--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিশ্বকাপৰ ছেমি ফাইনেলত লিঅনেল মেছিৰ আৰ্জেণ্টিনা। কোৱাৰ্টাৰ ফাইনেলত মেছিয়ে নেডাৰলেণ্ডক পৰাস্ত কৰে। খেলখন ১২০ মিনিটত অমীংসীত হৈ ৰোৱাত  মেছিৰ দলটোৱে  টাইব্ৰেকাৰত জয়ী হৈ ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়৷ 

আৰ্জেণ্টিনা-নেডাৰলেণ্ডৰ খেলখনত মুহূৰ্তে মুহূৰ্তে সলনি হৈছিল দৃশ্যপট। প্ৰথমে আৰ্জেণ্টিনাই ২ টা গ'ল কৰে। এনে লাগিছিল যে লিয়োনেল মেছিৰ দলটোৱে  বিশ্বকাপৰ ছেমি ফাইনেলত উপনীত হ’লেই। কিন্তু শেষত নেডাৰলেণ্ডেও দুটা গ'ল কৰে। খেলৰ বাবে অৱশেষত  অতিৰিক্ত সময় ধাৰ্য কৰা হৈছিল। তাতো কোনোলাভ নহ’ল । শেষত খেলখন টাইব্ৰেকাৰ পদ্ধতিৰে  নিৰ্ণয় কৰা হয়৷  মেছিৰ দলটোৱে নেডাৰলেণ্ডক ৪-৩ গ'লত পৰাস্ত কৰি ছেমি ফাইনেলত উপনীত হয়।

নেডাৰলেণ্ডৰ প্ৰশিক্ষক লুই ভান হালে তেওঁক প্ৰতিহত কৰিবলৈ বহু চেষ্টা কৰিছিল।  মেছিয়ে বলটো মৰাৰ সময়তে  কমলা জাৰ্চী পিন্ধা তিনিৰ পৰা চাৰিজন ফুটবলাৰে তেওঁক বেৰি ধৰিছিল,  কিন্তু কোনেও তেওঁক  বাধা দিব নোৱাৰিলে। তেওঁ জোনেল মাৰ্কিং অতিক্ৰমি আৰু এটা গ'ল কৰিছিল।পেনাল্টি স্পটৰ পৰাও মেছিয়ে পুনৰ এটা  গ'ল কৰিছিল।

খেলৰ আৰম্ভণিৰ পৰাই দুয়োটা দলে প্ৰতিৰক্ষা শক্তিশালী কৰি আক্ৰমণাত্মক হৈ পৰিছিল। দুয়োটা দলে সৰু সৰু পাছ খেলি আছিল।  প্ৰথম ২০ মিনিটত,মেমফিছ ডেপে  দুবাৰ আৰ্জেণ্টিনাৰ বক্সত প্ৰৱেশ কৰিছিল। আনহাতে আৰ্জেণ্টিনাই থ্ৰু বলেৰে  আক্ৰমণ কৰিবলৈ চেষ্টা কৰি আছিল। 

মেছিৰ যাদুৰে খেলৰ  ৩৪ মিনিটত আৰ্জেণ্টিনা আগবাঢ়ি যায়। খেলৰ  প্ৰথমাৰ্ধত আৰ্জেণ্টিনা ১-০ গ'লত আগবাঢ়ি যায়।দ্বিতীয়াৰ্ধত নেডাৰলেণ্ডে অধিক আক্ৰমণাত্মক ভাৱে খেলিবলৈ আৰম্ভ কৰে। গাকপোৰাই শক্তিশালী ৰূপত আক্ৰমণ কৰি আছিল।  কিন্তু শেষত মেছি বাহিনীৰ হাতত পৰাস্ত হয় নেডাৰলেণ্ড৷ 












FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু