--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যি ট্ৰফী খেলুৱৈসকলে গোটেই জীৱন অপেক্ষা কৰি থাকে, সেই ট্ৰফীৰ ওপৰতে দুয়োখন ভৰি তুলি ফটো এখন তুলিলে অষ্টেলিয়ান তাৰকা মিছেল মাৰ্শ্বে! তাকে লৈ আৰম্ভ হৈছে সমালোচনা। মাৰ্ছৰ উল্লাসৰ শৈলী কোনেও বুজি পোৱা নাই।

বিশ্বকাপ জয় কৰাৰ পিছত অধিনায়ক কামিন্সে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত দলটোৰ উদযাপনৰ কেইবাখনো ছবি পোষ্ট কৰে। তাত এখন ছবিত মাৰ্ছক ট্ৰফীত দুভৰি লৈ হাঁহি হাঁহি বহি থকা দেখা যায়। হাতত বিয়েৰৰ বটল। বাওঁহাতখন মুঠি মাৰি আছে। ভৰিৰ তলত ট্ৰফী!

সাধাৰণতে বিশ্বকাপ জয় কৰাৰ পিছত খেলুৱৈয়ে ট্ৰফীত চুমা খাই থকা দেখা যায়। যি খেলেই নহওক কিয়, ট্ৰফীৰ আবেগ বেলেগ, মৰ্যাদা বেলেগ। ২০২২ চনৰ বিশ্বকাপ জয় কৰাৰ পাছত লিয়নেল মেছিয়ে বুকুত ট্ৰফী লৈ শুইছিল।

মাৰ্ছে সেই ট্ৰফীটোৰ ওপৰত থিয় হৈ দেখুৱাব বিচাৰিছে যে তেওঁলোকৰ বাবে বিশ্বকাপ জয় কৰাটো অতি সহজ। মাৰ্ছৰ কামৰ পিছত ছ’চিয়েল মিডিয়াত আৰম্ভ হ’ল তেওঁৰ সমালোচনা।

মাৰ্ছৰ এনে আচৰণ বা কথা-বতৰা নতুন নহয়। বিশ্বকাপৰ ফাইনেলৰ পূৰ্বেই তেওঁ ভৱিষ্যদ্বাণী কৰিছিল। ফাইনেলত ভাৰতক চেপি ধৰিব বুলিও কৈছিল। প্ৰথমে বেটিং কৰি ৪২০ ৰান কৰিব। ইয়াৰ পিছত ভাৰতে ৬৫ ৰানত বল আউট হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক