--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত  আন এজন চুপাৰষ্টাৰে প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ল'বলগীয়া হ’ল। উৰুগুৱেই গ্ৰুপ লীগৰ বাধা অতিক্ৰম কৰিব নোৱাৰাৰ বাবে এইবাৰ লুইছ চুয়াৰেজৰ বিশ্বকাপ অভিযান সমাপ্ত হ’ল।গ্ৰুপ লীগৰ অন্তিমখন খেলত ঘানাক ২-০ গ'লত পৰাস্ত কৰাৰ পিছতো উৰুগুৱেই প্ৰতিযোগিতাখনত টিকি থাকিব নোৱাৰিলে। 

শক্তিশালী যুঁজৰ পিছতো পৰ্তুগালে তেওঁলোকৰ অন্তিম লীগ মেচখনত দক্ষিণ কোৰিয়াৰ হাতত ১-২ গ'লত পৰাস্ত হোৱাৰ পিছত চুয়াৰেজৰ সপোন ভংগ হ’ল।

দক্ষিণ কোৰিয়াৰ সৈতে উৰুগুৱেৰ একে সংখ্যক পইণ্ট আছে। দুয়োটা দলে গ'লৰ পাৰ্থক্যৰ ক্ষেত্ৰতো একে ঠাইতে অৱস্থান কৰিছে। অৱশ্যে অধিক গ'ল কৰাৰ বাবে দক্ষিণ কোৰিয়াই উৰুগুৱেক অতিক্ৰম কৰি নক-আউটত উপনীত হ’বলৈ সক্ষম হয়।তাৰকা ফুটবল খেলুৱৈসকলে যদি বিশ্বকাপৰ দৰে ডাঙৰ মঞ্চত অনুৰাগীসকলৰ প্ৰত্যাশা পূৰণ কৰিব নোৱাৰে তেন্তে তেওঁলোক আৱেগিক হৈ পৰাটো স্বাভাৱিক। 


অতি  দুৰ্ভাগ্যজনক পৰিস্থিতিত  বিশ্বকাপ এৰিবলৈ বাধ্য হোৱাৰ বাবেই চুয়াৰেজ আৱেগিক হৈ পৰিল। তেওঁ কোনোপধ্যে চকুপানী ৰখাব নোৱাৰিলে। সকলোৰে সন্মুখত  চুয়াৰেজ কান্দোনত ভাগি পৰে।তেওঁ হতাশাত জাৰ্চীৰে মুখ খন ঢাকি ধৰিছিল।চুয়াৰেজ কান্দোনত ভাগি পৰাৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে।চুয়াৰেজৰ প্ৰথমাৰ্ধৰ সহায়ত ঘানাৰ বিৰুদ্ধে গ্ৰুপ এইচ ৰ খেলখনত উৰুগুৱেই ২-০ ৰ অগ্ৰগতি লাভ কৰে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement