--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ এজন সহৃদয়ৱান ৰূপে নিজকে প্ৰতিষ্ঠা কৰিছে মহম্মদ ছামীয়ে৷ ভাৰতৰ ফাষ্ট বলাৰ মহম্মদ ছামীয়ে নাইনিতালত পথ দুৰ্ঘটনাত পতিত হোৱা এজনক উদ্ধাৰ কৰি ঘটনাৰ সমগ্ৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।ছামীয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ পোষ্ট কৰে, য’ত তেওঁক পথৰ পৰা গাড়ী বাগৰি পৰা এজন পথ দুৰ্ঘটনাগ্ৰস্তক সহায় কৰা দেখা গৈছে।


ছামীয়ে ইনষ্টাগ্ৰামত পোষ্ট কৰি লিখিছে- “তেওঁ ইমান ভাগ্যৱান যে ভগৱানে তেওঁক ২য় জীৱন দিলে। মোৰ গাড়ীৰ ঠিক সন্মুখতে নাইনিতালৰ ওচৰৰ পাহাৰীয়া পথটোৰ পৰা তেওঁৰ গাড়ীখন বাগৰি পৰিল। আমি তেওঁক অতি নিৰাপদে উলিয়াই আনিলোঁ।’


উল্লেখ্য যে ছামীয়ে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত আগশাৰীৰ উইকেট দখলকাৰী হিচাপে মাত্ৰ ৭খন মেচত ২৪টা উইকেট দখল কৰি। লীগ পৰ্যায়ত ছামীয়ে ভাৰতৰ প্ৰাৰম্ভিক মেচত অংশ ল’ব পৰা নাছিল যদিও পাছত শীৰ্ষ উইকেটটেকাৰ হিচাপে পৰিগণিত হয়৷ বাংলাদেশৰ বিৰুদ্ধে অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ আঘাতৰ বাবে ছামীয়ে দলীয় একাদশত প্ৰৱেশৰ সুযোগ লাভ কৰে। সোঁহতীয়া পেচাৰগৰাকীয়ে দুয়োহাতেৰে সুযোগ গ্ৰহণ কৰি ধৰ্মশালাত নিউজিলেণ্ডৰ বিৰুদ্ধে পাঁচটা উইকেট দখল কৰে।


গোটেই প্ৰতিযোগিতাখনতে ছামীয়ে নিজৰ প্ৰদৰ্শনৰ স্তৰ বজাই ৰাখিছিল, কেইবাটাও অভিলেখ ভংগ কৰিছিল। ফাইনেলত ডেভিদ ৱাৰ্নাৰৰ উইকেটটো তেওঁ দখল কৰিছিল৷উল্লেখ্য যে, ১৯ নৱেম্বৰ দেওবাৰে ফাইনেলত ভাৰতক ৬ উইকেটত পৰাস্ত কৰি অষ্ট্ৰেলিয়াই অভিলেখ বৃদ্ধিৰ জৰিয়তে ষষ্ঠটো এদিনীয়া বিশ্বকাপ খিতাপ দখল কৰে।তৃতীয়বাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ খিতাপ দখল কৰাৰ সুযোগ হেৰুৱাই ভাৰতে ইতিহাসত দ্বিতীয়বাৰৰ বাবে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ফাইনেলত পৰাস্ত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেডৰ অভিলেখ
দুদিনীয়া ভ্রমণসূচীৰে বাংলাদেশত পাকিস্তানৰ উপ-প্রধানমন্ত্রী
৯০% মছজিদৰ ইমাম 'অচিনাকি' মানুহ, ৰাজ্যিক বিজেপিৰ মুখপাত্র মমিনুল আৱালৰ বিস্ফোৰণ
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ