--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যি ট্ৰফী খেলুৱৈসকলে গোটেই জীৱন অপেক্ষা কৰি থাকে, সেই ট্ৰফীৰ ওপৰতে দুয়োখন ভৰি তুলি ফটো এখন তুলিলে অষ্টেলিয়ান তাৰকা মিছেল মাৰ্শ্বে! তাকে লৈ আৰম্ভ হৈছে সমালোচনা। মাৰ্ছৰ উল্লাসৰ শৈলী কোনেও বুজি পোৱা নাই।

বিশ্বকাপ জয় কৰাৰ পিছত অধিনায়ক কামিন্সে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত দলটোৰ উদযাপনৰ কেইবাখনো ছবি পোষ্ট কৰে। তাত এখন ছবিত মাৰ্ছক ট্ৰফীত দুভৰি লৈ হাঁহি হাঁহি বহি থকা দেখা যায়। হাতত বিয়েৰৰ বটল। বাওঁহাতখন মুঠি মাৰি আছে। ভৰিৰ তলত ট্ৰফী!

সাধাৰণতে বিশ্বকাপ জয় কৰাৰ পিছত খেলুৱৈয়ে ট্ৰফীত চুমা খাই থকা দেখা যায়। যি খেলেই নহওক কিয়, ট্ৰফীৰ আবেগ বেলেগ, মৰ্যাদা বেলেগ। ২০২২ চনৰ বিশ্বকাপ জয় কৰাৰ পাছত লিয়নেল মেছিয়ে বুকুত ট্ৰফী লৈ শুইছিল।

মাৰ্ছে সেই ট্ৰফীটোৰ ওপৰত থিয় হৈ দেখুৱাব বিচাৰিছে যে তেওঁলোকৰ বাবে বিশ্বকাপ জয় কৰাটো অতি সহজ। মাৰ্ছৰ কামৰ পিছত ছ’চিয়েল মিডিয়াত আৰম্ভ হ’ল তেওঁৰ সমালোচনা।

মাৰ্ছৰ এনে আচৰণ বা কথা-বতৰা নতুন নহয়। বিশ্বকাপৰ ফাইনেলৰ পূৰ্বেই তেওঁ ভৱিষ্যদ্বাণী কৰিছিল। ফাইনেলত ভাৰতক চেপি ধৰিব বুলিও কৈছিল। প্ৰথমে বেটিং কৰি ৪২০ ৰান কৰিব। ইয়াৰ পিছত ভাৰতে ৬৫ ৰানত বল আউট হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক