--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক কেভিন পিটাৰছেনে ভাৰতে বিশ্বকাপ জয় কৰিব বুলি বাজি ধৰিছিল। কিন্তু ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত ভাৰত পৰাস্ত হোৱাৰ লগে লগে তেওঁ বাজিত পৰাস্ত হয়।

লিজেণ্ডছ লীগ ক্ৰিকেট খেলিবলৈ ভাৰতলৈ আহি পিটাৰছেনে কয়, ‘মোৰ বাজি আছিল ভাৰতৰ সপক্ষে। গোটেই প্ৰতিযোগিতাখনত তেওঁলোকে যি ধৰণে খেলিছিল মই ভাবিছিলো যে তেওঁলোকে ফাইনেলত জয়ী হ’ব। কিন্তু ফাইনেলত অষ্ট্ৰেলিয়াৰ দৰে দলৰ বিৰুদ্ধে ফাইনেল সহজ নহয়। তেওঁলোক অতি কঠোৰ প্ৰতিদ্বন্দ্বী। ফাইনেলত পৰাজিত ভাৰত। লগতে মই বাজিটো হেৰুৱালোঁ।’

কেৱল ভাৰতৰ পৰাজয়ৰ বাবেই নহয়, সমগ্ৰ প্ৰতিযোগিতাখনত ইংলেণ্ডৰ প্ৰদৰ্শনত হতাশ হৈ পৰিছে পিটাৰছন। তেওঁ কয়, ''ইংলেণ্ডে বৰ বেয়া খেল খেলিছিল। ইংলেণ্ডে ইমান বেয়া খেলা মই কেতিয়াও দেখা নাই।’’

বিশ্বকাপৰ সমগ্ৰ ৰাউণ্ড ৰবিন পৰ্যায়ত ঘৰুৱা মাটিত ভাল খেলিছিল ভাৰতে। প্ৰথমখন খেলত ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰে। ইয়াৰ পিছত একেৰাহে ৮খন মেচত জয়লাভ কৰি ৰোহিত শৰ্মাই ছেমি ফাইনেলত প্ৰৱেশ কৰে। ছেমি ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধেও ডাঙৰ জয় লাভ কৰে ভাৰতে। সেইবাবেই সকলোৱে ভাৰতক ফাইনেলত জয়ী হোৱাৰ ডাঙৰ প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰিছিল। কিন্তু ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হয় ৰোহিত। আকৌ এবাৰ ভাৰতৰ বিশ্বকাপ জয়ৰ সপোন শেষ পৰ্যায়ত অন্ত পৰিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক