--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ২০১০ চনৰ বিশ্বকাপত ছাকিৰাৰ গান 'ৱাকা ৱাকা'ই ধুমুহাৰ সৃষ্টি কৰিছিল। সকলোৰে মুখত তেতিয়া কেৱল ছাকিৰাই গোৱা গীতটোৱেই আছিল। আজিও গীতটোৰ জনপ্ৰিয়তা কমা নাই। ছাকিৰাই গীতটিৰে  বিশ্বক গৌৰৱান্বিত কৰিছিল। ছাকিৰা হৈছে স্পেনিছ ফুটবলাৰ জেৰাৰ্ড পিকৰ প্ৰাক্তন পত্নী। তেওঁ বিশ্বকাপ ফুটবলৰ উন্মাদনাৰ মাজতে এজন ইৰানী ফুটবলাৰৰ কথা মনত পেলাই এটা বিশেষ টুইট কৰিছে। 
ফাইনেলৰ পিছতো সমগ্ৰ বিশ্ব ফুটবল বিশ্বকাপকলৈ  ব্যস্ত হৈ আছে। সকলোৰে দৃষ্টি লিয়োনেল মেছি আৰু কেলিয়ান এমবাপেৰ দলৰ ওপৰত আছিল। কিন্তু ২০১০ চনৰ বিশ্বকাপৰ 'থীম গান' গোৱা ছাকিৰাই আমিৰ নাছেৰৰ কথাহে মনত পেলাইছে। হিজাব বিৰোধী আন্দোলনত ইৰানী মহিলাসকলক  সমৰ্থন কৰাৰ  বাবে ফুটবলাৰজনক মৃত্যুদণ্ড বিহা হৈছে। মৃত্যুৰ দুৱাৰদলিত   থিয় হৈ থকা নাছেৰৰ নাম ছাকিৰাৰ টুইটত প্ৰকাশ পাইছে।

ছাকিৰাই দেওবাৰে টুইট কৰে, "আজি ফুটবল বিশ্বকাপৰ ফাইনেল। আশা কৰোঁ খেলপথাৰত ফুটবল খেলুৱৈ আৰু সমগ্ৰ বিশ্বই মনত ৰাখিব যে এগৰাকী ফুটবল খেলুৱৈক মহিলাৰ অধিকাৰৰ বিষয়ে কোৱাৰ বাবে মৃত্যুদণ্ড বিহা হৈছে। মই আশা কৰোঁ তেওঁৰ বাবে এক মিনিটৰ মৌনতা পালন কৰা হ'ব। সেই নীৰৱতাৰ বহুতো চিঞৰতকৈ অধিক শক্তি আছে। " অৱশ্যে, ফাইনেল আৰম্ভ হোৱাৰ আগতে কোনো মৌনতা অৱলম্বন কৰা  হোৱা নাছিল।



ইৰাণ চৰকাৰে দেশখনৰ ফুটবলখেলুৱৈ আমিৰ নাছেৰক ফাঁচী দিয়াৰ পৰিকল্পনা কৰিছে। ইৰাণৰ এটা ৱেবছাইটৰ খবৰ অনুসৰি আমিৰ নাছেৰ-আজাদানী আৰু আন দুজন লোকক মৃত্যুদণ্ড বিহিছে। 

ইৰাণৰ যুৱতী মাহছা আমিনীৰ মৃত্যুৰ প্ৰতিবাদত ইৰাণত এতিয়াও হিজাব বিৰোধী প্ৰতিবাদ চলি আছে। আমিৰে তেনে এটা প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল। স্থানীয় লোকৰ সৈতে সংঘৰ্ষত ইৰানী সেনাৰ কৰ্ণেল এছমাইল চেৰাঘি আৰু আন দুজন সৈনিক নিহত হৈছিল। আমিৰক তেওঁলোকৰ  মৃত্যুৰ বাবে দোষী সাব্যস্ত কৰা হৈছে। প্ৰতিবাদস্থলীত আমিৰৰ উপস্থিতিৰ প্ৰমাণ পোৱা গৈছে। স্থানীয় লোকে অৱশ্যে কয় যে আমিৰ শ্ল'গান দিয়াৰ বাহিৰে আন কোনো অপৰাধমূলক কাৰ্যকলাপত জড়িত নাছিল। ইপিনে বহুতে প্ৰশ্ন কৰিছে যে ইৰানৰ মৃত্যু দণ্ডাজ্ঞা প্ৰাপ্ত খেলুৱৈক সমৰ্থন কৰাৰ বাবে ইৰাণৰ চৰকাৰে মৃত্যুদণ্ড বিহিব  নেকি?










FOLLOW US F
POPULAR
FEATURE
TRENDY
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’