--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ২০১০ চনৰ বিশ্বকাপত ছাকিৰাৰ গান 'ৱাকা ৱাকা'ই ধুমুহাৰ সৃষ্টি কৰিছিল। সকলোৰে মুখত তেতিয়া কেৱল ছাকিৰাই গোৱা গীতটোৱেই আছিল। আজিও গীতটোৰ জনপ্ৰিয়তা কমা নাই। ছাকিৰাই গীতটিৰে  বিশ্বক গৌৰৱান্বিত কৰিছিল। ছাকিৰা হৈছে স্পেনিছ ফুটবলাৰ জেৰাৰ্ড পিকৰ প্ৰাক্তন পত্নী। তেওঁ বিশ্বকাপ ফুটবলৰ উন্মাদনাৰ মাজতে এজন ইৰানী ফুটবলাৰৰ কথা মনত পেলাই এটা বিশেষ টুইট কৰিছে। 
ফাইনেলৰ পিছতো সমগ্ৰ বিশ্ব ফুটবল বিশ্বকাপকলৈ  ব্যস্ত হৈ আছে। সকলোৰে দৃষ্টি লিয়োনেল মেছি আৰু কেলিয়ান এমবাপেৰ দলৰ ওপৰত আছিল। কিন্তু ২০১০ চনৰ বিশ্বকাপৰ 'থীম গান' গোৱা ছাকিৰাই আমিৰ নাছেৰৰ কথাহে মনত পেলাইছে। হিজাব বিৰোধী আন্দোলনত ইৰানী মহিলাসকলক  সমৰ্থন কৰাৰ  বাবে ফুটবলাৰজনক মৃত্যুদণ্ড বিহা হৈছে। মৃত্যুৰ দুৱাৰদলিত   থিয় হৈ থকা নাছেৰৰ নাম ছাকিৰাৰ টুইটত প্ৰকাশ পাইছে।

ছাকিৰাই দেওবাৰে টুইট কৰে, "আজি ফুটবল বিশ্বকাপৰ ফাইনেল। আশা কৰোঁ খেলপথাৰত ফুটবল খেলুৱৈ আৰু সমগ্ৰ বিশ্বই মনত ৰাখিব যে এগৰাকী ফুটবল খেলুৱৈক মহিলাৰ অধিকাৰৰ বিষয়ে কোৱাৰ বাবে মৃত্যুদণ্ড বিহা হৈছে। মই আশা কৰোঁ তেওঁৰ বাবে এক মিনিটৰ মৌনতা পালন কৰা হ'ব। সেই নীৰৱতাৰ বহুতো চিঞৰতকৈ অধিক শক্তি আছে। " অৱশ্যে, ফাইনেল আৰম্ভ হোৱাৰ আগতে কোনো মৌনতা অৱলম্বন কৰা  হোৱা নাছিল।



ইৰাণ চৰকাৰে দেশখনৰ ফুটবলখেলুৱৈ আমিৰ নাছেৰক ফাঁচী দিয়াৰ পৰিকল্পনা কৰিছে। ইৰাণৰ এটা ৱেবছাইটৰ খবৰ অনুসৰি আমিৰ নাছেৰ-আজাদানী আৰু আন দুজন লোকক মৃত্যুদণ্ড বিহিছে। 

ইৰাণৰ যুৱতী মাহছা আমিনীৰ মৃত্যুৰ প্ৰতিবাদত ইৰাণত এতিয়াও হিজাব বিৰোধী প্ৰতিবাদ চলি আছে। আমিৰে তেনে এটা প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল। স্থানীয় লোকৰ সৈতে সংঘৰ্ষত ইৰানী সেনাৰ কৰ্ণেল এছমাইল চেৰাঘি আৰু আন দুজন সৈনিক নিহত হৈছিল। আমিৰক তেওঁলোকৰ  মৃত্যুৰ বাবে দোষী সাব্যস্ত কৰা হৈছে। প্ৰতিবাদস্থলীত আমিৰৰ উপস্থিতিৰ প্ৰমাণ পোৱা গৈছে। স্থানীয় লোকে অৱশ্যে কয় যে আমিৰ শ্ল'গান দিয়াৰ বাহিৰে আন কোনো অপৰাধমূলক কাৰ্যকলাপত জড়িত নাছিল। ইপিনে বহুতে প্ৰশ্ন কৰিছে যে ইৰানৰ মৃত্যু দণ্ডাজ্ঞা প্ৰাপ্ত খেলুৱৈক সমৰ্থন কৰাৰ বাবে ইৰাণৰ চৰকাৰে মৃত্যুদণ্ড বিহিব  নেকি?










FOLLOW US F
POPULAR
FEATURE
TRENDY
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত