--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ পাঁচখন খেলত ইডেনত জমা হ’ল  ৯০,০০০ কিলোগ্ৰাম আৱৰ্জনা! দৰ্শকে  খেল উপভোগ কৰিবলৈ আহি খোৱা চিপচ আৰু ঠাণ্ডা পানীয়ৰ  বটলেৰে ভৰি পৰিছে   ইডেনৰ চৌহদ। আইচিচি বিশ্বকাপ ২০২৩-ৰ মাত্ৰ পাঁচখন খেলত ইডেনত জমা হোৱা চিপচৰ পেকেট আৰু পানীৰ বটলৰ ওজন ২৫ টা প্ৰাপ্তবয়স্ক হাতীৰ সমান হ’ব। এনে আৱৰ্জনাৰ ওজন হৈছে ৯০,৯০৬ কিলোগ্ৰাম।

এই আৱৰ্জনাৰ ভিতৰত পেলাই দিয়া খাদ্য ধৰা হোৱা নাছিল। 'ইউনাইটেড ৱে মুম্বাই' নামৰ এটা সংগঠন ইডেনৰ চৌহদ পৰিষ্কাৰ কৰাৰ  দায়িত্ব লাভ কৰিছিল।  সংগঠনটোৰ ২৩ জন স্বেচ্ছাসেৱকে ইডেন গাৰ্ডেনত কঠিন আৱৰ্জনা সংগ্ৰহ কৰিছিল। তেওঁলোকে সেই আৱৰ্জনাৰ পৰা  ৫০০ জাৰ্চী তৈয়াৰ কৰিছে। ১০  খন চকীও সজা হৈছে। কোম্পানীৰ কৰ্মচাৰীসকলে কৈছে যে তেওঁলোকে আৱৰ্জনা সংগ্ৰহ কৰিব লাগে আৰু সেয়া  পৃথক কৰিব লাগে। পানীৰ বটল, প্লাষ্টিকৰ প্লেট, চিপছৰ পেকেট পৃথক কৰা হৈছিল। পুনৰ্ব্যৱহাৰ পদ্ধতিৰে সেইবোৰৰ পৰা  জেকেট, চকী তৈয়াৰ কৰা হৈছে।

মেয়ৰ ফিৰহাদ হাকিমে কৈছে যে বৰ্জন কৰা বটলবোৰ পুনৰ ব্যৱহাৰ কৰা হৈছে আৰু সেইবোৰৰ পৰা  জেকেট তৈয়াৰ কৰা হৈছে। এই জেকেট পৌৰ নিগমৰ চুইপাৰসকলক দিয়া হ'ব। ইউনাইটেড ৱে মুম্বাইৰ কলকাতাৰ সমন্বয়ক তুলিকা ঠাকুৰে কয়, "পেলাই দিয়া চিপৰ আৱৰ্জনাৰ যদি পেপাৰমেনক বিক্ৰী কৰা হয়, ই ৰিচাইক্লিং স্থানত উপনীত হয়। সেইবোৰ পুনৰ ব্যৱহাৰ কৰিব পাৰি।’’

 পৰিৱেশবিদ ড০ স্বতীানন্দী চক্ৰৱৰ্তীয়ে বৰ্জন কৰা চিপছৰ পেকেটৰ পৰা কাপোৰ বনোৱাৰ পৰিকল্পনাক প্ৰশংসা কৰিছে। তেওঁ কৈছে যে এনে পদক্ষেপ আদৰণিৰ যোগ্য।  পৰিত্যক্ত খাদ্যৰ প্লাষ্টিকৰ পেকেটবোৰ পুনৰ ব্যৱহাৰযোগ্য কৰাটো অতি গুৰুত্বপূৰ্ণ।  
FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব হেপাটাইটিছ দিৱস
আদিংগিৰিৰ পাছত কালাপানীতো ঘৰে ঘৰে বিলালে উচ্ছেদৰ জাননী
উৰিয়ামঘাটত সাজু ১০০ বুলড'জাৰ
আদিত্য এল-১ মিছনৰ কৰ্মশালালৈ তেজপুৰৰ ছাত্ৰী
হৰিদ্বাৰত পদপিষ্ট হৈ ৬জনৰ মৃত্যু, ২৯জন আহত
যোৰহাটত আজি হীৰুদাৰ দিন