--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত ফৰাচী ফুটবলাৰ অলিভিয়েৰ জিহুৱে  ভংগ কৰিলে  অনৰিৰ অভিলেখ৷ বিশ্বকাপৰ প্ৰাক-কোৱাৰ্টাৰ ফাইনেলত তেওঁ পোলেণ্ডৰ বিৰুদ্ধে এটা গ'ল দি থিয়েৰী অনৰীৰ অভিলেখ ভংগ কৰিছে৷ জিহুৱে পোলেণ্ডৰ বিৰুদ্ধে ফ্ৰান্সৰ প্ৰথমটো গ'ল কৰিছিল।  

গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে গ'ল দি বিশ্বকাপত আটাইতকৈ বেছি  গ'ল কৰা ফুটবলাৰ হিচাপে জিহু পৰিগণিত হয়। ইয়াৰ পূৰ্বে  থিয়েৰী অনৰিয়ে সেই  অভিলেখৰ গৰাকী আছিল৷ থিয়েৰী অনৰিয়ে ৫১ টা গ'ল কৰিছে। কিন্তু  জিহুৱে এতিয়ালৈকে ফ্ৰান্সৰ হৈ ৫২ টা গ'ল কৰিছে। ফ্ৰান্সে পোলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। অৰ্থাৎ জিহুৰ গ’লৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে।

পোলেণ্ডৰ বিৰুদ্ধে প্ৰথমাৰ্ধৰ বিৰতিৰ ঠিক আগতে ফ্ৰান্সে জিহুৰ গ'লৰ জড়িয়তে  আগবাঢ়ি গৈছিল। এমবাপেয়ে বক্সত জিহুক বলটো দিছিল। জিহুৱে বাওঁ ভৰিৰ যাদুৰে  গ'লটো কৰে। ফ্ৰান্সে এই বিশ্বকাপত বিশ্ব চেম্পিয়নৰ দৰে খেলি আছে। ডিডিয়াৰ ডেচচেম্পৰ দলটোৱে পোলেণ্ডৰ বিৰুদ্ধে ৩-১ গ'লৰ ব্যৱধানত  জয়েৰে কোৱাৰ্টাৰ ফাইনেলত উপনীত হয়। জিহুৰ উপৰিও কেলিয়ান এমবাপেয়ে ফ্ৰান্সৰ হৈ বাকী দুটা গ'ল কৰে। তেওঁ ৭৪ মিনিটত প্ৰথমটো গ'ল কৰিছিল। 

এমবাপেয়ে খেলৰ অতিৰিক্ত সময়ত আন এটা গ'ল কৰিছিল। থুৰামৰ পৰা পাছ পোৱাৰ পিছত এমবাপে বল নিয়ন্ত্ৰণ কৰি বক্সত প্ৰৱেশ কৰিছিল। তাৰ পিছত তেওঁ সোঁ ভৰিৰে বক্ৰ শ্বটেৰে বলটো নেটত প্ৰৱেশ কৰোৱাবলৈ সক্ষম হয়। এইবাৰ এমবাপেয়ে বিশ্বকাপত ৫ টা গ'ল কৰিছে। সোণৰ বুটৰ দৌৰত তেওঁ প্ৰথম স্থানত আছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক