--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত  আন এজন চুপাৰষ্টাৰে প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ল'বলগীয়া হ’ল। উৰুগুৱেই গ্ৰুপ লীগৰ বাধা অতিক্ৰম কৰিব নোৱাৰাৰ বাবে এইবাৰ লুইছ চুয়াৰেজৰ বিশ্বকাপ অভিযান সমাপ্ত হ’ল।গ্ৰুপ লীগৰ অন্তিমখন খেলত ঘানাক ২-০ গ'লত পৰাস্ত কৰাৰ পিছতো উৰুগুৱেই প্ৰতিযোগিতাখনত টিকি থাকিব নোৱাৰিলে। 

শক্তিশালী যুঁজৰ পিছতো পৰ্তুগালে তেওঁলোকৰ অন্তিম লীগ মেচখনত দক্ষিণ কোৰিয়াৰ হাতত ১-২ গ'লত পৰাস্ত হোৱাৰ পিছত চুয়াৰেজৰ সপোন ভংগ হ’ল।

দক্ষিণ কোৰিয়াৰ সৈতে উৰুগুৱেৰ একে সংখ্যক পইণ্ট আছে। দুয়োটা দলে গ'লৰ পাৰ্থক্যৰ ক্ষেত্ৰতো একে ঠাইতে অৱস্থান কৰিছে। অৱশ্যে অধিক গ'ল কৰাৰ বাবে দক্ষিণ কোৰিয়াই উৰুগুৱেক অতিক্ৰম কৰি নক-আউটত উপনীত হ’বলৈ সক্ষম হয়।তাৰকা ফুটবল খেলুৱৈসকলে যদি বিশ্বকাপৰ দৰে ডাঙৰ মঞ্চত অনুৰাগীসকলৰ প্ৰত্যাশা পূৰণ কৰিব নোৱাৰে তেন্তে তেওঁলোক আৱেগিক হৈ পৰাটো স্বাভাৱিক। 


অতি  দুৰ্ভাগ্যজনক পৰিস্থিতিত  বিশ্বকাপ এৰিবলৈ বাধ্য হোৱাৰ বাবেই চুয়াৰেজ আৱেগিক হৈ পৰিল। তেওঁ কোনোপধ্যে চকুপানী ৰখাব নোৱাৰিলে। সকলোৰে সন্মুখত  চুয়াৰেজ কান্দোনত ভাগি পৰে।তেওঁ হতাশাত জাৰ্চীৰে মুখ খন ঢাকি ধৰিছিল।চুয়াৰেজ কান্দোনত ভাগি পৰাৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে।চুয়াৰেজৰ প্ৰথমাৰ্ধৰ সহায়ত ঘানাৰ বিৰুদ্ধে গ্ৰুপ এইচ ৰ খেলখনত উৰুগুৱেই ২-০ ৰ অগ্ৰগতি লাভ কৰে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু