--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ এজন সহৃদয়ৱান ৰূপে নিজকে প্ৰতিষ্ঠা কৰিছে মহম্মদ ছামীয়ে৷ ভাৰতৰ ফাষ্ট বলাৰ মহম্মদ ছামীয়ে নাইনিতালত পথ দুৰ্ঘটনাত পতিত হোৱা এজনক উদ্ধাৰ কৰি ঘটনাৰ সমগ্ৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।ছামীয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ পোষ্ট কৰে, য’ত তেওঁক পথৰ পৰা গাড়ী বাগৰি পৰা এজন পথ দুৰ্ঘটনাগ্ৰস্তক সহায় কৰা দেখা গৈছে।


ছামীয়ে ইনষ্টাগ্ৰামত পোষ্ট কৰি লিখিছে- “তেওঁ ইমান ভাগ্যৱান যে ভগৱানে তেওঁক ২য় জীৱন দিলে। মোৰ গাড়ীৰ ঠিক সন্মুখতে নাইনিতালৰ ওচৰৰ পাহাৰীয়া পথটোৰ পৰা তেওঁৰ গাড়ীখন বাগৰি পৰিল। আমি তেওঁক অতি নিৰাপদে উলিয়াই আনিলোঁ।’


উল্লেখ্য যে ছামীয়ে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত আগশাৰীৰ উইকেট দখলকাৰী হিচাপে মাত্ৰ ৭খন মেচত ২৪টা উইকেট দখল কৰি। লীগ পৰ্যায়ত ছামীয়ে ভাৰতৰ প্ৰাৰম্ভিক মেচত অংশ ল’ব পৰা নাছিল যদিও পাছত শীৰ্ষ উইকেটটেকাৰ হিচাপে পৰিগণিত হয়৷ বাংলাদেশৰ বিৰুদ্ধে অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ আঘাতৰ বাবে ছামীয়ে দলীয় একাদশত প্ৰৱেশৰ সুযোগ লাভ কৰে। সোঁহতীয়া পেচাৰগৰাকীয়ে দুয়োহাতেৰে সুযোগ গ্ৰহণ কৰি ধৰ্মশালাত নিউজিলেণ্ডৰ বিৰুদ্ধে পাঁচটা উইকেট দখল কৰে।


গোটেই প্ৰতিযোগিতাখনতে ছামীয়ে নিজৰ প্ৰদৰ্শনৰ স্তৰ বজাই ৰাখিছিল, কেইবাটাও অভিলেখ ভংগ কৰিছিল। ফাইনেলত ডেভিদ ৱাৰ্নাৰৰ উইকেটটো তেওঁ দখল কৰিছিল৷উল্লেখ্য যে, ১৯ নৱেম্বৰ দেওবাৰে ফাইনেলত ভাৰতক ৬ উইকেটত পৰাস্ত কৰি অষ্ট্ৰেলিয়াই অভিলেখ বৃদ্ধিৰ জৰিয়তে ষষ্ঠটো এদিনীয়া বিশ্বকাপ খিতাপ দখল কৰে।তৃতীয়বাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ খিতাপ দখল কৰাৰ সুযোগ হেৰুৱাই ভাৰতে ইতিহাসত দ্বিতীয়বাৰৰ বাবে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ফাইনেলত পৰাস্ত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement