--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৪ বছৰীয়া মায়ংক চক্ৰৱৰ্তীয়ে আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ খিতাপ অৰ্জন কৰে। এই আকাংক্ষিত খিতাপ অৰ্জন কৰা শ্বাহিল দেৰ পিছত তেওঁ অসমৰ দ্বিতীয় খেলুৱৈ। বিশ্ব যুৱ চেম্পিয়নশ্বিপ ২০২৩ চনৰ ১৮ বছৰ অনুৰ্ধৰ দশম ৰাউণ্ডত মাৰ্ক বাকোজোক পৰাস্ত কৰি মায়ংক চক্ৰৱৰ্তীয়ে ইলোৰ ২৪০০ থ্ৰেছহ’ল্ড অতিক্ৰম কৰে।

২০২৩ চনৰ ১ জুনৰ পৰা ৯ জুনলৈ নাগপুৰত অনুষ্ঠিত হোৱা ২য় মহাৰাষ্ট্ৰ জি এম অ’পেন ২০২৩ত মায়ংকৰ প্ৰথম আই এম নৰ্ম আহিছিল। দ্বিতীয়টো আই এম নৰ্ম আহিছিল ১২ জুলাইৰ পৰা ২০ জুলাইলৈ কিৰ্গিস্তানৰ কোৰুমডুৰ ইছিকুল অঞ্চলত অনুষ্ঠিত হোৱা ইছিকুল অ’পেন ২০২৩ত। কাটাৰৰ লুছাইলত ১১ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ অনুষ্ঠিত হোৱা কাটাৰ মাষ্টাৰছ ২০২৩ত তেওঁ চূড়ান্ত আই এম নৰ্ম লাভ কৰে। কিন্তু তেওঁৰ ৰেটিংৰ প্ৰয়োজনীয়তা ২৪০০ ইলো সম্পূৰ্ণ কৰিবলৈ অপেক্ষা কৰিবলগীয়া হ’ল। ইটালীৰ মণ্টেচিলভানোত ১৩ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ অনুষ্ঠিত হোৱা বিশ্ব যুৱ চেম্পিয়নশ্বিপ ২০২৩ৰ দশম ৰাউণ্ডত মাৰ্ক বাকোজোক পৰাস্ত কৰি তেওঁ ২৪০০ ফিড ৰেটিং পইণ্ট লাভ কৰে।

সদৌ অসম দবা সন্থাৰ সভাপতি কন্দৰ্প কলিতা ডাঙৰীয়া। সদৌ অসম দবা সন্থাৰ সাধাৰণ সম্পাদক ৰাজীব ধৰ ডাঙৰীয়া, গুৱাহাটী দবা সন্থাৰ সভাপতি ড° ছিবেন দত্ত, গুৱাহাটী দবা একাডেমীৰ মুখ্য প্ৰশিক্ষক প্ৰণৱ কুমাৰ নাথ ডাঙৰীয়াই মায়ংকক তেওঁৰ অসাধাৰণ কৃতিত্বৰ বাবে অভিনন্দন জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক