচ আৰু ঠাণ্ডা পানীয়ৰ  বটলেৰে ভৰি পৰিছে   ইডেনৰ চৌহদ। আইচিচি বিশ্বকাপ ২০২৩-ৰ মাত্ৰ পাঁচখন খেলত ইডেনত জমা হোৱা চিপচৰ পেকেট আৰু পানীৰ বটলৰ ওজন ২৫ টা প্ৰাপ্তবয়স্ক হাতীৰ সমান হ’ব। এনে আৱৰ্জনাৰ ওজন হৈছে ৯০,৯০৬ কিলোগ্ৰাম।

এই আৱৰ্জনাৰ ভিতৰত পেলাই দিয়া খাদ্য ধৰা হোৱা নাছিল। 'ইউনাইটেড ৱে মুম্বাই' নামৰ এটা সংগঠন ইডেনৰ চৌহদ পৰিষ্কাৰ কৰাৰ  দায়িত্ব লাভ কৰিছিল।  সংগঠনটোৰ ২৩ জন স্বেচ্ছাসেৱকে ইডেন গাৰ্ডেনত কঠিন আৱৰ্জনা সংগ্ৰহ কৰিছিল। তেওঁলোকে সেই আৱৰ্জনাৰ পৰা  ৫০০ জাৰ্চী তৈয়াৰ কৰিছে। ১০  খন চকীও সজা হৈছে। কোম্পানীৰ কৰ্মচাৰীসকলে কৈছে যে তেওঁলোকে আৱৰ্জনা সংগ্ৰহ কৰিব লাগে আৰু সেয়া  পৃথক কৰিব লাগে। পানীৰ বটল, প্লাষ্টিকৰ প্লেট, চিপছৰ পেকেট পৃথক কৰা হৈছিল। পুনৰ্ব্যৱহাৰ পদ্ধতিৰে সেইবোৰৰ পৰা  জেকেট, চকী তৈয়াৰ কৰা হৈছে।

মেয়ৰ ফিৰহাদ হাকিমে কৈছে যে বৰ্জন কৰা বটলবোৰ পুনৰ ব্যৱহাৰ কৰা হৈছে আৰু সেইবোৰৰ পৰা  জেকেট তৈয়াৰ কৰা হৈছে। এই জেকেট পৌৰ নিগমৰ চুইপাৰসকলক দিয়া হ'ব। ইউনাইটেড ৱে মুম্বাইৰ কলকাতাৰ সমন্বয়ক তুলিকা ঠাকুৰে কয়, "পেলাই দিয়া চিপৰ আৱৰ্জনাৰ যদি পেপাৰমেনক বিক্ৰী কৰা হয়, ই ৰিচাইক্লিং স্থানত উপনীত হয়। সেইবোৰ পুনৰ ব্যৱহাৰ কৰিব পাৰি।’’

 পৰিৱেশবিদ ড০ স্বতীানন্দী চক্ৰৱৰ্তীয়ে বৰ্জন কৰা চিপছৰ পেকেটৰ পৰা কাপোৰ বনোৱাৰ পৰিকল্পনাক প্ৰশংসা কৰিছে। তেওঁ কৈছে যে এনে পদক্ষেপ আদৰণিৰ যোগ্য।  পৰিত্যক্ত খাদ্যৰ প্লাষ্টিকৰ পেকেটবোৰ পুনৰ ব্যৱহাৰযোগ্য কৰাটো অতি গুৰুত্বপূৰ্ণ।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক