--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিশ্বকাপৰ ছেমি ফাইনেলত লিঅনেল মেছিৰ আৰ্জেণ্টিনা। কোৱাৰ্টাৰ ফাইনেলত মেছিয়ে নেডাৰলেণ্ডক পৰাস্ত কৰে। খেলখন ১২০ মিনিটত অমীংসীত হৈ ৰোৱাত  মেছিৰ দলটোৱে  টাইব্ৰেকাৰত জয়ী হৈ ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়৷ 

আৰ্জেণ্টিনা-নেডাৰলেণ্ডৰ খেলখনত মুহূৰ্তে মুহূৰ্তে সলনি হৈছিল দৃশ্যপট। প্ৰথমে আৰ্জেণ্টিনাই ২ টা গ'ল কৰে। এনে লাগিছিল যে লিয়োনেল মেছিৰ দলটোৱে  বিশ্বকাপৰ ছেমি ফাইনেলত উপনীত হ’লেই। কিন্তু শেষত নেডাৰলেণ্ডেও দুটা গ'ল কৰে। খেলৰ বাবে অৱশেষত  অতিৰিক্ত সময় ধাৰ্য কৰা হৈছিল। তাতো কোনোলাভ নহ’ল । শেষত খেলখন টাইব্ৰেকাৰ পদ্ধতিৰে  নিৰ্ণয় কৰা হয়৷  মেছিৰ দলটোৱে নেডাৰলেণ্ডক ৪-৩ গ'লত পৰাস্ত কৰি ছেমি ফাইনেলত উপনীত হয়।

নেডাৰলেণ্ডৰ প্ৰশিক্ষক লুই ভান হালে তেওঁক প্ৰতিহত কৰিবলৈ বহু চেষ্টা কৰিছিল।  মেছিয়ে বলটো মৰাৰ সময়তে  কমলা জাৰ্চী পিন্ধা তিনিৰ পৰা চাৰিজন ফুটবলাৰে তেওঁক বেৰি ধৰিছিল,  কিন্তু কোনেও তেওঁক  বাধা দিব নোৱাৰিলে। তেওঁ জোনেল মাৰ্কিং অতিক্ৰমি আৰু এটা গ'ল কৰিছিল।পেনাল্টি স্পটৰ পৰাও মেছিয়ে পুনৰ এটা  গ'ল কৰিছিল।

খেলৰ আৰম্ভণিৰ পৰাই দুয়োটা দলে প্ৰতিৰক্ষা শক্তিশালী কৰি আক্ৰমণাত্মক হৈ পৰিছিল। দুয়োটা দলে সৰু সৰু পাছ খেলি আছিল।  প্ৰথম ২০ মিনিটত,মেমফিছ ডেপে  দুবাৰ আৰ্জেণ্টিনাৰ বক্সত প্ৰৱেশ কৰিছিল। আনহাতে আৰ্জেণ্টিনাই থ্ৰু বলেৰে  আক্ৰমণ কৰিবলৈ চেষ্টা কৰি আছিল। 

মেছিৰ যাদুৰে খেলৰ  ৩৪ মিনিটত আৰ্জেণ্টিনা আগবাঢ়ি যায়। খেলৰ  প্ৰথমাৰ্ধত আৰ্জেণ্টিনা ১-০ গ'লত আগবাঢ়ি যায়।দ্বিতীয়াৰ্ধত নেডাৰলেণ্ডে অধিক আক্ৰমণাত্মক ভাৱে খেলিবলৈ আৰম্ভ কৰে। গাকপোৰাই শক্তিশালী ৰূপত আক্ৰমণ কৰি আছিল।  কিন্তু শেষত মেছি বাহিনীৰ হাতত পৰাস্ত হয় নেডাৰলেণ্ড৷ 












FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক