--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৪ বছৰীয়া মায়ংক চক্ৰৱৰ্তীয়ে আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ খিতাপ অৰ্জন কৰে। এই আকাংক্ষিত খিতাপ অৰ্জন কৰা শ্বাহিল দেৰ পিছত তেওঁ অসমৰ দ্বিতীয় খেলুৱৈ। বিশ্ব যুৱ চেম্পিয়নশ্বিপ ২০২৩ চনৰ ১৮ বছৰ অনুৰ্ধৰ দশম ৰাউণ্ডত মাৰ্ক বাকোজোক পৰাস্ত কৰি মায়ংক চক্ৰৱৰ্তীয়ে ইলোৰ ২৪০০ থ্ৰেছহ’ল্ড অতিক্ৰম কৰে।

২০২৩ চনৰ ১ জুনৰ পৰা ৯ জুনলৈ নাগপুৰত অনুষ্ঠিত হোৱা ২য় মহাৰাষ্ট্ৰ জি এম অ’পেন ২০২৩ত মায়ংকৰ প্ৰথম আই এম নৰ্ম আহিছিল। দ্বিতীয়টো আই এম নৰ্ম আহিছিল ১২ জুলাইৰ পৰা ২০ জুলাইলৈ কিৰ্গিস্তানৰ কোৰুমডুৰ ইছিকুল অঞ্চলত অনুষ্ঠিত হোৱা ইছিকুল অ’পেন ২০২৩ত। কাটাৰৰ লুছাইলত ১১ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ অনুষ্ঠিত হোৱা কাটাৰ মাষ্টাৰছ ২০২৩ত তেওঁ চূড়ান্ত আই এম নৰ্ম লাভ কৰে। কিন্তু তেওঁৰ ৰেটিংৰ প্ৰয়োজনীয়তা ২৪০০ ইলো সম্পূৰ্ণ কৰিবলৈ অপেক্ষা কৰিবলগীয়া হ’ল। ইটালীৰ মণ্টেচিলভানোত ১৩ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ অনুষ্ঠিত হোৱা বিশ্ব যুৱ চেম্পিয়নশ্বিপ ২০২৩ৰ দশম ৰাউণ্ডত মাৰ্ক বাকোজোক পৰাস্ত কৰি তেওঁ ২৪০০ ফিড ৰেটিং পইণ্ট লাভ কৰে।

সদৌ অসম দবা সন্থাৰ সভাপতি কন্দৰ্প কলিতা ডাঙৰীয়া। সদৌ অসম দবা সন্থাৰ সাধাৰণ সম্পাদক ৰাজীব ধৰ ডাঙৰীয়া, গুৱাহাটী দবা সন্থাৰ সভাপতি ড° ছিবেন দত্ত, গুৱাহাটী দবা একাডেমীৰ মুখ্য প্ৰশিক্ষক প্ৰণৱ কুমাৰ নাথ ডাঙৰীয়াই মায়ংকক তেওঁৰ অসাধাৰণ কৃতিত্বৰ বাবে অভিনন্দন জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক