--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সুস্থ আৰু শক্তিশালী হৈ আছে ফুটবলৰ ৰজা পেলে। শেহতীয়াকৈ কিংম্বদন্তি তাৰকাগৰাকীৰ শাৰিৰীক অৱস্থাৰ অৱনতিক লৈ উদ্বেগ বিয়পি পৰিছিল।

শনিবাৰে চিকিৎসকসকলে জনাইছিল যে পেলেৰ শাৰীৰিক অৱস্থা অতি সংকটজনক। ‘পেলিয়াটিভ কেয়াৰ’ত ৰখা হৈছে তিনি বাৰৰ বিশ্বজয়ী ব্ৰাজিলীয়ান তাৰকাগৰাকীক। তাৰ পাছতে বিশ্বজুৰি পেলেৰ আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা কৰা হৈছিল।

কিন্তু অনুৰাগীসকলৰ এই উদ্বেগক শাম কটাবলৈ পেলেই নিজেই নিজৰ শাৰিৰীক অৱস্থাৰ বিষয়ে আশ্বস্তবাণী প্ৰেৰণ কৰিছে। সামাজিক মাধ্যমযোগে এটা প’ষ্টত পেলেই লিখে- “বন্ধুসকল, সকলোৰে ভাল হওক। মই শক্তিশালী আৰু আশাবাদী হৈয়ে আছো।”

“যথাযথভাৱেই প্ৰয়োজনীয় চিকিৎসা চলি আছে। মই সকলো চিকিৎসক আৰু নাৰ্চক ধন্যবাদ জনাব বিচাৰো। তেওঁলোকে মোৰ অত্যন্ত যত্ন লৈছে।”- পেলেই লিখে।

 “ঈশ্বৰৰ ওপৰত মোৰ প্ৰচুৰ আস্থা আছে। সমগ্ৰ বিশ্বৰ জনগণৰ ভালপোৱাই মোৰ প্ৰাণশক্তি ভৰপুৰ কৰি ৰাখিছে।”- পেলেই লিখে।

নিজৰ প’ষ্টটোত তেওঁ চলিত কাটাৰ বিশ্বকাপৰ কথাও উল্লেখ কৰে। লিখে যে বিশ্বকাপত ব্ৰাজিল বিজয়ী হোৱালৈ তেওঁ বাট চাই আছে।

উল্লেখ্য যে চাও পাওলোৰ এলবাৰ্ট আইনষ্টাইন হস্পিতালত ৰখা হৈছে পেলেক। হাওঁফাওঁত সংক্ৰমণ ঘটিছে ৮২ বৰ্ষীয় ফুটবলাৰগৰাকীৰ। যোৱা মঙলবাৰে হস্পিতালত ভৰ্তি কৰোৱা হৈছিল। এতিয়া হস্পিতালৰ তৰফৰ পৰাও কোৱা হৈছে ফুটবলাৰগৰাকীৰ শাৰিৰীক অৱস্থা বৰ্তমান স্থিতিশীল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক