--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ শ্ৰেষ্ঠ বেটাৰৰ বিষয়ে চৰ্চা কৰিলে এই তালিকাত শীৰ্ষৰ ফালেই আহিব পাকিস্তানৰ তাৰকা ক্ৰিকেটাৰ তথা অধিনায়ক বাবৰ আজমৰ নাম। কোহলী, ৰুট, স্মিথ, উইলিয়ামচন- এই ‘ফেভ্ ফ'ৰ’-এ বিশ্ব ক্ৰিকেটত দপদপনি তুলি থকাৰ সময়তে দুৰন্ত প্ৰদৰ্শনেৰে এই চাৰি তাৰকাৰ সৈতে নিজৰ নামো অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল বাবৰ আজম। ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে ধাৰাবাহিকভাৱে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই বাবৰে নিজকে সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটাৰ হিচাপে থিয় কৰাইছে। নিজৰ এই দুৰ্দ্দান্ত প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখি বাবৰে আজি আন এক ঈৰ্ষণীয় কৃতিত্ব অৰ্জন কৰিছে। 

ইংলেণ্ডৰ বিৰুদ্ধে চলিত টি-২০ শৃংখলাৰ ষষ্ঠ মেচত আজি বাবৰে ৮৭ ৰানৰ এক যুঁজাৰু ইনিংছ খেলে। এই ইনিংছটোৰে তাৰকাগৰাকীয়ে টি-২০ ক্ৰিকেটত ৩০০০ ৰান সম্পূৰ্ণ কৰে। এই কৃতিত্ব অৰ্জন কৰা বাবৰ হৈছে ক্ৰিকেট বিশ্বৰ পঞ্চমগৰাকী বেটাৰ।  বাবৰৰ পূৰ্বে এই কৃতিত্ব অৰ্জন কৰা আন চাৰিগৰাকী তাৰকা হৈছে ক্ৰমে নিউজিলেণ্ডৰ মাৰ্টিন গুপ্টিল,  ভাৰতৰ ৰোসিত শৰ্মা আৰু বিৰাট কোহলী আৰু আয়াৰলেণ্ডৰ পল ষ্টাৰ্লিং। 

এই মাইলষ্ট’ন স্পৰ্শ কৰাৰ ক্ষেত্ৰত তাৰকাগৰাকীয়ে কোহলীৰ সৈতে যুটীয়াভাৱে দ্ৰুততম বেটাৰ হিচাপে পৰিগণিত হয়। দুয়োগৰাকী তাৰকা বেটাৰে ৮১ টা আন্ত:ৰাষ্ট্ৰীয় টি-২০ ইনিংছত এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। অৱশ্যে বাবৰে শৃংখলাৰ পঞ্চমখন টি-২০ মেচতে কোহলীক অতিক্ৰম কৰাৰ সুযোগ লাভ কৰিছিল যদিও মেচখনত ব্যৰ্থ হোৱাত এই অভিলেখ নিজৰ নামত সন্নিৱিষ্ট কৰাতো বিফল হয়।

উল্লেখ্য যে আজি বাবৰে মাত্ৰ ৫৯ টা বলত সাতটা চাৰি আৰু তিনিটা ছয়ৰ সমাহাৰেৰে  ৮৭ ৰানৰ এটা সুন্দৰ ইনিংছ খেলে। বাবৰৰ এই ইনিংছটোৰ সহায়ত পাকিস্তানে ১৬৯ ৰান সংগ্ৰহ কৰিছিল যদিও ইংলেণ্ডে অপেনাৰ ফিলিপ চল্ট (৪১ বলত ৮৭ ৰান)ৰ বিস্ফোৰক বেটিঙৰ সহায়ত সহজেই এই লক্ষ্য অতিক্ৰম কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement