--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত ৰবিচন্দ্ৰন অশ্বিনে মাত্ৰ এখন খেল খেলিলে। চেন্নাইত অনুষ্ঠিত বিশ্বকাপৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম একাদশত আছিল অশ্বিন। কিন্তু পৰৱৰ্তী ১০খন মেচত তেওঁ আৰু সুযোগ নাপালে। বিশ্বকাপ শেষ হোৱাৰ চাৰিদিন পিছতে ভাৰতীয় স্পিনাৰগৰাকীয়ে সতীৰ্থৰ বাবেই ভাৰতীয় দলত সুযোগ নাপালে বুলি কয়।

এটা ইউটিউব ভিডিঅ’ত অশ্বিনে কয়, “মই কেতিয়াও ভবা নাছিলো যে মোৰ বিশ্বকাপ চেন্নাইত মাত্ৰ এখন মেচতে শেষ হ’ব। মই ভালকৈয়ে বল কৰি আছিলো। কিন্তু তাৰ পিছত খেলিব নোৱাৰাত মই হতাশ অনুভৱ কৰিছো।’’

চলিত বিশ্বকাপৰ আৰম্ভণিতে অশ্বিনক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। কিন্তু বিশ্বকাপৰ পূৰ্বে এছিয়া কাপৰ সময়ত অক্ষৰ পেটেল আঘাতপ্ৰাপ্ত হৈছিল। ফলত অশ্বিনক বিশ্বকাপৰ আগত লৈ যোৱা হ’ল। অশ্বিনেও ঘৰুৱা ক্ষেত্ৰত প্ৰথমখন মেচ খেলিছিল। কিন্তু তাৰ পিছৰ পৰা তেওঁক লোৱা হোৱা নাছিল।

ফাইনেলত আহমেদাবাদৰ লেহেমীয়া উইকেটত তেওঁক খেলিবলৈ দাবী উত্থাপন হৈছিল। কিন্তু সেই মেচতো তেওঁক লোৱা হোৱা নাছিল। সুযোগ নোপোৱাৰ পিছত তেওঁ কিমান হতাশ হৈছিল সেই কথা প্ৰকাশ কৰে অশ্বিনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত দুর্লভ প্ৰজাতিৰ মাছ অৱিষ্কাৰ
বিজেপিৰে একত্ৰীকৰণ আপৰ পদত্যাগী ৭ সাংসদক
’২৫ চনত বিশ্বৰ সামৰিক ব্যয় ২.৯% বৃদ্ধি
শিক্ষা বিভাগৰ সমৱেশৰ ঠিকাত গুৰুতৰ অনিয়মৰ অভিযোগ,৭০% পলিয়েষ্টাৰৰ ইউনিফর্মে গৰমত দহিব কণ কণ শিক্ষার্থীক
ধনৰ অভাৱত বাতিল নিবিদা; ২৮ এপ্রিলত ১০০০ কোটিৰ ঋণ ল’ব অসম চৰকাৰে
আমেৰিকা-ইৰানৰ যুদ্ধক লৈ ৰাষ্ট্ৰসংঘৰ আশংকা; দাৰিদ্র্য সীমাৰেখাৰ তললৈ যাব বিশ্বৰ ৩ কোটি লোক
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ