--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত ৰবিচন্দ্ৰন অশ্বিনে মাত্ৰ এখন খেল খেলিলে। চেন্নাইত অনুষ্ঠিত বিশ্বকাপৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম একাদশত আছিল অশ্বিন। কিন্তু পৰৱৰ্তী ১০খন মেচত তেওঁ আৰু সুযোগ নাপালে। বিশ্বকাপ শেষ হোৱাৰ চাৰিদিন পিছতে ভাৰতীয় স্পিনাৰগৰাকীয়ে সতীৰ্থৰ বাবেই ভাৰতীয় দলত সুযোগ নাপালে বুলি কয়।

এটা ইউটিউব ভিডিঅ’ত অশ্বিনে কয়, “মই কেতিয়াও ভবা নাছিলো যে মোৰ বিশ্বকাপ চেন্নাইত মাত্ৰ এখন মেচতে শেষ হ’ব। মই ভালকৈয়ে বল কৰি আছিলো। কিন্তু তাৰ পিছত খেলিব নোৱাৰাত মই হতাশ অনুভৱ কৰিছো।’’

চলিত বিশ্বকাপৰ আৰম্ভণিতে অশ্বিনক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। কিন্তু বিশ্বকাপৰ পূৰ্বে এছিয়া কাপৰ সময়ত অক্ষৰ পেটেল আঘাতপ্ৰাপ্ত হৈছিল। ফলত অশ্বিনক বিশ্বকাপৰ আগত লৈ যোৱা হ’ল। অশ্বিনেও ঘৰুৱা ক্ষেত্ৰত প্ৰথমখন মেচ খেলিছিল। কিন্তু তাৰ পিছৰ পৰা তেওঁক লোৱা হোৱা নাছিল।

ফাইনেলত আহমেদাবাদৰ লেহেমীয়া উইকেটত তেওঁক খেলিবলৈ দাবী উত্থাপন হৈছিল। কিন্তু সেই মেচতো তেওঁক লোৱা হোৱা নাছিল। সুযোগ নোপোৱাৰ পিছত তেওঁ কিমান হতাশ হৈছিল সেই কথা প্ৰকাশ কৰে অশ্বিনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক