--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিস্ময়জনক প্ৰদৰ্শনেৰে বিশ্বকাপত উজ্বলি উঠিছে কিলিয়ান এমবাপে। দেওবাৰে পোলেণ্ডৰ বিৰুদ্ধে নকআউট মেচখনত দুটাকৈ গ’ল দিয়ে ফ্ৰান্সৰ বিশ্বজয়ী তাৰকাগৰাকীয়ে। এতিয়ালৈকে মুঠ পাঁচটাকৈ গ’ল কৰিবলৈ সক্ষম হৈছে তেওঁ।

বিশ্বকাপত সকলো ষ্ট্ৰাইকাৰৰে গ’ল কৰাটো এটা সপোন। এমবাপেই চলিত বিশ্বকাপত স্বৰ্গৰাজ্যত বাস কৰা বুলিব পাৰি। কিন্তু গ’ল কৰাটোৱেই এমবাপেই প্ৰধান লক্ষ্য নহয়। এই বিষয়ে সাংবাদিকক তেওঁ বিস্তাৰিতভাৱে জনায়।

''মোৰ এটাই সপোন। বিশ্বকাপ জিকিবলৈকে কাটাৰলৈ আহিছো। সোণৰ বল অথবা সোণৰ বুট জিকিবলৈ অহা নাই। ইয়াৰ কোনোবা এটা পালে অৱশ্যেই ভাল লাগিব। যদিও এইসমূহ মোৰ লক্ষ্য নহয়। মই বিজয়ী হ’বলৈ আহিছো। দলক সহায় কৰিবলৈ আহিছো।’’- এমবাপেই কয়।

''এই প্ৰতিযোগিতাখনৰ বাবে ব্যাপক প্ৰসত্তুতি চলাই আছো। নিজকে শাৰীৰিক আৰু মানসিকভাৱে সাজু কৰিছো। এই প্ৰতিযোগিতাৰ বাবে নিজকে সকলোভাৱে প্ৰস্তুত কৰিবলৈ চাইছিলো। আৰু কৰিছোও।’’- এমবাপেই কয়।

উল্লেখ্য যে দেওবাৰে পোলেণ্ডৰ বিৰুদ্ধে দুটাকৈ গ’ল কৰি আন এক নজৰ গঢ়িলে ২৪ বয়সীয়া এমবাপেই। দুখনকৈ বিশ্বকাপত তেওঁ ৯টাকৈ গ’ল কৰিছে। ২০১৮ চনৰ বিশ্বকাপত ৪ টাকৈ গ’ল কৰিছিল তাৰকাগৰাকীয়ে। এই কৃতিত্ব আন কাৰোৰে নাই।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক