--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটে ডেস্কঃ একেৰাহে ১০খন খেলত জয়লাভ কৰিও ৰোহিত শৰ্মাই দেশৰ হৈ বিশ্বকাপ জয় কৰিব নোৱাৰিলে। সমগ্ৰ প্ৰতিযোগিতাখনত সন্মুখৰ পৰা দলটোক নেতৃত্ব দিয়াৰ পিছতো শেষত হতাশ হ’বলগীয়া হৈছিল। কিন্তু ভাৰতীয় দলৰ অধিনায়ক ব্যৰ্থ নহয়। তেওঁ কেইবাটাও নজিৰ গঢ়ি তুলিছে।

দলক চেম্পিয়ন কৰিব নোৱাৰিলেও সফলতা লাভ কৰে ক্ৰিকেটাৰ ৰোহিতে। ৰোহিত এতিয়া বিশ্বকাপত যিকোনো দলৰ অধিনায়কৰ ভিতৰত সৰ্বাধিক ৰান সংগ্ৰহকাৰী। এইবাৰ ৫৯৭ ৰান কৰে। মাত্ৰ ৩ ৰাণৰ বাবে ৬০০ ৰানৰ মাইলৰ খুঁটিটো স্পৰ্শ কৰিব নোৱাৰিলে। ইয়াৰ পূৰ্বে কোনো দলৰ অধিনায়কে বিশ্বকাপত ইমান ৰান কৰা নাই। নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনৰ অভিলেখ অতিক্ৰম কৰিলে ৰোহিতে।

২০১৯ চনৰ বিশ্বকাপত উইলিয়ামছনে ৫৭৮ ৰান সংগ্ৰহ কৰিছিল। যিটো এতিয়ালৈকে বিশ্বকাপত দলৰ অধিনায়কৰ সৰ্বোচ্চ ৰান আছিল। দেওবাৰৰ ফাইনেলতো বেটৰ পৰাই ৩১টা বলত ৪৭ ৰান সংগ্ৰহ কৰি ৰোহিতৰ আক্ৰমণাত্মক ইনিংছ। ৪টা চাৰি আৰু ৩টা ছয় মাৰিলে।

আন এক নজিৰ গঢ়ি তুলিছে বেটছমেন ৰোহিতে। বিশ্বকাপত সৰ্বাধিক ছয়ৰ অভিলেখো তেওঁৰ হাতত আছে। এই বিশ্বকাপত ৰোহিতৰ বেটৰ পৰা মুঠ ৩১টা ছয়। ইয়াৰ বাহিৰেও ভাৰতীয় দলৰ অধিনায়কৰ হাতত এটা বিশেষ দলৰ বিৰুদ্ধে সৰ্বাধিক ছয়ৰ অভিলেখ আছে। ভংগ কৰিলে ক্ৰীছ গেইলৰ বিশ্ব অভিলেখ। ইংলেণ্ডৰ বিৰুদ্ধে ইংলেণ্ডে ৮৫টা ছয় কৰিছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এই পৰ্যন্ত মুঠ ৮৬টা ছয় কৰিছে ৰোহিতে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক