--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক কেভিন পিটাৰছেনে ভাৰতে বিশ্বকাপ জয় কৰিব বুলি বাজি ধৰিছিল। কিন্তু ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত ভাৰত পৰাস্ত হোৱাৰ লগে লগে তেওঁ বাজিত পৰাস্ত হয়।

লিজেণ্ডছ লীগ ক্ৰিকেট খেলিবলৈ ভাৰতলৈ আহি পিটাৰছেনে কয়, ‘মোৰ বাজি আছিল ভাৰতৰ সপক্ষে। গোটেই প্ৰতিযোগিতাখনত তেওঁলোকে যি ধৰণে খেলিছিল মই ভাবিছিলো যে তেওঁলোকে ফাইনেলত জয়ী হ’ব। কিন্তু ফাইনেলত অষ্ট্ৰেলিয়াৰ দৰে দলৰ বিৰুদ্ধে ফাইনেল সহজ নহয়। তেওঁলোক অতি কঠোৰ প্ৰতিদ্বন্দ্বী। ফাইনেলত পৰাজিত ভাৰত। লগতে মই বাজিটো হেৰুৱালোঁ।’

কেৱল ভাৰতৰ পৰাজয়ৰ বাবেই নহয়, সমগ্ৰ প্ৰতিযোগিতাখনত ইংলেণ্ডৰ প্ৰদৰ্শনত হতাশ হৈ পৰিছে পিটাৰছন। তেওঁ কয়, ''ইংলেণ্ডে বৰ বেয়া খেল খেলিছিল। ইংলেণ্ডে ইমান বেয়া খেলা মই কেতিয়াও দেখা নাই।’’

বিশ্বকাপৰ সমগ্ৰ ৰাউণ্ড ৰবিন পৰ্যায়ত ঘৰুৱা মাটিত ভাল খেলিছিল ভাৰতে। প্ৰথমখন খেলত ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰে। ইয়াৰ পিছত একেৰাহে ৮খন মেচত জয়লাভ কৰি ৰোহিত শৰ্মাই ছেমি ফাইনেলত প্ৰৱেশ কৰে। ছেমি ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধেও ডাঙৰ জয় লাভ কৰে ভাৰতে। সেইবাবেই সকলোৱে ভাৰতক ফাইনেলত জয়ী হোৱাৰ ডাঙৰ প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰিছিল। কিন্তু ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হয় ৰোহিত। আকৌ এবাৰ ভাৰতৰ বিশ্বকাপ জয়ৰ সপোন শেষ পৰ্যায়ত অন্ত পৰিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement