--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটে ডেস্কঃ একেৰাহে ১০খন খেলত জয়লাভ কৰিও ৰোহিত শৰ্মাই দেশৰ হৈ বিশ্বকাপ জয় কৰিব নোৱাৰিলে। সমগ্ৰ প্ৰতিযোগিতাখনত সন্মুখৰ পৰা দলটোক নেতৃত্ব দিয়াৰ পিছতো শেষত হতাশ হ’বলগীয়া হৈছিল। কিন্তু ভাৰতীয় দলৰ অধিনায়ক ব্যৰ্থ নহয়। তেওঁ কেইবাটাও নজিৰ গঢ়ি তুলিছে।

দলক চেম্পিয়ন কৰিব নোৱাৰিলেও সফলতা লাভ কৰে ক্ৰিকেটাৰ ৰোহিতে। ৰোহিত এতিয়া বিশ্বকাপত যিকোনো দলৰ অধিনায়কৰ ভিতৰত সৰ্বাধিক ৰান সংগ্ৰহকাৰী। এইবাৰ ৫৯৭ ৰান কৰে। মাত্ৰ ৩ ৰাণৰ বাবে ৬০০ ৰানৰ মাইলৰ খুঁটিটো স্পৰ্শ কৰিব নোৱাৰিলে। ইয়াৰ পূৰ্বে কোনো দলৰ অধিনায়কে বিশ্বকাপত ইমান ৰান কৰা নাই। নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনৰ অভিলেখ অতিক্ৰম কৰিলে ৰোহিতে।

২০১৯ চনৰ বিশ্বকাপত উইলিয়ামছনে ৫৭৮ ৰান সংগ্ৰহ কৰিছিল। যিটো এতিয়ালৈকে বিশ্বকাপত দলৰ অধিনায়কৰ সৰ্বোচ্চ ৰান আছিল। দেওবাৰৰ ফাইনেলতো বেটৰ পৰাই ৩১টা বলত ৪৭ ৰান সংগ্ৰহ কৰি ৰোহিতৰ আক্ৰমণাত্মক ইনিংছ। ৪টা চাৰি আৰু ৩টা ছয় মাৰিলে।

আন এক নজিৰ গঢ়ি তুলিছে বেটছমেন ৰোহিতে। বিশ্বকাপত সৰ্বাধিক ছয়ৰ অভিলেখো তেওঁৰ হাতত আছে। এই বিশ্বকাপত ৰোহিতৰ বেটৰ পৰা মুঠ ৩১টা ছয়। ইয়াৰ বাহিৰেও ভাৰতীয় দলৰ অধিনায়কৰ হাতত এটা বিশেষ দলৰ বিৰুদ্ধে সৰ্বাধিক ছয়ৰ অভিলেখ আছে। ভংগ কৰিলে ক্ৰীছ গেইলৰ বিশ্ব অভিলেখ। ইংলেণ্ডৰ বিৰুদ্ধে ইংলেণ্ডে ৮৫টা ছয় কৰিছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এই পৰ্যন্ত মুঠ ৮৬টা ছয় কৰিছে ৰোহিতে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক