--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ শ্ৰেষ্ঠ বেটাৰৰ বিষয়ে চৰ্চা কৰিলে এই তালিকাত শীৰ্ষৰ ফালেই আহিব পাকিস্তানৰ তাৰকা ক্ৰিকেটাৰ তথা অধিনায়ক বাবৰ আজমৰ নাম। কোহলী, ৰুট, স্মিথ, উইলিয়ামচন- এই ‘ফেভ্ ফ'ৰ’-এ বিশ্ব ক্ৰিকেটত দপদপনি তুলি থকাৰ সময়তে দুৰন্ত প্ৰদৰ্শনেৰে এই চাৰি তাৰকাৰ সৈতে নিজৰ নামো অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল বাবৰ আজম। ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে ধাৰাবাহিকভাৱে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই বাবৰে নিজকে সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটাৰ হিচাপে থিয় কৰাইছে। নিজৰ এই দুৰ্দ্দান্ত প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখি বাবৰে আজি আন এক ঈৰ্ষণীয় কৃতিত্ব অৰ্জন কৰিছে। 

ইংলেণ্ডৰ বিৰুদ্ধে চলিত টি-২০ শৃংখলাৰ ষষ্ঠ মেচত আজি বাবৰে ৮৭ ৰানৰ এক যুঁজাৰু ইনিংছ খেলে। এই ইনিংছটোৰে তাৰকাগৰাকীয়ে টি-২০ ক্ৰিকেটত ৩০০০ ৰান সম্পূৰ্ণ কৰে। এই কৃতিত্ব অৰ্জন কৰা বাবৰ হৈছে ক্ৰিকেট বিশ্বৰ পঞ্চমগৰাকী বেটাৰ।  বাবৰৰ পূৰ্বে এই কৃতিত্ব অৰ্জন কৰা আন চাৰিগৰাকী তাৰকা হৈছে ক্ৰমে নিউজিলেণ্ডৰ মাৰ্টিন গুপ্টিল,  ভাৰতৰ ৰোসিত শৰ্মা আৰু বিৰাট কোহলী আৰু আয়াৰলেণ্ডৰ পল ষ্টাৰ্লিং। 

এই মাইলষ্ট’ন স্পৰ্শ কৰাৰ ক্ষেত্ৰত তাৰকাগৰাকীয়ে কোহলীৰ সৈতে যুটীয়াভাৱে দ্ৰুততম বেটাৰ হিচাপে পৰিগণিত হয়। দুয়োগৰাকী তাৰকা বেটাৰে ৮১ টা আন্ত:ৰাষ্ট্ৰীয় টি-২০ ইনিংছত এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। অৱশ্যে বাবৰে শৃংখলাৰ পঞ্চমখন টি-২০ মেচতে কোহলীক অতিক্ৰম কৰাৰ সুযোগ লাভ কৰিছিল যদিও মেচখনত ব্যৰ্থ হোৱাত এই অভিলেখ নিজৰ নামত সন্নিৱিষ্ট কৰাতো বিফল হয়।

উল্লেখ্য যে আজি বাবৰে মাত্ৰ ৫৯ টা বলত সাতটা চাৰি আৰু তিনিটা ছয়ৰ সমাহাৰেৰে  ৮৭ ৰানৰ এটা সুন্দৰ ইনিংছ খেলে। বাবৰৰ এই ইনিংছটোৰ সহায়ত পাকিস্তানে ১৬৯ ৰান সংগ্ৰহ কৰিছিল যদিও ইংলেণ্ডে অপেনাৰ ফিলিপ চল্ট (৪১ বলত ৮৭ ৰান)ৰ বিস্ফোৰক বেটিঙৰ সহায়ত সহজেই এই লক্ষ্য অতিক্ৰম কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু